Logo
image

এইবাৰ হিমন্ত-গেৰাণ্টী!, বন্ধৰ আহ্বান জনালেই বাতিল হ’ব ৰাজনৈতিক দলৰ পঞ্জীয়ন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ মাৰ্চঃ ৰাজ্যৰ সৰ্বত্ৰ এতিয়া ‘কা’ বিৰোধী আন্দোলনৰ দাবানল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ পৰিকল্পনাৰ  কথা ঘোষণা কৰাৰ পাছতেই অসমত এতিয়া দল-সংগঠনৰ প্ৰতিবাদ আৰম্ভ হৈছে৷ ৰাজ্যৰ জাতীয়-জনগোষ্ঠীয় সংগঠনে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰাৰ সমান্তৰালভাৱে বিৰোধী ৰাজনৈতিক দলেও ‘কা’ৰ বিধিৰ জাননী জাৰি কৰাৰ পিছদিনাই অসম বন্ধৰ আহ্বান জনোৱা কৰা হ’ব বুলিও হুংকাৰ দিছে৷ অৱশ্যে দল-সংগঠনৰ এই ‘কা’ বিৰোধী প্ৰতিবেদনক ভয়-ভাবুকিয়ে হ’লেও দমনৰ বাবে নামি পৰিছে অসম আৰক্ষী৷ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইটযোগে বন্ধ আহ্বান জনালে ক্ষতিপূৰণৰ বাঁহৰ লাগিব বুলি মুকলিকৈ হুমুকি দিয়াৰ লগতে গুৱাহাটীৰ ৰাজপথত আৰক্ষী-চি আৰ পি এফৰ পদ সঞ্চালনৰ সমদল আৰু বেৰিকেডেৰে কটকটীয়া সুৰক্ষা বেহু গঢ়ি তুলিছে৷ তদুপৰি আৰক্ষীয়ে জাতীয়-জনগোষ্ঠীয় নেতালৈ চমন প্ৰেৰণ কৰি আন্দোলন নকৰাৰ বাবে বণ্ডত স্বাক্ষৰ কৰিবলৈকো হেঁচা অব্যাহত ৰাখিছে৷ অৱশ্যে ‘কা’ বিৰোধী প্ৰতিবাদকাৰীক দমন কৰিবলৈকো অসম আৰক্ষীৰ যুদ্ধংদেহি সমৰসজ্জাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ‘কা’ বিৰোধী আন্দোলন কৰিবলৈ অসমত নতুনকৈ কোনো মানুহ ওলাই নাহে বুলিহে দাবী কৰিছে৷ তদুপৰি ‘কা’ৰ বিৰোধিতাৰ নামত কোনো ৰাজনৈতিক দলে অসম বন্ধৰ আহ্বান জনালে তেনে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল হ’ব বুলিও সকীয়নি প্ৰদান কৰিছে৷ দেওবাৰে বটদ্ৰৱা সত্ৰত সাংস্কৃতিক প্ৰকল্পৰ  নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়–আন্দোলন কৰাৰ সকলোৰে অধিকাৰ আছে৷ ৰাজনৈতিক দলে উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ ৰাজনৈতিক দলৰ পঞ্জীয়ন কৰ্তন হ’ব পাৰে৷ কিয়নো গুৱাহাটী উচ্ছ ন্যায়ালয়ে কৈছে– বন্ধ ঘোষণা কৰিব নালাগে৷ যদিহে ৰাজনৈতিক দলে বন্ধ ঘোষণা কৰে, তেনেহ’লে আমি নিৰ্বাচন আয়োগক জনাই দিম যে উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ উলংঘন কৰিছে৷ ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা৷ কিন্তু ৰাজনৈতিক দলে বন্ধৰ আহ্বান জনাব নোৱাৰে৷ আই এম ডি টি আইন অসমত কেনেকৈ বাতিল হৈছিল৷ আন্দোলন কৰি বাতিল হোৱা নাছিল৷ যুক্তিৰ ভিত্তিহে আই এম ডি টি ন্যায়ালয়ত বাতিল হৈছিল৷ গতিকে ‘কা’ বিৰোধী লোকসকলৰ যুক্তি যদিহে শক্তিশালী আৰু সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ-ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে, তেনেহ’লে উচ্ছতম ন্যায়ালয়ে নিজেই বাতিল কৰিব৷ অসমৰ ইতিহাসত এটা উদাহৰণ আছেই আই এম ডি টি আইন ন্যায়ালয়ৰ নিৰ্দেশতহে বাতিল হৈছিল, আন্দোলন কৰি বাতিল হোৱা নাছিল৷ ‘কা’ গোচৰ নায়্যালয়ত চলি আছে৷ বিধি প্ৰস্তুত হ’লেই ‘কা’ গোচৰ উচ্ছতম ন্যায়ালয়ত বিচাৰৰ বাবে আহি যাব৷ উচ্ছতম ন্যায়ালয়ে যি ৰায় দিব, আমি সকলোৱে মানি ল’ম৷ ৰাজ্যসভা, লোকসভাত গৃহীত হোৱা বিধেয়ক এখনক লৈ এতিয়া আন্দোলনৰ কি যুক্তি আছে৷ এতিয়া ৰাজ্যসভা-লোকসভাত গৃহীত হোৱা আইনখনৰ বিধিহে প্ৰস্তুত হ’ব৷ যেতিয়া আন্দোলন হ’ব লাগিছিল, তেতিয়াই কৰিব লাগিছিল৷ এতিয়া আন্দোলন কৰিবলৈ একো বাকী নাই৷ লোকসভাত গৃহীত হোৱা আইন এখন লোকসভা শেষ হোৱাৰ পূৰ্বে ৫ বছৰৰ ভিতৰত বিধি প্ৰস্তুত কৰিবই লাগিব, সেয়া হৈছে নিয়ম৷ আন্দোলন হ’ব লাগিছিল আইন গৃহীত হোৱাৰ সময়ত৷ এতিয়া ল’ৰা-ছোৱালী জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থূল কৰি কি লাভ? অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে৷ ‘কা’ বিৰোধিতা কৰা সকলকো মই সন্মান কৰো আৰু ‘কা’ক সমৰ্থন জনোৱাসকলকো সন্মান কৰে৷ অসমৰ ইমান ধুনীয়া পৰিৱেশ এটাত আন্দোলন কৰিবলৈ কোনোটো মানুহো নাই৷ মোদীৰ যেনেকৈ গেৰাণ্টী দিছিল, তেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ গেৰাণ্টী বুলি কওঁ–আন্দোলন কৰিবলৈ এটাও নতুন মানুহ নাই বা মই আহিবলৈ নিদিও৷ গতিকে আন্দোলন কৰাৰ কি লাভ আছে?