Logo
image

প্ৰেমিকৰে মিলনৰ বাবে ৫৬৫ কিঃমিঃ পথযাত্ৰা আইপিএছ যুৱতীৰ

আমাৰ অসম, ৩ মাৰ্চঃ তন্বী তেওঁ৷ অসামান্য ৰূপৱতীও৷ কিন্তু কেৱল ৰূপৰ বাবে তেওঁ চৰ্চিত নহয়৷ চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ অহাৰ কাৰণ ‘বিউটি উইথ ব্ৰেইন’৷ নৱজোৎ ছিমি তেওঁৰ নাম, কাম ‘ছুপাৰ কপ’৷ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ এই আইপিএছ সুন্দৰী গৰাকীৰ নাম সম্প্ৰতি চৰ্চালৈ অহাৰ কাৰণ– তেওঁ প্ৰেমৰ দিনটোত গ্ৰহণ কৰা এটা দুঃসাহসিক পদক্ষেপ৷ বিহাৰৰ পাটনাত ডিএছপি হিচাপে কৰ্মৰত এই নৱজোৎ ছিমি নামৰ সুন্দৰী আইপিএছ বিষয়াগৰাকীৰ প্ৰেমাস্পদ থাকিলেও দুয়ো বিয়াখন পাতি পেলাব পৰা নাছিল উভয়ৰ কৰ্মব্যস্ততাৰ বাবে৷ কিয়নো নৱজোৎ ছিমিৰ প্ৰেমাস্পদো আই এ এছ বিষয়া৷ পশ্চিমবংগৰ উলুবেড়িয়াত কৰ্মৰত নৱজোৎৰ প্ৰেমিক তুষাৰ ছিংলাৰো একেই সমস্যা, কৰ্মব্যস্ততা৷

অচিৰেই বিয়াখন নহ’ব যেন দেখি এইবাৰ গুৰুত্বপূৰ্ণ আৰু কাৰ্যকৰী পদক্ষেপটো ল’লে ছিমিয়ে৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ ভেলেণ্টাইন ডে’ত পাটনাৰ পৰা ৫৬৫ কিলোমিটাৰ গাড়ী চলাই আহি নৱজোৎ ওলালহি পশ্চিমবংগৰ উলুবেড়িয়াত, তুষাৰ ছিংলাৰ কৰ্মস্থলীত৷ কোনো আগতীয়া পৰিকল্পনা নোহোৱাকৈ সেইদিনাই তুষাৰৰ কাৰ্যালয়তে বিবাহ পাশত আৱদ্ধ হ’ল নৱজোৎ-তুষাৰ৷ ৰূপকথাৰ দৰে আয়োজন নকৰাকৈয়ো দুয়োৰে এই বিয়াখনে এতিয়া ৰূপকথাৰ চৰ্চা লাভ কৰিছে৷ তাৰ কাৰণ কেইবাটাও – বলীউডী নায়িকাৰ দৰে নৱজোৎৰ সৌন্দৰ্য, দুয়োৰে পদমৰ্যাদা আৰু নৱজোৎৰ এই দুঃসাহসিক পদক্ষেপৰ জৰিয়তে ভেলেণ্টাইন ডে’ত হোৱা বিয়াখন৷ বিয়াৰ পাছত দুয়ো বন্ধু-বান্ধবক প্ৰতিশ্ৰুতি দিছে, পশ্চিমবংগৰ নিৰ্বাচন হৈ যোৱাৰ পাছত তেওঁলোকে পৰম্পৰাগতভাবে বিয়াখন পাতি সকলোকে গ্ৰেণ্ড পাৰ্টি দিব৷

অনুসূচিত সম্প্ৰদায়ৰ নৱজোৎ ২০১৭ চনৰ আইপিএছ আৰু তুষাৰ ২০১৫ চনৰ আইএএছ৷ নৱজোৎ বিডিএছৰ স্নাতক অৰ্থাৎ  দাঁতৰ ডাক্তৰ৷ চিকিৎসকৰ চাকৰিত যোগদান কৰাৰ পাছতে তেওঁ পঞ্জাব লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এবছৰৰ পাছতে আইপিএছ মনোনীত হয়৷ নৱজোৎৰ ঘৰ পঞ্জাবত৷