Logo
image

ভোটৰ পূৰ্বে বাংলাদেশত তীৰ্থ কৰিবলৈ যাব মোদী

আমাৰ অসম, ৩ মাৰ্চঃ দেশৰ ৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ঠিক পূৰ্বে নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক কৰ্তন কৰি নিৰ্বাচনী লাভালাভ আদায় কৰাৰ পৰিকল্পনা কৰিছে৷ একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ মাৰ্চত বাংলাদেশ ভ্ৰমণ কৰি মতুৱা জনগোষ্ঠীৰ ধৰ্মগুৰু হৰিচান্দ ঠাকুৰৰ জন্মস্থান ওড়াকান্দিত উপস্থিত হৈ পশ্চিমবংগৰ মতুৱা সম্প্ৰদায়ৰ ভোট সমুলঞ্চে বিজেপিলৈ নিয়াৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে৷ যিকোনো প্ৰকাৰে পশ্চিমবংগৰ শাসন দখল কৰিবলৈ উদবাউল হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এয়া যিমান দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ ভ্ৰমণ হ’ব তাতকৈ বহুগুনে বেছি হ’ব পশ্চিমবংগত বসবাস কৰি থকা বাংলাদেশী শৰণাৰ্থীৰ ভোট টনা৷ কোৱা বাহুল্য মাথোঁ, নিৰ্বাচনী বতৰত প্ৰধানমন্ত্ৰী মোদীৰ সকলোবোৰ পদক্ষেপেই ভোটৰ সৈতে সম্পৰ্কিত৷ সোমবাৰে মোদীয়ে প্ৰতিষেধক গ্ৰহণ কৰাৰ সময়ত পৰিধান কৰা বাঙালী হাফ পাঞ্জাবী বা ফটুৱা, অসমীয়া গামোচা, পুডুচেৰী আৰু কেৰালাৰ দুগৰাকী নাৰ্ছৰ দ্বাৰা প্ৰতিষেধক লোৱাৰ ঘটনা সংযোগবশতঃ বা কাকতালীয় নাছিল৷ সেয়া পূৰামাত্ৰাই পূৰ্বপৰিকল্পিত৷ ঠিক তেনেদৰে বিগত সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণিৰ পাছদিনা কেডাৰনাথৰ গুহাত জপ কৰাটোও আছিল ভোটকেন্দ্ৰিক পদক্ষেপ৷ সেই দিনটোত নিৰ্বাচনী প্ৰচাৰ বন্ধ আছিল কিন্তু বিশাল সংখ্যক কেমেৰামেন আৰু সাংবাদিকক লগত লৈ মোদীয়ে আওপকীয়াকৈ সেইদিনাও প্ৰকৃততে প্ৰচাৰেই চলাইছিল৷ কিয়নো ভগৱানক প্ৰাপ্তিৰ বাবে কৰা প্ৰাৰ্থনাৰ এনে প্ৰচাৰৰ প্ৰয়োজন নাথাকে৷ 

পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ২৭ মাৰ্চৰ ভোটগ্ৰহণৰ প্ৰচাৰ ২৫ মাৰ্চত সামৰণি পৰিব৷ ২৬ মাৰ্চত সেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচন কৰি লৈছে বাংলাদেশ ভ্ৰমণ৷ অন্যান্য কাৰ্যসূচীৰ উপৰি মোদীয়ে গোপালগঞ্জৰ ওড়াকান্দি ভ্ৰমণৰ বাবে ইচ্ছাপ্ৰকাশ কৰিছে৷ গোপালগঞ্জৰ শ্বেখ মুজিবুৰ ৰহমানৰ পৈত্ৰিক ঘৰলৈ যোৱাৰ পাছতে মোদী ওড়াকান্দিলৈ যোৱাৰ কথা৷ ওড়াকান্দিতে ১৮১২ চনত জন্ম হৈছিল মতুৱা সম্প্ৰদায়ৰ ধৰ্মগুৰু হৰিচান্দ ঠাকুৰৰ৷ তেওঁৰ বাণী এসময়ৰ পূৰ্ব আৰু পশ্চিমবংগত বিয়পি পৰিছিল পুত্ৰ গুৰুচান্দ ঠাকুৰৰ জৰিয়তে৷ ওড়াকান্দিত এটা মন্দিৰ আছে, যিটো মতুৱা সম্প্ৰদায়ৰ বাবে সৰ্বোচ্ছ মৰ্যাদাৰ তীৰ্থস্থান৷ মোদীয়ে সেই মন্দিৰতে সেৱা আগবঢ়াবলৈ মন কৰিছে৷ আজিলৈকে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰী নোযোৱা ওড়াকান্দিলৈ মোদী গ’লে পশ্চিমবংগৰ সকলো মতুৱা আৰু আন বাংলাদেশী শৰণাৰ্থীৰ ভোট বিজেপিৰ পক্ষলৈ যোৱা নিশ্চিত৷ প্ৰধানমন্ত্ৰীৰ সৈতে ওড়াকান্দিলৈ বনগাঁৰ বিজেপি সাংসদ শান্তনু ঠাকুৰো যোৱাৰ কথা৷ শান্তনু ঠাকুৰ পশ্চিমবংগৰ মতুৱাৰ প্ৰতিনিধি৷ পিছে অতিশয় পিছপৰা অঞ্চল আৰু প্ৰধানমন্ত্ৰী যাব পৰাকৈ সা-সুবিধা নথকাৰ বাবে ঢাকাই মোদীৰ ওড়াকান্দি কাৰ্যসূচী নিশ্চিত কৰা নাই৷ উল্লেখ্য, ভাৰতত ৫ কোটি মতুৱা শৰণাৰ্থী আছে আৰু মোদীৰ এই সম্ভাব্য ভ্ৰমণে মতুৱাসকলক বিজেপিৰ আপোন কৰি তুলিব৷ ইয়াৰ লগতে মোদীয়ে পশ্চিমবংগৰ ভোট টানিবৰ বাবে গোপালগঞ্জৰ টুংগিপাড়াৰ উপৰি ওড়াকান্দি মতুৱা মন্দিৰ, বৰিশালৰ সুগন্ধা শক্তিপীঠ, কুণ্ঠিয়াৰ শিলাইদহত ৰবীন্দ্ৰনাথৰ আৰু বাঘা যতীনৰ এসময়ৰ ঘৰ-বাৰীলৈ যাব বুলি জনাই দিছে হাছিনা প্ৰশাসনক৷ মোদীৰ ইচ্ছাপূৰণ হ’লে এয়া হ’ব পশ্চিমবংগৰ ভোটত বিজেপিৰ ‘মাষ্টাৰষ্ট্ৰোক৷’

ইপিনে যোৱা ১২ মাহত দুবাৰকৈ পেট্ৰ’লজাত সামগ্ৰীত কৰ বহুওৱা মোদী চৰকাৰে প্ত খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ নিৰ্বাচনৰ আগে আগে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে৷ সম্প্ৰতি ডিলাৰৰ কমিছনসহ ভাৰতত পেট্ৰ’লৰ কৰ হৈছে বিশ্বৰ সৰ্বাধিক, ৬৯.৩ শতাংশ৷ তেলৰ মূল দাম বৃদ্ধিৰ লগে লগে কৰৰ শতাংশও বৃদ্ধি পায়৷ ২০২০ চনৰ ৬ মে’ত দেশত পেট্ৰ’লৰ কৰ বিশ্বৰ ভিতৰত সৰ্বাধিক হৈছিল৷ এতিয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে দেশৰ কেইবাখনো ৰাজ্যত পেট্ৰ’লৰ মূল্যই ১০০ টকাৰ সীমা অতিক্ৰম কৰিছে৷ সেয়ে নিৰ্বাচনৰ পূৰ্বেই মোদী চৰকাৰে দেশজুৰি পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰি ভোট টনাৰ পৰিকল্পনা কৰিছে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে আলোচনা কৰিছে৷ সম্ভৱতঃ নিৰ্বাচনলৈ এসপ্তাহমান বাকী থাকোতে মোদী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰিব৷