Logo
image

মুখ্যমন্ত্ৰীলৈ ভয়ঃ জে'ললৈ যোৱাৰ ভয়ত নিৰ্বাচনৰ আগতে জৰাফুঁকা নকৰে আজমলে

'আমাৰ অসম'ৰ লক্ষীগঞ্জৰ প্ৰতিবেদক, ৯ মাৰ্চঃ হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত কঁপিছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল৷ নিৰ্বাচনৰ সময়ত পানীত ফুঁক মাৰি চমক দেখুওৱা আজমলে এতিয়া ফুঁক মাৰিবলৈ এশবাৰ ভাবিব লগীয়া হৈছে৷ কিয়নো জৰাফুঁকাক লৈ কঠোৰ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ভয় খাইছে আজমলে৷

আজমলে কয়, "নিৰ্বাচনৰ আগত মই আৰু জৰাফুঁকা নকৰোঁ৷ মোৰ জে'ললৈ যাবলৈ বহুত ভয় লাগে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক চিধা জে'লত ভৰাই থব৷ মই হিমন্ত বিশ্ব শৰ্মাক বহুত ভয় কৰোঁ৷" শনিবাৰে বিলাসীপাৰাত উপস্থিত হৈ এইদৰে মন্তব্য কৰে সাংসদ আজমলে৷ লগতে তেওঁ কয় যে নিৰ্বাচনৰ ফলাফলৰ পিছতহে পুনৰ জৰাফুঁকা আৰম্ভ কৰিম৷

লগতে ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ সম্ভাব্য প্ৰাৰ্থী ৰকিবুল হুছেইন সন্দৰ্ভতো বিস্ফোৰক মন্তব্য কৰে সাংসদজনে৷ ৰকিবুল হুছেইনক চালানী মাছৰ লগত তুলনা কৰাৰ লগতে কয় যে ৰকিবুল হুছেইন মোৰ বিৰুদ্ধে ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে দুই-আঢ়ৈ লাখৰ ওপৰত ভোট নাপায়৷ বিগত ২০ বছৰ ধৰি মই ধুবুৰীত আছোঁ, গতিকে মই ইয়াৰ লোকেল৷ তেওঁ নিজকে ৰাজনীতিত বুঢ়া বাঘ বুলিও মন্তব্য কৰে

আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীক কোনেও হৰুৱাব নোৱাৰে বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে আজমলে৷ ইয়াৰ পিছতে সমষ্টিটোৰ সাধুভাষাত আয়োজিত বিশাল ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ আজমল