Logo
image

জুবিন গাৰ্গলৈ ‘সূৰ্যকণ্ঠ’ উপাধিঃ বি বৰুৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১১ মাৰ্চঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বি বৰুৱা কলেজৰ আশীবছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান সফলতাৰে সমাপ্ত হয়৷ বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত বছৰজোৰা কাৰ্যসূচীৰে পালন  কৰা চাৰিকুৰি বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক ‘সূৰ্যকণ্ঠ’ উপাধি প্ৰদান কৰা হয়৷ ৯ মাৰ্চৰ পুৱা পতাকা উত্তোলন কৰে প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ সভাপতি জগদীশ চন্দ্ৰ গোস্বামী সমন্বিতে ৮০গৰাকী ব্যাক্তিয়ে৷ স্মৃতি তৰ্পণ কৰে প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ কাৰ্যকৰী সভাপতি ড॰ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে৷ ‘বিবিয়ান সতীৰ্থৰ আলাপ’ শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানৰ পাছত অনুষ্ঠিত মুকলি সভাত বি বৰুৱা কলেজৰ বৰ্তমানৰ আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকলক সম্বৰ্ধনা জনোৱা হয়৷ মহাবিদ্যালয়ৰ ড॰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত সত্যব্ৰত বৰুৱা, হেমচন্দ্ৰ পাঠক, ড॰ সত্যব্ৰত বৰুৱা আৰু নুৰুল হকৰ সঞ্চালনাত অনুষ্ঠিত মত বিনিময় অনুষ্ঠান উদ্বোধন কৰে বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ ড॰ সমুদ্ৰ গুপ্ত কাশ্যপে৷ আনহাতে, অৱসৰপ্ৰাপ্ত অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বি বৰুৱা কলেজৰ অধ্যক্ষ ড॰ সত্যেন্দ্ৰ নাথ বৰ্মনে৷ অন্যান্যসকলৰ লগতে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বি বৰুৱা কলেজ পৰিচালনা সমিতিৰ সভাপতি অধ্যাপক পাৰ্তপ্ৰতীম বৰুৱাই৷ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ‘ফাগুনৰ এসন্ধ্যা’ শীৰ্ষক সাংস্কৃতিক সমাৰোহত বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক ‘সূৰ্যকণ্ঠ’ উপাধি প্ৰদান কৰা হয়৷ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে হিয়া উজাৰি গীত পৰিৱেশন কৰে৷ ময়নুল হক, প্ৰিয়ংকা ভড়ালী, অৰূপজ্যোতি বৰুৱা, হীৰকজ্যোতি শৰ্মা, ৰূপম শৰ্মা আদিয়েও বিশেষ অনুষ্ঠান পৰিবেশন কৰে৷ ১০ মাৰ্চ দেওবাৰে দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী ‘বহ্নিমান বিবিয়ান’ শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন বিবিয়ান ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ অসমৰ বিভিন্ন জাতি-জনজাতি-জনগোষ্ঠীৰ উপৰি দেশৰ অন্য অঞ্চলকো প্ৰতিনিধিত্ব কৰা ৪০টা বৰ্ণাঢ্য সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি ড॰ ভট্টাচাৰ্য নষ্টালজিক হৈ পৰে৷ ভাষণ প্ৰসংগত তেওঁ কয়– ‘বি বৰুৱা কলেজৰ ঐতিহ্যই সকলোকে পোহৰাই ৰাখিছিল, পোহৰাই ৰাখিছে আৰু আগলৈও পোহৰাই ৰাখিব৷ বি বৰুৱা কলেজে আমাক বাট দেখুৱাই আছে৷’ প্ৰাক্তন ছাত্ৰ হিমাংশু দাস, কুলেন দাস, ৰূপম শৰ্মা আৰু হীৰকজ্যোতি শৰ্মাৰ নেতৃত্বত কলেজ প্ৰাংগনৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ সভাপতি অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামী, কাৰ্যকৰী সভাপতি ড॰ ধ্ৰুৱজ্যেতি চৌধুৰী, সাধাৰণ সম্পাদক ড॰ বিজয় শংকৰ গোস্বামী, সহকাৰী সম্পাদক নুৰুল হক, প্ৰশাসনীয় বিষয়া যতীন বৰা, সত্যব্ৰত বৰুৱা, প্ৰণৱ দত্ত, বিৰাজ ডেকা, ৰিপন বৰুৱা, ৰঞ্জন দাস, সীমান্ত কাকতি আৰু হেমচন্দ্ৰ পাঠককে ধৰি বহু প্ৰাক্তন ছাত্ৰৰ লগতে বি বৰুৱা কলেজৰ প্ৰতিটো বিভাগৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে অনুষ্ঠিত হয় ‘সোঁৱৰণীৰ কুঁৱলী ফালি’ শীৰ্ষক প্ৰাক্তন বিদ্যাৰ্থীৰ মত বিনিময় অনুষ্ঠান৷ বি বৰুৱা কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উদ্বোধন কৰা এই অনুষ্ঠানত অধ্যাপক জগদীশ চন্দ্ৰ গোস্বামী, সোণাপুৰ কলেজৰ অধ্যাপক ড॰ বিমান পাটোৱাৰী, পুঠিমাৰী কলেজৰ অধ্যক্ষ ড॰ নিত্যা কলিতা, ৰঙিয়া কলেজৰ অধ্যক্ষ ড॰ ব্ৰজেন শইকীয়াৰ উপৰি ড॰ নিজৰা গোস্বামী, অভিনেতা প্ৰণৱ দত্ত, হৃষীকেশ ভৰদ্বাজ, বিৰাজ ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড॰ ৰঞ্জন কাকতিকে ধৰি বহু প্ৰাক্তন বিবিয়ানে অংশ গ্ৰহণ কৰে৷ সন্ধিয়া বি বৰুৱা কলেজৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘বিবিয়ানৰ সুৰীয়া সন্ধিয়া’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাগ নিউজৰ স্বত্বাধিকাৰ সঞ্জীব নাৰায়ণে৷ এই অনুষ্ঠানত বি বৰুৱা কলেজৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে৷ আশীবছৰীয়া জয়ন্তীৰ বছৰজোৰা অনুষ্ঠানৰ সফল সামৰণিৰ বাবে বৃহত্তৰ বি বৰুৱা পৰিয়ালৰ উপৰি সকলো শুভাকাংখী আৰু সহৃদয় ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ সভাপতি জগদীশ চন্দ্ৰ গোস্বামী, কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি চৌধুৰী আৰু সাধাৰণ সম্পাদক বিজয় শংকৰ গোস্বামীয়ে৷