Logo
image

অভিলেখ! একেৰাহে ১৮ ঘণ্টাত ২৬ কিঃমিঃ ৰাস্তা নিৰ্মাণ

আমাৰ অসম, ১ মাৰ্চঃ কম সময়ৰ ব্যৱধানত দীৰ্ঘ দূৰত্বৰ পথ পকীকৰণেৰে লিম্‌কা বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এনএইছএআই৷  ৫২নং ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰায় ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ মাত্ৰ ১৮ ঘণ্টাতে নিৰ্মাণ সম্পূৰ্ণ কৰি নজিৰ সৃষ্টি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কতৃৰ্পক্ষই৷ বেংগালুৰুৰ বিজয়পুৰৰ পৰা ছোলাপুৰলৈ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথটো ৫০০ জন শ্ৰমিক নিয়োজিত কৰি এদিনতে পকীকৰণ কৰিবলৈ সক্ষম হ’ল চৰকাৰী নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই কাৰ্যক প্ৰশংসা কৰি টুইট কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ এই অভিলেখ লিম্‌কা বুক অৱ ৰেকৰ্ডছত  অন্তৰ্ভুক্ত হোৱা বুলিও গাডকাৰীয়ে প্ৰকাশ কৰিছে৷  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যত জড়িত ৫০০জন ঠিকাভিত্তিক শ্ৰমিককো এই অভিলেখৰ বাবে প্ৰশংসাৰে উপচাই পেলাইছে৷ উল্লেখ্য পূৰ্বতে ঘাইপথ প্ৰাধিকৰণে ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ১২ঘণ্টাত সম্পূৰ্ণ কৰি অভিলেখ সৃষ্টি কৰিছিল৷