Logo
image

মোদীৰ ছবি, গীতা মহাকাশলৈ প্ৰেৰণ

আমাৰ অসম, ১ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো, এখন ইলেক্ট্ৰনিক গীতা বা ই-গীতা পেটত লৈ দেওবাৰে মহাকাশলৈ ৰাওনা হ’ল প’লাৰ ছেটেলাইট লঞ্চ ভেহিকল অৰ্থাৎ পি এছ এল ভি-চি৫১৷ দেওবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় এই বিশালকায় এই ৰকেটটোৱে অন্তৰীক্ষলৈ কঢ়িয়াই লৈ গৈছে ১৯‘যাত্ৰী’ বা ১৯টা কৃত্ৰিম উপগ্ৰহ৷ এই ১৯‘যাত্ৰী’ৰ অন্যতম হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি৷ ভাৰতৰ পি এছ এল ভিয়ে প্ৰকৃততে কঢ়িয়াই নিয়া ১৯টা কৃত্ৰিম উপগ্ৰহৰ ভিতৰত সৰ্ববৃহৎ কৃত্ৰিম উপগ্ৰহটো হৈছে ব্ৰাজিলৰ ‘আমাজ’নিয়া-১’৷ ব্ৰাজিলৰ এই কৃত্ৰিম উপগ্ৰহটোৰ ওজন হৈছে ৬৩৭ কিলোগ্ৰাম৷ ইয়াৰ কাম হ’ব আমাজ’নৰ অৰণ্যত ক্ৰমাগতভাৱে হ্ৰাস পাই থকা সেউজৰ ওপৰত নজৰদাৰি বা পৰ্যৱেক্ষণ৷ এই উপগ্ৰহক সেয়ে ‘অপ্টিকেল আৰ্থ অৱৰ্জাভেশ্বন’ উপগ্ৰহ বুলিও কোৱা হয়৷ ইয়াৰ উপৰি ভাৰতৰ ৰকেটটোৱে সৰু সৰু ১৮টা কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিছে৷ তাৰ ভিতৰত এটা হৈছে ইউনিটীছাট, যিটো উপগ্ৰহ নিৰ্মাণ কৰিছে ইণ্ডিয়ান একাডেমিক ইন্সষ্টিটিউট আৰু স্পেচ কিড্‌ছ ইণ্ডিয়াই৷ এই উপগ্ৰহটোৱে মহাকাশৰ বিকিৰণ পৰ্যৱেক্ষণ কৰাৰ উপৰি আন আনুষংগিক কাম-কাজো কৰিব৷ এই ইউনিটীছাট কৃত্ৰিম উপগ্ৰহটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি খোদিত কৰা হৈছে৷ এই ছবিৰ জৰিয়তে মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰতাৰ বিষয়টোও তুলি ধৰা হৈছে৷ আনহাতে স্পেচ কিড্‌ছৰ পেকেজত আছে শ্ৰীমদ্ভাগৱত গীতাৰ এখন ই-কপি অৰ্থাৎ ইলেক্ট্ৰনিক কপি৷