Logo
image

কি কি শাৰীৰিক সমস্যা থাকিলেও টিকা ল’ব পাৰিব

আমাৰ অসম, ১ মাৰ্চঃ স্বাস্থ্য মন্ত্ৰণালয়ে ৪৫ বছৰ ঊধবৰ্ৰ ব্যক্তিক কাইলৈৰ পৰা প্ৰদান কৰিব ক’ভিড ভেকচিন৷ ৪৫ৰ ঊধবৰ্ৰ ব্যক্তিয়ে ক’ভিড ভেকচিন লাভ কৰিলেও ইয়াৰ বাবে কেইবাটাও চৰ্ত পূৰণ কৰিব লাগিব৷ বিশেষকৈ বিভিন্ন গুৰুতৰ ৰোগত আক্ৰান্ত বা উপসৰ্গ থকা ব্যক্তিকহে ভেকচিন প্ৰদানৰ বাবে অনুমোদন দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে৷ ৬০ বছৰ ঊধবৰ্ৰ সকলো জ্যেষ্ঠ নাগৰিকেই ক’ভিডৰ টিকা লাভ কৰিব যদিও ৪৫-৫৯ বছৰ বয়সৰ ভিতৰৰ ব্যক্তিৰ ক্ষেত্ৰত গুৰুতৰ ৰোগত ভুগি থকাৰ চিকিৎসকৰ প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব৷ স্বাস্থ্য মন্ত্ৰণালয়ে মুঠ ২০টা শাৰীৰিক সমস্যা থকা ৪৫ৰ ঊধবৰ্ৰ ব্যক্তিক ভেকচিন প্ৰদানৰ বাবে বিবেচিত কৰিছে৷ এনে শাৰীৰিক সমস্যাৰ ভিতৰত আছে–হৃদযন্ত্ৰৰ সমস্যা৷ এবছৰৰ ভিতৰত কোনো ব্যক্তিৰ যদি হৃদক্ৰিয়া বন্ধজনিত কাৰণত চিকিৎসাধীন হৈছিল তেনে ব্যক্তিও ভেকচিন লাভ কৰিব৷ হৃদযন্ত্ৰৰ অন্যান্য জটিল ৰোগত আক্ৰান্ত, মধুমেহ ৰোগত আক্ৰান্ত, উচ্ছ ৰক্তচাপত আক্ৰান্ত, বৃক্ক-যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত, এইছ আই ভিত আক্ৰান্ত, কৰ্কট ৰোগত আক্ৰান্ত, এচিদ এটেক, বিভিন্ন ৰোগত আক্ৰান্ত মুকবধিৰ ব্যক্তি, থেলাচেমিয়া, এপ্লাষ্টিক এনিমিয়া,ৰাজহাড়ৰ সমস্যা আদি  ৰোগত আক্ৰান্ত ব্যক্তিয়ে ভেকচিন গ্ৰহণৰ বাবে সুবিধা লাভ কৰিব৷ ৰাজ্যৰ জিএমচিএইছ ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাল, শিলচৰ মেডিকেল কলেজ হাস্পতাল, যোৰহাট মেডিকেল কলেজ হাস্পতাল, বৰপেটা মেডিকেল কলেজ হাস্পতাল, তেজপুৰ মেডিকেল কলেজ হাস্পতাল, ডিফু মেডিকেল কলেজ হাস্পতালত ভেকচিন বিনামূলীয়াকৈ লাভ কৰিব৷