Logo
image

ষ্টেট বেংকে জমা দিলে ইলেক্ট’ৰেল বণ্ডৰ তথ্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মাৰ্চঃ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ তথা একপ্ৰকাৰে ৰঙা চকুত অৱশেষত মঙলবাৰে সন্ধিয়া ষ্টেট বেংক অব ইণ্ডিয়াই (এছবিআই) ইলেক্টৰেল বণ্ডৰ লেনদেনৰ সমস্ত তথ্য নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰে৷ এতিয়া নিৰ্বাচন আয়োগে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত ইলেক্টৰেল বণ্ডৰ সকলো লেনদেনৰ তথ্য ১৫ মাৰ্চৰ বিয়লি ৫ বজাৰ ভিতৰত নিৰ্বাচন আয়োগৰ ৱেবছাইটত আপলোড কৰিব লাগিব৷ উল্লেখ্য, উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকক ৬ মাৰ্চতে ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে হোৱা সকলো লেন-দেনৰ তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু ষ্টেট বেংকে ৫ মাৰ্চত সৰ্বোচ্ছ আদালতত আবেদন জনাই কৈছিল যে সেই তথ্য তেওঁলোকে প্ৰদান কৰিবলৈ ৪ মাহ সময় লাগিব আৰু ৩০ জুনতহে তথ্য দাখিল কৰিব পাৰিব৷ সোমবাৰে সেই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্ছতম ন্যায়ালয়ে ষ্টেট বেংকক কঠোৰ ভাষাৰে ভৎৰ্সনা কৰে আৰু যোৱা ২৮ দিনে তেওঁলোকে কি কৰি আছিল বুলি প্ৰশ্ন কৰে৷ কিয়নো উচ্ছতম ন্যায়ালয়ে ১৫ ফেব্ৰুৱাৰীত ইলেক্ট’ৰেল বণ্ড খাৰিজ কৰিছিল আৰু সেই দিনাই ইলেক্ট’ৰেল বণ্ড পৰিচালনা কৰা ষ্টেট বেংকক লেন-দেনৰ সমস্ত তথ্য নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিবলৈ ১৫ মাৰ্চ চূড়ান্ত সময়সীমা বান্ধি দিছিল৷ উচ্ছতম ন্যায়ালয়ে মঙলবাৰৰ ভিতৰত তথ্য দাখিলৰ নিৰ্দেশ দিছিল এছবিআইক৷ সেই মৰ্মে এছবিআয়ে আয়োগৰ ওচৰত তথ্য দাখিল কৰে৷ অভিযোগ অনুসৰি ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে মোদী চৰকাৰে সংঘটিত কৰা দলীয় পুঁজি সংগ্ৰহৰ কেলেংকাৰি লোকসভা নিৰ্বাচন পৰ্যন্ত গোপনে ৰাখি বিজেপি চৰকাৰক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যেই ষ্টেট বেংকে তথ্য দাখিলৰ বাবে ৪ মাহ সময় বিচাৰিছিল৷ প্ৰসংগতঃ, নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ শেষৰপিনে ২০১৮ চনত দাতাৰ পৰিচয় আৰু ধনৰ পৰিমাণ গোপনে ৰাখি ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক চান্দা দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছিল৷ ইয়াৰ কোনো ব্যক্তি, উদ্যোগপতি, কৰ্প’ৰেট সংস্থাই নিজৰ নাম আৰু চান্দাৰ পৰিমাণ গোপনে ৰাখি কোনো সৰ্বোচ্ছ সীমা নোহোৱাকৈ ৰাজনৈতিক দলক দান-বৰঙনি আগবঢ়াইছিল৷ মাথোঁ ৫ বছৰত সেয়ে ইলেক্ট’ৰেল বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে ১২ হাজাৰ কোটি টকা দান-বৰঙণি লাভ কৰিছিল আৰু ইয়াৰ ৬,৫৬৪ কোটি টকা কেৱল বিজেপিয়ে সংগ্ৰহ কৰিছিল৷ উচ্ছতম ন্যায়ালয়ে ৰায়ত কৈছিল যে, এই বিশাল ধনৰ বিনিময়ত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৰ্প’ৰেট হাউছক আৰু কোনো উদ্যোপতিক ব্যৱসায়িক মুনাফাৰ সুযোগ প্ৰদান কৰিব পাৰে৷ পৰ্যবেক্ষণত সৰ্বোচ্ছ আদালতে ‘কুইড প্ৰ’ কু’ বা ‘ছামথিং ফৰ ছামথিং’ অৰ্থাৎ ধনৰ বিনিময়ত কাম প্ৰদানৰ আশংকা প্ৰকাশ কৰিছিল৷ ইলেক্ট’ৰেল বণ্ড ব্যৱস্থা খাৰিজ কৰিও ইয়াৰ জৰিয়তে বিগত ৫-৬ বছৰত কোনো অনৈতিক কাৰ্য সংঘটিত হৈছিল নেকি সেয়া সকলোৱে মুক্তভাৱে বিশ্লেষণ কৰিবলৈ সুযোগ দিয়েই উচ্ছ ন্যায়ালয়ে ইলেক্ট’ৰেল বণ্ডৰ লেন-দেনৰ সকলো তথ্য নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল৷ ৰাজনৈতিক দল সমূহৰ আশংকা আছিল, ষ্টেট বেংকে তথ্য দাখিলৰ দিন পিছুৱাই বিজেপিক ৰক্ষা কৰিব৷ কিন্তু উচ্ছতম ন্যায়ালয়ে ষ্টেট বেংকক সেই সুযোগ প্ৰদান নকৰিলে৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৫ জনীয়া সাংবিধানিক বিচাৰপীঠৰ ন্যায়াধীশ ক্ৰমে সঞ্জীৱ খান্না, বি আৰ গাভাই, জে বি পাৰ্দিৱালা, মনোজ মিশ্ৰই একেলগে ষ্টেট বেংকৰ বিৰুদ্ধে আদালত অৱমাননাৰ পৃথক গোচৰৰ শুনানিও সোমবাৰে গ্ৰহণ কৰে৷