ভাৰতৰ বিদ্যুৎ বিপৰ্যয়ৰ আঁৰত চীনা হেকাৰৰ হাত
সীমা সমস্যাৰ মাজতে পোহৰলৈ ভয়ংকৰ তথ্য
আমাৰ অসম, ২ মাৰ্চঃ সীমান্তক লৈ ভাৰত-চীনৰ সংঘাতৰ মাজতে ভাৰতৰ বৈদ্যুতিক ক্ষেত্ৰ চীনা হেকাৰৰ টাৰ্গেট হোৱাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ এক মাৰ্কিন গৱেষণা সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য৷ গৱেষণা সংস্থাটোৰ মতে চীনা চৰকাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা এটা হেকাৰ গোষ্ঠীয়ে ভাৰতৰ ‘ক্ৰিটিকেল পাৱাৰ গ্ৰীড ছিষ্টেম’ক টাৰ্গেট কৰি লৈছে৷ মুম্বাইত বিগত বৰ্ষত হঠাৎ যি বিদ্যুৎ বিভ্ৰাটৰ সৃষ্টি হৈছিল তাৰ কাৰণো চীনৰ হেকাৰ গোষ্ঠীটোৱেই বুলি আমেৰিকাৰ গৱেষণা সংস্থাটোৱে সন্দেহ কৰিছে৷ উল্লেখ্য যে যোৱা বছৰৰ ১২ অক্টোবৰত বাণিজ্য নগৰী মুম্বাইত হঠাৎ বৈদ্যুতিক বিভ্ৰাটৰ সৃষ্টি হৈছিল৷ ইয়াৰ ফলত সেইদিনা মুম্বাইৰ সকলোবোৰ জৰুৰীকালীন ৰে’লৰ চলাচল অচল হৈ পৰাৰ লগতে অনলাইনৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল৷ এই ঘটনাৰ আঁৰত চীনা হেকাৰৰ হাত থকা বুলি মাৰ্কিন গৱেষণা সংস্থাটোৰ সন্দেহ৷