Logo
image

সন্ধিয়া ৬ বজাত কাৰ্যালয় এৰক! ৭.৩০ বজাত হ’ব বিদ্যুৎ কৰ্তন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ মাৰ্চঃ ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহে কোটি কোটি টকা বিদ্যুৎ বিল পৰিশোধ নকৰাত আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে এপিডিচিএলে৷ চৰকাৰী কৰ্মচাৰীক বিদ্যুতৰ অপচয় ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ আহ্বান জনায়ো এতিয়া যেন হাত দাঙি দিলে৷ বিদ্যুতৰ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে এইবাৰ অভিনৱ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সময় বিয়লি ৬ বজালৈ যদিও কামৰ তাগিদাত বহু কৰ্মচাৰীয়ে নিশা ৮-৯ বজা পৰ্যন্ত কাৰ্যালয়ত সেৱা আগবঢ়োৱাও দেখা যায়৷ কিন্তু নিশা দেৰিলৈ একাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত থকাত স্বাভাৱিকতেই বিদ্যুৎ ব্যয় বৃদ্ধি পায়৷ বিদ্যুতৰ বিল ৰাহি কৰাৰ স্বাৰ্থতেই এতিয়াৰে পৰা কৰ্মচাৰীক সন্ধিয়া ৬ বজাত কাৰ্যালয় এৰিবলৈ নিৰ্দেশ দি ৰাজ্যৰ ২৩২টা চৰকাৰী কাৰ্যালয়ত নিশা ৭.৩০ বজাৰৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ সংযোগ কৰ্তন হোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

শনিবাৰে গুৱাহাটীৰ গণেশগুৰিত ১১২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কৰ ভৱনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ ৰাহি কৰাৰ এই পৰিকল্পনাৰ কথা ঘোষণা কৰে৷ এই উপলক্ষে অয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘গ্ৰীণ বিল্ডিং নিৰ্মাণৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে৷ যিকোনো অট্টালিকা এটা নিৰ্মাণৰ সময়ত লোকনিৰ্মাণ বিভাগে কিদৰে বিদ্যুৎ ৰেহাই কৰিব লাগে সেই দিশতো গুৰুত্ব দিব লাগিব৷ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে পৃথিৱীখনক জীয়াই ৰাখিব লাগিব৷ অট্টালিকা নিৰ্মাণৰ সময়ত সৌৰশক্তিৰ ব্যৱহাৰ কৰিব পৰাকৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংকল্প লৈছে যে অহা তিনি বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো কাৰ্যালয় সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল হ’ব আৰু পৰিৱেশ অক্ষুণ্ণ ৰখাৰ দিশত ই এক সফল পদক্ষেপ হ’ব৷’ মুখ্যমন্ত্ৰীয়ে লগতে বিদ্যুতৰ হিচাপ পৰীক্ষা ফাৰ্ম গঠন কৰি জৰুৰীকালীন সেৱাৰ কাৰ্যালয়সমূহৰ বাদে বাকী কাযাৰ্লয়সমূহত স্বয়ংক্ৰিয় বিদ্যুৎ সংযোগ ব্যৱস্থা প্ৰয়োগ কৰা হ’ব বুলি মন্তব্য কৰি কয়–বাজেটৰ সময় নহ’লে, ৬ বজাৰ পাছত চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ত থকাৰ কোনো অৰ্থ নাই৷ বাজেট যদি আছে, তেনেহ’লে থাকিব লাগে৷ নহ’লে ৬ বজাৰ পাছত কাৰ্যালয়ত থকাতকৈ ঘৰত গৈ পৰিয়ালৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে৷ মই আন মুখ্যমন্ত্ৰীৰ দৰে ক’ব নিবিচাৰো যে নিশা ৯ টালৈ কাম কৰক, ১০ টা বজালৈ কাম কৰক৷ কামটো নহয়, আড্ডাহে হয়৷ আমাৰ ইলেকট্ৰনিক ফাইল সকলোৰে আছে৷ যাৰ কাম কৰিবলগীয়া থাকে ৰাতি ঘৰত গৈ কৰিব লাগে৷ ৰাতি বেছি দেৰিলৈ থকাতকৈ পুৱা এঘণ্টা আগত আহক৷ দুপৰীয়া আহাৰ বিৰতিৰ সময়তো কাম কৰক৷ মই ইলেকট্ৰিচিটী ব’ৰ্ডক কৈছো যে আমাৰ অফিচ বিলাকত নিশা ৭.৩০ বজাৰ পাছত ইলেকট্ৰিচিটী স্বয়ংক্ৰিয়ভাৱে বন্ধ কৰিব লাগে৷ আমিটো কৈ কৈ নোৱাৰিলো, লাইট বন্ধ কৰক বুলি কৈ৷ ৭.৩০ বজাৰ পাছত যিয়ে কাম কৰিব ইনভাৰ্টাৰৰ সহায়ত কাম কৰিব৷ আমি সিদ্ধান্ত লৈছো, চিকিৎসালয় আৰু জৰুৰীকালীন বিভাগক বাদ দি বাকী ২৩২ টা কাৰ্যালয়ত ৭.৩০ বজাৰ পাছত বিদ্যুৎ সংযোগত স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰি দিয়া হ’ব৷ ইলেকট্ৰিচিটী ব’ৰ্ডে নিজেই কাটি দিব৷ সকলো বিল্ডিংতে সৌৰশক্তিৰ ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে৷ ৰাজ্যৰ প্ৰতিটো কাৰ্যালয় নিৰ্মাণ কৰোতে যাতে কাযাৰ্লয়সমূহত সৌৰশক্তি আৰু জীৱাশ্ম ইন্ধনৰ জৰিয়তে বিদ্যুৎ ব্যৱহাৰ কৰিব পাৰে সেই দিশত লোকনিৰ্মাণ বিভাগে গুৰুত্ব দিব লাগে৷ অসমক আগুৱাই নিবলৈ আবেগিকভাৱেই নহয়, হৃদয়ৰ পৰা ভাল পাব লাগিব৷ কেৱল এজন ব্যক্তিৰ সপোনে ৰাজ্য এখনৰ পৰিৱৰ্তন সাধন কৰিব নোৱাৰে, ই হ’ব লাগিব এক সামুহিক প্ৰয়াস৷ মহাত্মা গান্ধীয়ে স্বাধীনতাৰ যি সপোন দেখিছিল এটা সময়ত সেয়া দেশবাসীৰ সপোন হৈ পৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে এখন আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষৰ সপোন দেখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেয়া এতিয়া দেশবাসীৰ সপোন হৈ পৰিছে৷ যেতিয়া আমাৰ সামগ্ৰিক চেতনাত ৰাজ্যখনক আগুৱাই নি সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ সপোন লিপিবদ্ধ কৰিব পৰা যায়, তেতিয়া ৰাজ্যখনে আগুৱাই যাব৷ জি এছ টি অহাৰ পাছত কৰ বৃদ্ধি যথেষ্ট বৃদ্ধি পাইছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ব্যৱসায়ীসকলে ব্যৱসায়ৰ অনুকুল পৰিৱেশ লাভ কৰিলে আৰু বিষয়া-কৰ্মচাৰীসকলে কৰ্মদক্ষতা প্ৰদৰ্শন কৰিব পাৰিলে কৰ বৃদ্ধি হয়৷ কৰ, জি ডি পি হাৰ কিমান দুৰলৈ আগুৱাই লৈ যাব পৰা যায় সেই দিশত লক্ষ্য ৰাখিব লাগিব৷ যুৱ প্ৰজন্মৰ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে দেশৰ অনান্য কেতবোৰ ৰাজ্যই কিদৰে কৰ আহৰণ বৃদ্ধি কৰিছে সেই বিষয়সমূহ জনাৰ বাবে পাঞ্জাৱ, ঝাৰখণ্ড আদিৰ দৰে ৰাজ্যসমূহলৈ গৈ অভিজ্ঞতা আহৰণ কৰিব লাগিব বুলি কয়৷ শনিবাৰৰ এই অনুষ্ঠানত বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, বিধায়ক অতুল বৰা, বিশেষ মুখ্য সচিব ড॰ ৰৱি কোটা, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ, কৰ আয়ুক্ত পল্লৱ গোপাল ঝা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷