Logo
image

সাৱধানঃ ১১মাৰ্চৰ পৰা অধিক তীব্ৰতৰ হ’ব 'অপাৰেশ্যন ছাৰখাৰ-৩'

ডিজিটেল সংবাদ, গুৱাহাটীঃ সময়মতে যান-বাহনৰ কৰকাটল আদায় নিদিয়া আৰু নথি-পত্ৰ সঠিক কৰি নৰখা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ উদ্যোগত 'অভিযান ছাৰখাৰ ৩' অব্যাহত আছে ৷ অভিযান কালত ৰাজধানী মহানগৰ গুৱাহাটীৰ বহু আঢ্যৱন্ত ব্যক্তিৰ বিলাসী বাহনৰ পৰা বহুজাতিক উদ্যোগ, নিৰ্মাণ প্ৰতিষ্ঠানত ব্যৱহৃত বাণিজ্যিক বাহন, আনকি ব্যক্তিগত বাহনৰ বহু গৰাকীয়েও কৰ ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷

এনে বাহনৰ বিৰুদ্ধে ইতিমধ্যে বহু পৰিমাণৰ অতিৰিক্ত জৰিমহা বিহাৰ উপৰি দৃষ্টান্তমূলক শাস্তিৰ বাবেও কৌশল যুগত কৰিছে পৰিবহণ বিভাগে। অৱশ্যে বিভিন্ন অসুবিধা-অজুহাতত যান-বাহনৰ কৰ আদায় দিব নোৱাৰা সকলৰ ওচৰতো আন্তৰিকতাৰে থিয় হৈছে পৰিবহণ বিভাগ। কিয়নো কৰ আদায় কৰাতকৈয়ো ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত নিশ্চিত কৰাটোহে বিভাগৰ লক্ষ্য। 

বাহনৰ নথি-পত্ৰ সঠিক নাথাকিলে যিহেতু বাহনখন অবৈধ বুলি গণ্য কৰা হয়, তদুপৰি এনে বাহনৰ পৰা সুৰক্ষিত যাতায়াত সম্ভৱ নহয় সেয়ে সকলো কৰ আদায় দি নথি-পত্ৰসমূহ সঠিক কৰি ৰাখিব পৰা সম্ভৱপৰ সকলো সমস্যাৰ দ্ৰুত সমাধানৰ বাবে সমগ্ৰ মাৰ্চ মাহজুৰি জনসেৱা মাহ পালনৰ কথা অৱগত কৰে ৰাজ্যৰ উপ পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। জনসেৱা মাহত যোৱা সময়চোৱাত বাহনৰ গৰাকীৰ কেইবাহাজাৰো আবেদন, ওজৰ-আপত্তি নিষ্পত্তি কৰি বিভাগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক মজবুত কৰি তোলা হৈছে। অৱশ্যে ইমানৰ পিছতো বহু যান-বাহন ব্যৱহাৰকাৰীয়ে কৰ আদায় দিয়া বিষয়টো এৰাই চলা দেখা যায় ৷ সেয়ে আগন্তুক ১১ মাৰ্চৰ পৰা যান-বাহনৰ কৰ অনাদায়ীৰ বিৰুদ্ধে জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শকৰ দলে 'অভিযান ছাৰখাৰ ৩' অধিক তীব্ৰতৰ কৰি তুলিব বুলি সদৰি কৰে উপ-পৰিবহণ আয়ুক্তজনে। 

এনেক্ষেত্ৰত অধিক জৰিমনা আৰু সম্ভাব্য শাস্তিৰ পৰা এৰাই চলিবলৈ হ’লে অতিশীঘ্ৰে বকেয়াসহ যান-বাহনৰ সকলো কৰ আদায় দি বাহনৰ নথি-পত্ৰ নৱীকৰণ কৰিবলৈ সকলো শ্ৰেণীৰ যান-বাহন ব্যৱহাৰকাৰীৰ প্ৰতি ৰাজ্যৰ উপ পৰিবহণ আয়ুক্তজনে আহ্বান জনায়।