Logo
image

বিয়া পাতিবনে জে’ললৈ যাব?

আমাৰ অসম, ২ মাৰ্চঃ ছোৱালীজনীক আপুনি বিয়া কৰাব নেকি? যদি আপুনি বিয়া কৰাব খোজে তেন্তে আমি সহায় কৰিব পাৰোঁ৷ কিন্তু ছোৱালীজনীক বিয়া কৰাবৰ বাবে আপোনাক আমি জোৰ কৰিব নোৱাৰোঁ৷ কিয়নো এয়া আমাৰ নিয়মৰ বাহিৰত৷ তথাপি সুধিছোঁ, আপুনি ছোৱালীজনীক বিয়া কৰাব নেকি? যদি আপুনি বিয়া কৰায়, তেন্তে বিষয়টো নিষ্পত্তি হোৱাৰ অৱকাশ থাকিব৷ যদি বিয়া নকৰায় আৰু আপুনি দোষী প্ৰমাণিত হয়, তেন্তে আপুনি চাকৰি হেৰুওৱাটো নিশ্চিত৷ কেৱল সেয়ে নহয়, আপুনি কাৰাগাৰলৈও যাব লাগিব৷ –এজন অভিযুক্ত ধৰ্ষণকাৰীক উদ্দেশ্যি এই মন্তব্য দেশৰ মুখ্য ন্যায়াধীশৰ৷ সোমবাৰে উচ্ছতম ন্যায়ালয়ত এটা ধৰ্ষণৰ গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত অভিযুক্তৰ অধিবক্তাৰ জৰিয়তে অভিযুক্ত ধৰ্ষণকাৰীলৈ এই বাৰ্তা প্ৰেৰণ কৰে ন্যায়াধীশে৷ মহাৰাষ্ট্ৰৰ জলগাঁও নামৰ এখন গাঁৱৰ এগৰাকী কিশোৰীক এজন লোকে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে৷ কিশোৰীগৰাকীৰ ভাষ্যৰ আধাৰত পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰে৷ নিম্ন আদালত আৰু উচ্ছ ন্যায়ালয় গৰকি গোচৰটো পালেগৈ উচ্ছতম ন্যায়ালয়ৰ মজিয়া৷ সেই গোচৰৰে শুনানি আছিল সোমবাৰে৷ এই দীঘলীয়া গোচৰটো সোনকালে নিষ্পত্তি কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰি ন্যায়ালয়ে কয় যে এনেধৰণৰ গোচৰ যিমানেই দীঘলীয়া হয়, সিমানেই পীড়িতৰ যন্ত্ৰণা বৃদ্ধি পায়৷ সেইবাবে বিশেষ উপায়েৰে গোচৰটো নিষ্পত্তি কৰিবলৈ চেষ্টা কৰে ন্যায়ালয়ে৷ আৰু সেইবাবেই অভিযুক্ত ধৰ্ষণকাৰীক ধৰ্ষিতা কিশোৰীগৰাকীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়ে ন্যায়ালয়ে৷ অভিযুক্ত পক্ষৰ অধিবক্তাই এই সন্দৰ্ভত কিছু সময় বিচৰাত ন্যায়ালয়ে লগে লগে সন্মতি দিয়ে৷ অধিবক্তাই লগে লগে অভিযুক্তজনক তেওঁৰ পৰিয়ালৰ সৈতে কথা পাতিবলৈ কয়৷ আশা কৰা ধৰণেই অভিযুক্তৰ পত্নী এই প্ৰস্তাৱত সন্মত নহ’ল৷ সঁহাৰি নিদিলে সন্তানেও৷ কাজেই অভিযুক্তৰ অধিবক্তাই ন্যায়ালয়ক জনালে যে পত্নীৰ সন্মতি অবিহনে এয়া সম্ভৱ নহ’ব৷ কিয়নো তেনে কৰিলে অভিযুক্তজন পুনৰ বেলেগ ধৰণৰ আইনী মেৰপেঁচত সোমাই পৰিব৷ তদুপৰি ধৰ্ষণৰ অভিযোগ এতিয়ালৈকে প্ৰমাণিত হোৱা নাই, গতিকে তেওঁক ধৰ্ষণকাৰী বুলি ক’ব নোৱাৰি৷ অভিযুক্ত ধৰ্ষণকাৰী বুলিহে ক’ব পাৰি৷ প্ৰমাণ নোহোৱাপৰ্যন্ত যেনেকৈয়ে নহওক কিয় তেওঁক শাস্তি দিয়াটো যুগুত নহ’ব৷ অভিযুক্ত পক্ষৰ অধিবক্তাৰ কথা শুনি ন্যায়ালয়ে প্ৰশ্ন কৰিলে– এতিয়া আপোনালোকে কি কৰিব? প্ৰত্যুৎপন্নমতিতাৰে অভিযুক্তৰ অধিবক্তাই মহামান্য ন্যায়াধীশক ক’লে– ইয়’ৰ অনাৰ, আমাক কিছু সময় দিয়ক৷ আমি কথাখিনি খোলাখুলিকৈ পাতোঁ৷ এই কথাটোৰ লগত জড়িত সকলোকে বুজাবলৈ চেষ্টা কৰোঁ৷ অভিযুক্তৰ পত্নী-পৰিয়ালৰ উপৰি ধৰ্ষণৰ অভিযোগ তোলা পৰিয়ালটোৰ লগতে ধৰ্ষিতাগৰাকীৰ সৈতেও কথা পাতিব লাগিব৷ বিষয়টো অত্যন্ত সংবেদনশীল আৰু স্পৰ্শকাতৰ৷ এনেধৰণৰ কামত খৰখেদা কৰিলে পৰিণতি বিষম হ’বও পাৰে...৷ অকণো সময় ব্যয় নকৰি ন্যায়ালয়ে অভিযুক্তৰ অধিবক্তাক সময় দিলে আৰু মুহূৰ্তৰ ব্যৱধানত ঘোষণা কৰিলে– দ্য ক’ৰ্ট ইজ এব্‌জৰ্নড্‌৷