Logo
image

ভাৰতৰ প্ৰথমখন কৰ’নামুক্ত ৰাজ্য অৰুণাচল

আৰোগ্য হ’ল অন্তিম ৩জন কৰ’না ৰোগী

আমাৰ অসম, ১ মাৰ্চঃ দেশৰ বিভিন্ন ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশে লাভ কৰিছে বিশেষ কৃতিত্ব৷ কৰ’নাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ ফলস্বৰূপে ৰাজ্যখন কৰ’নামুক্ত হৈছে৷ ফলত দেশৰ প্ৰথমখন কৰ’নামুক্ত ৰাজ্য হিচাপে বিবেচিত হৈছে অৰুণাচল প্ৰদেশ৷ অৰুণাচলত কৰ’না আক্ৰান্ত অন্তিম তিনিজন ৰোগী আৰোগ্য হোৱাত এতিয়া ইয়াত নতুনকৈ এজনো কৰ’না ৰোগী নাই৷ দেওবাৰে অৰুণাচল প্ৰদেশৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই এই কথা প্ৰকাশ কৰে৷  বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কোনো লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হোৱা নাই বুলি প্ৰকাশ কৰে অৰুণাচলৰ শীৰ্ষ পৰ্যৱেক্ষক বিষয়া লোবছাং জাম্পাই৷ অৰুণাচল প্ৰদেশত মুঠ ১৬,৭৮০জন লোক আক্ৰান্ত হৈছিল আৰু আৰু ইয়াৰে ১৬,৭৮০জন লোক আৰোগ্য হয়৷ অন্তিম তিনিজন ৰোগী দেওবাৰে আৰোগ্য হয়৷