Logo
image

কংকালৰ হ্ৰদ! উত্তৰাখণ্ডৰ ৰূপকুণ্ড হ্ৰদ ভৰি আছে শ শ নৰ-কংকালেৰে

আমাৰ অসম, ২ মাৰ্চঃ উত্তৰাখণ্ডৰ ত্ৰিশূল পৰ্বতমালাত থকা ৰূপকুণ্ড হ্ৰদ ভৰি আছে কংকালেৰে৷ যাৰ বাবে এই হ্ৰদটোক কংকাল হ্ৰদ বুলি কোৱা হয়৷ উল্লেখ্য যে ৰূপকুণ্ড হ্ৰদটো সমুদ্ৰ পৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্ছতাত অৱস্থিত৷ ১৯৪২ চনত প্ৰথমবাৰৰ বাবে এই হ্ৰদটোত ব্ৰিটিছ বনৰক্ষীয়ে কেইবাটাও কংকাল আৱিষ্কাৰ কৰে৷ ইয়াৰ পিছত  বিগত ৫০ বছৰ ধৰি এই হ্ৰদটোত ইটোৰ পিছত সিটো কংকাল উদ্ধাৰ হৈ আহিছে৷ এতিয়ালৈকে উক্ত হ্ৰদটোৰ পৰা ৮০০ৰো অধিক কংকাল উদ্ধাৰ হৈছে৷ কিন্তু আচৰিত যে ৰূপকুণ্ড হ্ৰদত এই কংকালসমূহ ক’ৰ পৰা আহিছে তাৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই৷ এডাওইন হাৰ্ণি নামৰ গৱেষক এজনৰ মতে নৱম শতিকাত সংঘটিত এক দুৰ্ঘটনাৰ ফলত হয়তো উক্ত অঞ্চলত একেলগে বৃহৎ সংখ্যক লোকৰ মৃত্যু ঘটিছিল৷ তাৰেই পৰিণতি হয়তো এনেদৰে হ্ৰদটোত ইটোৰ পিছত সিটো কংকাল উদ্ধাৰ হৈ আহিছে৷ পিছে এই ক্ষেত্ৰত গৱেষক হাৰ্ণিয়ে এশ শতাংশই নিশ্চিত নহয় বুলি প্ৰকাশ কৰিছে৷