Logo
image

আকাশবাণীৰ গুৰুদায়িত্বত তেজপুৰৰ মৌচুমী চক্ৰৱৰ্তী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৭ মাৰ্চঃ আকাশবাণীৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে এগৰাকী অসম সন্তানে৷ ভাৰতীয় তথ্য সেৱাৰ (আইআইএছ) ১৯৯১ বেট্‌চৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তী হ’ব আকাশবাণীৰ বাতৰি বিভাগৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অৱৰ সচিব হৰকেশ কুমাৰে শনিবাৰে জাৰি কৰা নিৰ্দেশত এই নিযুক্তিৰ কথা উল্লেখ কৰা হয়৷ মৌচুমী চক্ৰৱৰ্তীৰ ঘৰ তেজপুৰত৷ তেজপুৰৰ ছেইণ্ট যোছেফ কনভেণ্টত স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা প্ৰাক্‌বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হোৱা মৌচুমী চক্ৰৱৰ্তীয়ে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে৷ তেজপুৰ চহৰৰ বিখ্যাত মহাভৈৰৱ মন্দিৰৰ সমীপৱৰ্তী গাৰোৱানপট্টীৰ লক্ষীধৰ শৰ্মা পথৰ ডাঃ কামাখ্যা চক্ৰৱৰ্তীৰ কন্যা মৌচুমী চক্ৰৱৰ্তীয়ে আকাশবাণীৰ বাতৰি বিভাগৰ বৰ্তমানৰ সঞ্চালকপ্ৰধানে অৱসৰ গ্ৰহণ কৰাৰ পাছতে সেই গুৰুদায়িত্ব গ্ৰহণ কৰিব৷ বিগত সময়ছোৱাত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা মৌচুমী চক্ৰৱৰ্তীয়ে সম্প্ৰতি আকাশবাণীৰ বাতৰি বিভাগৰ বাতৰি সেৱা সংমণ্ডলৰ বিশেষ কৰ্তব্যৰত বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ উল্লেখ্য, আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালকপ্ৰধানৰ দৰে শীৰ্ষ পদৰ দায়িত্ব লাভ কৰা মৌচুমী চক্ৰৱৰ্তীয়েই প্ৰথমগৰাকী অসমীয়া মহিলা৷ মৌচুমী চক্ৰৱৰ্তীয়ে আকাশবাণীৰ বাতৰি বিভাগৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ খবৰ পোৱাৰ লগে লগে গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰকে ধৰি আকাশবাণীৰ অসম পৰিয়ালত আনন্দৰ জোৱাৰ উঠে৷ এগৰাকী অসমীয়াই এই গুৰুদায়িত্ব লাভ কৰাৰ বাবে স্বাভাৱিকতেই তেওঁৰ জন্মভূমি তেজপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকে সন্তুষ্টি প্ৰকাশ কৰিছে৷