Logo
image

উক্তি-বক্ৰোক্তি

বিহাৰকে ধৰি একাধিক ৰাজ্যত এনডিএ অতি শক্তিশালী হৈ পৰা দেখি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত অভ্যস্ত কিছুমান আতংকিত হৈ পৰিছে৷ সেই আতংকত পৰি তেওঁলোকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি ৰাজ্যসভাৰ জৰিয়তে ক্ষমতা কুক্ষিগত কৰি ৰখাৰ চেষ্টাত ব্ৰতী হৈছে৷ তেওঁলোকে বুজিছে, লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে জনসাধাৰণে সমৰ্থন নকৰিব৷ সেয়ে কোনোমতে ৰাজ্যসভাত আহি সোমাইছে৷ 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পৰীক্ষা চলি আছে, অসমত বহুদিনৰ পাছত ভাল পৰিৱেশ ঘুৰি আহিছে৷ কোনেও আন্দোলনৰ পৰিৱেশ সৃষ্টি নকৰিব৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰী মোদীজী, আপুনি আগতেও বিহাৰলৈ আহিছে৷ আপুনি পূৰ্বে আহোতেই মই গাইব হৈ গৈছিলোঁ৷ এতিয়া মই পুনৰ আপোনাৰ কাষলৈ আহিলোঁ৷ এইবাৰৰ পৰা মই আপোনাক এৰি ক’লৈকো নাযাও, সেয়া খাটাং৷
– বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰ

কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মাৰ দৰে বহু মক্কেল আছে৷ দুই এজনৰ বাদে সকলোৱে বিজেপিলৈ আহিব বিচাৰে৷
– মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

কালি জামনগৰত কৰা মোৰ প্ৰদৰ্শন শ্ৰেষ্ঠতম আছিল৷ আকৌ এবাৰ ভাৰতলৈ আহিবলৈ মই উদ্‌গ্ৰীৱ হৈ আছোঁ, বেবী৷ মই ভাৰতক ভাল পাও৷ 
– পপ তাৰকা ৰিহানা

আমি ভক্তিৰে ৰামৰ নাম লওঁ৷ তেওঁলোকে ঘৃণাৰে ৰামৰ নাম লয়৷ আমাৰ কাৰণে ভগৱান ৰাম ভক্তি আৰু আস্থা৷ বিজেপিৰ কাৰণে ভগৱান ৰাম ভোটৰ অস্ত্ৰ৷ 
– সাংসদ গৌৰৱ গগৈ

মই বিজেপিৰ সভাপতি জেপি নড্ডাক অনুৰোধ জনাইছোঁ, মোক যাতে ৰাজনৈতিক কাৰ্যকলাপৰ পৰা মুক্ত কৰি দিয়ে৷ বিগত দিনত মোক সাংসদ হিচাপে দেশক সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ এতিয়াৰ পৰা মই পুনৰ ক্ৰিকেটৰ দায়িত্ব পালন কৰিম৷ 
– সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ

মই চৰ্ত দি ৰাজনীতি কৰা মানুহ নহয়৷ পদবীৰ প্ৰতি মোৰ কোনো লালসা নাই৷ কংগ্ৰেছত থাকোতে হিয়া উজাৰি কাম কৰিছিলোঁ৷ বিজেপিতো একে উদ্যমেৰে কাম কৰিম৷ 
– কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা ৰাণা গোস্বামী

উত্তৰ কাশীৰ খনি শ্ৰমিকক সুৰংগৰ পৰা উদ্ধাৰ কৰি সমগ্ৰ  দেশৰে নায়কত পৰিণত হোৱা ৱাকিল হাছান আৰু তেনে দৰিদ্ৰৰ ঘৰ ভাঙি গুৰি কৰাটো বিজেপিৰ বাবে তেনেই সহজ কথা৷ মুখেৰে তেওঁলোকে অমৃত কাল বুলি ক’লেও প্ৰকৃততে বিজেপিয়ে কৰি থকা কাম দেখিলে এয়া অন্যায় কাল বুলি ক’ব পাৰি৷ 
– কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

‘কা’ আমি নামানো৷ ‘কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ লগতে আইনী যুঁজো চলিব৷
– সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
 
সন্দেশখালিৰ পৰা গ্ৰেপ্তাৰ কৰা তৃণমূলৰ মাফিয়া শ্বেখ শ্বাহজাহানক এতিয়া মমতা বেনাৰ্জীৰ চিআইডিয়ে তেওঁলোকৰ জিম্মাত মাটন, পোলাও আৰু বিৰিয়ানী খুৱাব৷ 
– কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী