Logo
image

৬ বছৰ বয়সতহে প্ৰথম শ্ৰেণীত নামভৰ্তি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ মাৰ্চঃ ফুলকুমলীয়া শিশুৰ ওপৰত অভিভাৱকে পঢ়াৰ নামত জাপি দিয়া মানসিক বোজা হ্ৰাস কৰাৰ বাবে এইবাৰ কঠোৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ৷ একাংশ পিতৃ-মাতৃয়ে ৬ বছৰ নৌহওঁতেই সন্তানক প্ৰাথমিক স্কুলত নামভৰ্তি কৰোৱাই খেল-ধেমালিৰ মাজত ব্যস্ত থকাৰ সময়খিনিত অবুজ সন্তানক আনুষ্ঠানিক শিক্ষাৰ বোজা জাপি দি আহিছে৷ শিশুৰ ওপৰত চলোৱা এনে মানসিক হাৰাশাস্তিৰ পৰা পৰিত্ৰাণ দিয়াৰ লক্ষ্যৰে এতিয়াৰে পৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত ন্যূনতম ৬ বছৰ বয়স গৰকা শিশুকহে নামভৰ্তিৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু শিশুৰ শিক্ষাৰ অধিকাৰ আইন-২০০৯১ অধীনত নতুন শিক্ষা বৰ্ষৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত নামভৰ্তিৰ বাবে সকলো শিশুৰে বয়স ৬ বছৰ বা তাতোধিক হ’ব লাগিব৷ কোনো কাৰণতে ৬ বছৰৰ তলৰ শিশুক গ্ৰেড-১ত (প্ৰথম শ্ৰেণী) নামভৰ্তি কৰোৱাব নোৱাৰিব৷ শেহতীয়াকৈ বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে এটা নিৰ্দেশনাযোগে ২০২৪-২৫ শিক্ষাবৰ্ষৰ পৰা এই নিয়ম প্ৰযোজ্য হ’ব বুলিও স্পষ্ট কৰি দিছে৷ নামভৰ্তিৰ সময়ত বয়সৰ ক্ষেত্ৰত বিদ্যালয় কতৃৰ্পক্ষই এতিয়াৰে পৰা কঠোৰ হ’ব লাগিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে৷ উল্লেখ্য, শিক্ষা বিভাগৰ ৰোষত পৰাৰ ভয়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ নামত একাংশ চৰকাৰী প্ৰাথমিক বিদ্যালয়ে ৬ বছৰ বয়স নগৰকা কণ কণ শিশুক অভিভাৱকক হেঁচা প্ৰয়োগ কৰি প্ৰথম শ্ৰেণীত নামভৰ্তি কৰোৱাৰ উদাহৰণ আছে৷ আনহাতে, একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়েও লাভৰ আশাত ৬ বছৰ বয়স নোহোৱা শিশুকো প্ৰথম শ্ৰেণীত নামভৰ্তি কৰি মাছুল সংগ্ৰহ কৰি আহিছে৷ বিদ্যালয় শিক্ষা বিভাগৰ এই নিৰ্দেশনাৰ পাছত এতিয়াৰে পৰা ৬ বছৰ তলৰ কোনো শিশুকে প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিব নোৱাৰিব৷