Logo
image

চকুপানী মচিলে ফণীভূষণে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মাৰ্চঃ দীৰ্ঘ হোঁহকা-পিছলা, ঠেঁহ-পেছ, চকুপানী-আবেগৰ নাটকীয় পৰিস্থিতিৰ অন্তত সোমবাৰে অৱশেষত ঘোষিত হ’ল অগপৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম৷ চকুপানী টুকিলেও, সমষ্টিবাসী নিবিচাৰিলেও ফণীভূষণ চৌধুৰীয়ে হ’ব বৰপেটা লোকসভা সমষ্টিৰ অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী৷ আমবাৰীৰ অগপৰ মুখ্য সদৰত দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ক্ৰমে বীৰেন্দ্ৰ কুমাৰ বৈশ্য আৰু ডাঃ কমলা কলিতাই আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে৷ সেই ক্ষণত দলটোৰ নৱ দায়িত্বপ্ৰাপ্ত ৰাজ্যিক উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু  আন এগৰাকী ৰাজ্যিক সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাও উপস্থিত আছিল৷ সংবাদ মেলত বৈশ্যই কয়– দলৰ হাইকামাণ্ড তথা ৰাজ্যিক সভাপতি অতুল বৰাৰ নিৰ্দেশ মৰ্মে আমি ক্ৰমে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছোঁ৷ বৰপেটাত আমাৰ প্ৰাৰ্থী হ’ব ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত আমাৰ প্ৰাৰ্থী হ’ব জাভেদ ইছলাম৷  ফণীভূষণ চৌধুৰী দলৰ এজন জ্যেষ্ঠ নেতা৷ ১৯৮৫ চনৰ পৰা নানা ঘাত-প্ৰতিঘাতৰ মাজত শক্তিশালী ৰূপত তেওঁ অগপ দলক ধৰি ৰাখিছে৷ কোনোদিনে তেওঁ দলীয় পতাকাখন অৱনমিত হ’বলৈ দিয়া নাই৷ বৰপেটা লোকসভা সমষ্টিৰ পৰা চৌধুৰী বিপুল ভোটত জয়ী হ’ব৷ এই কথা এশ শতাংশ নিশ্চিত৷  প্ৰাৰ্থী ঘোষণাৰ পূৰ্বে আমি নিজাববীয়াকৈ কেইবাটাও ছাৰ্ভে কৰিছিলো৷ প্ৰতিখন জিলা, আঞ্চলিকৰ নেতৃত্বত গুৱাহাটীলৈ মাতি মতামত গ্ৰহণ কৰিছিলো৷ সকলোৱে বৰপেটাত ফণীভূষণ চৌধুৰী আৰু ধুবুৰীত জাভেদ ইছলাম প্ৰাৰ্থী হোৱাটো বিচাৰিছে৷ ধুবুৰীৰ বাবে চৰজমিন ছাৰ্ভে কৰিবৰ বাবে আমাৰ দুজন পৰ্যৱেক্ষকো গৈছে৷ ধুবুৰীত মানুহে পৰিত্ৰাণ বিচাৰিছে৷ ধুবুৰীত এইবাৰ মিৰাকল হ’ব৷ আজমলৰাজৰ অৱসান হ’ব৷ ঐতিহাসিক ফুলবাৰী দলং, ধুবুৰী মেডিকেল কলেজ প্ৰতিষ্ঠা আদি কাম-কাজে সংখ্যালঘু ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ এনেও আমি ধুবুৰীত যথেষ্টসংখ্যক সংখ্যালঘুৰ ভোট পাওঁ৷ এইবাৰ ধুবুৰীতো  আমাৰ জয় নিশ্চিত৷ আমাৰ দুয়োগৰাকী প্ৰাৰ্থী বিজেপি, ইউপিপিএলৰো উমৈহতীয়া প্ৰাৰ্থী৷ এই দুয়োটা দলৰ কৰ্ম-কৰ্তাই একত্ৰিত হৈ আমাৰ প্ৰাৰ্থীক  জয়যুক্ত কৰাব৷ ভৱিষ্যতে বঙাইগাঁও বিধানসভা সমষ্টি কি হ’ব সেয়া পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ’ব৷ প্ৰাৰ্থী ঘোষণাৰ পূৰ্বে দিছপুৰৰ বিধায়ক আৱাসত ফণীভূষণ চৌধুৰীৰে অপূৰ্ব ভট্টাচাৰ্য, সত্যব্ৰত কলিতা আৰু জাভেদ ইছলামৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল৷ ইফালে দলীয় টিকট লাভৰ পাছতে চকুপানী মোহাৰি হাস্যবদনে আঠবাৰৰ বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয়– যোৱা নিশা শেষ সিদ্ধান্ত লৈছো যে মই বৰপেটাত নিৰ্বাচন খেলিম৷ দলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি দলৰ নেতৃত্বৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লৈছোঁ৷ বঙাইগাঁও সমষ্টিৰ গৰিষ্ঠসংখ্যক মানুহেই মই লোকসভালৈ যোৱাটো বিচৰা নাই৷ দিল্লীলৈ গ’লেও সমষ্টিৰ মানুহৰ কাষত থাকিম৷ আমাৰ দলৰ এটাই আশা এইবাৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰতিনিধি সংসদত থাকিব লাগিলে মই প্ৰতিদ্বন্দ্বিতা কৰিলেহে সম্ভৱ হ’ব৷ দলীয় নেতৃত্বৰ বিশ্বাসৰ প্ৰতি সন্মান জনাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷ কংগ্ৰেছৰ দখলত থকা বৰপেটাত এইবাৰ আমি জয়ী হম৷ আনহাতে বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচন হ’লে কেৱল অগপইহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি চৌধুৰীয়ে লগতে দাবী কৰে৷