Logo
image

যকৃতৰ সমস্যা থাকিলে তৰমুজ নাখাব

গ্ৰীষ্মকালত বজাৰত উভৈনদী হৈ পৰা এবিধ ফল হৈছে তৰমুজ৷ তৰমুজে দেহ শীতল কৰে৷ যাৰ বাবে উৎকট গৰমৰ পৰা সকাহ পাবলৈ তৰমুজ খোৱা হয়৷ তৰমুজত প্ৰচুৰ পৰিমাণে পানী থাকে বাবে শৰীৰ হাইড্ৰেটেড কৰি ৰখাত সহায় হয়৷ গাজিয়াবাদৰ এগৰাকী ডায়েটিচিয়ান চামৰিণ ফাহুখৰ মতে গ্ৰীষ্মকালত পোৱা প্ৰায়ভাগ ফলতেই মেগনেছিয়াম, পটাছিয়াম আৰু কেলছিয়ামৰ দৰে উপাদান থাকে৷ কিন্তু গ্ৰীষ্মকালৰ এই ফলসমূহ যদি সঠিকভাৱে খোৱা নহয় তেন্তে স্বাস্থ্যত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাৰ আশংকা থাকে৷ 
চামৰিণৰ মতে তৰমুজ, তিঁয়হ আদিয়ে শৰীৰ সুস্থ আৰু শীতল কৰি ৰাখে৷ তৰমুজে পেটৰ বিভিন্ন ৰোগ তথা সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে৷ কিন্তু এইবিধ ফল খোৱাৰো কিছুমান নিয়ম আছে৷ উল্লেখ কৰা হ’ল তৰমুজ খোৱাৰ নিয়ম–
১) তৰমুজ বজাৰৰ পৰা কিনি অনাৰ লগে লগে খোৱা উচিত নহয়৷ বৰঞ্চ ইয়াক কিছুসময় পানীত তিয়াই ৰাখক৷
২) যকৃত বা লিভাৰৰ সমস্যা থাকিলে খালী পেটত ভুলতো তৰমুজ নাখাব৷ 
৩) তৰমুজ খোৱাৰ পাছতে পানী নাখাব৷ কিয়নো তৰমুজত প্ৰচুৰ পৰিমাণে পানী থাকে৷ 
৪) ৰাতি তৰমুজ খোৱা উচিত নহয়৷ ৰাতি তৰমুজ খালে সহজে হজম নহয়৷ ফলত অন্ত্ৰত জ্বলা-পোৰা হোৱাৰ আশংকা থাকে৷ 
৫) সাধাৰণতে ব্ৰেকফ্ৰাষ্টৰ  পাছত তৰমুজ খাবলৈ পৰামৰ্শ দিয়া হয়৷ কিয়নো খালী পেটত তৰমুজ খালে পেটৰ বিভিন্ন  সমস্যা হ’ব পাৰে৷
তৰমুজ খোৱাৰ আটাইতকৈ উৎকৃষ্ট সময় হৈছে পুৱা দহ বজাৰ পৰা দুপৰীয়া এক বজালৈ৷ অৱশ্যে বিয়লি পাঁচ বজাৰ আগলৈকেও তৰমুজ খাব পাৰে৷ গৰমত তৰমুজ সঠিক সময়ত খালে বেছি উপকাৰ পোৱা যায়৷ 
- তৰমুজে ওজন কমোৱাত সহায় কৰে৷
- শৰীৰক হিট ষ্ট্ৰোকৰ পৰা ৰক্ষা কৰে তৰমুজে৷ 
- কাৰ্ডিঅ’ভাছকুলাৰ ৰোগ প্ৰতিৰোধত তৰমুজ উপকাৰী৷