Logo
image

আম্বানীৰ ঘৰৰ সন্মুখত গাড়ী ৰাখিছিল জঈছ-উল-হিন্দে

টেলিগ্ৰাম এপ্‌ত বাৰ্তা প্ৰেৰণ

আমাৰ অসম, ১ মাৰ্চঃ এছিয়া তথা ভাৰতৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ মুম্বাইস্থিত ঘৰৰ বাহিৰত জিলেটিনভৰ্তি গাড়ী আৰু ভাবুকিযুক্ত পত্ৰ ৰাখিছিল নিষিদ্ধ-ঘোষিত সন্ত্ৰাসবাদী সংগঠন জঈছ-উল-হিন্দে৷ এই সন্ত্ৰাসবাদী সংগঠনটোৱেই যোৱা মাহত দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ বাহিৰত বোমা দলিয়াই আক্ৰমণ কৰিছিল৷ মুকেশ আম্বানীৰ গগণচুম্বী অট্টালিকা ‘এণ্টিলিয়া’ৰ বাহিৰত জিলেটিন আৰু ভাবুকিযুক্ত পত্ৰৰ সৈতে ৰখাই থোৱা স্কৰপিঅ’ গাড়ীখনক লৈ দেশজুৰি ব্যাপক চৰ্চা অব্যাহত আছে৷ এয়া মাথোঁ ‘ট্ৰেইলাৰহে’ বুলি ভাবুকিযুক্ত পত্ৰত লিখা থকাৰ কথাটোৱেও ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ মুম্বাই আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰখাৰ সময়তে জঈছ-উল-হিন্দে টেলিগ্ৰাম এপ্‌’ত দিয়া এটা বাৰ্তাৰ জৰিয়তে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে৷ ভাৰতত এই সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰভাৱ বিস্তাৰ কৰি ত্ৰাস সৃষ্টি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত স্কৰপিঅ’খন ৰখোৱা লোকজন ইতিমধ্যে সুৰক্ষিত স্থানত উপস্থিত হোৱা বুলি বাৰ্তাটোত কোৱা হৈছে৷ অনাগত দিনত মুকেশ আম্বানীৰ বিৰুদ্ধে ইয়াতকৈও ভয়ংকৰ পৰিকল্পনা কৰা হৈছে বুলি সকীয়াই দিয়ে জইছ-উল-হিন্দে৷ মুকেশ আম্বানীৰ পৰা জঈছ-উল-হিন্দে বিটকইনৰ ৰূপত বৃহৎ পৰিমাণৰ ধনো দাবী কৰিছে৷