Logo
image

ছিৰাম আৰু ভাৰত বায়’টেক্‌ত চীনা চৰকাৰী হেকাৰৰ আক্ৰমণ

◾বিশ্বত কৰ’না বিয়পোৱা চীনৰ আন এটা কুকৰ্ম

আমাৰ অসম, ৩ মাৰ্চঃ চীনৰ পৰা বিয়পা কৰ’না ভাইৰাছে বিশ্বক গ্ৰাস কৰি লাখ লাখ লোকৰ প্ৰাণ লোৱাৰ লগতে অৰ্থনীতি ধবংস কৰি পেলাইছে৷ মানুহৰ সাধাৰণ জীৱন-যাত্ৰাত কু-প্ৰভাৱ পৰে৷ বহু লোকে চাকৰি-বাকৰি, কৰ্ম-সংস্থাপন, ব্যৱসায় হেৰুৱাই কোঙা হৈ পৰিছে৷ এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতে ভেক্‌চিন প্ৰস্তুত কৰি উলিওৱাৰ লগতে এই ভেক্‌চিন বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে৷ কিন্তু নিকৃষ্ট চীনে ভাৰতৰ কৰ’না প্ৰস্তুতকাৰী দুই ভেষজ কোম্পানী পুনেৰ ছিৰাম ইনষ্টিটিউট আৰু হায়দৰাবাদৰ ভাৰত বায়’টেক্‌ৰ আই টি পদ্ধতিত হেকাৰৰ দ্বাৰা আক্ৰমণ সংঘটিত কৰে৷ চীন চৰকাৰৰ দ্বাৰা সমৰ্থিত হেকাৰে কৰা এই অপকৰ্মৰ কথা পোহৰলৈ অহাত এতিয়া চীনৰ নিকৃষ্ট মানসিকতা আৰু অধিক স্পষ্ট হৈ পৰিল৷ চাইবাৰ চোৰাংচোৱা কোম্পানী ‘চাইফাৰ্মা’ৰ দ্বাৰা এই কথা ৰাজহুৱা কৰা হৈছে৷ চাইফাৰ্মাই আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছৰ আগত এই কথা ৰাজহুৱা কৰে৷ কৰ’নাৰ ভেক্‌চিনক লৈ এতিয়া চীনে ভাৰতৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ভাৰতে যেনেদৰে বিশ্বৰ বিভন্ন দেশক কৰ’নাৰ ভেক্‌চিন বিক্ৰী কৰিছে বা উপহাৰ হিচাপে দিছে, তেনেদৰে চীনেও দেশখনত প্ৰস্তুত হোৱা কৰ’না ভেক্‌চিন আন দেশলৈ প্ৰেৰণ কৰিছে৷ কিন্তু ভাৰত হৈছে বিশ্বৰ ঔষধৰ মূল কেন্দ্ৰ৷ গতিকে ভাৰতৰ ওপৰত চীনৰ ঈৰ্ষা অধিক৷ সেয়ে চীনৰ চৰকাৰী হেকাৰে পুনেৰ ছিৰাম ইনষ্টিটিউট আৰু হায়দৰাবাদৰ ভাৰত বায়’টেক্‌ৰ ওপৰত আক্ৰমণ চলায়৷ ছিংগাপুৰ আৰু টকিঅ’ত মূল কাৰ্যালয় থকা ‘চাইফাৰ্মা’ৰ মতে চীনা হেকাৰ গ্ৰুপ ‘এ পি টি ১০’ ওৰফে ‘ষ্ট’ন পাণ্ডা’ৰ দ্বাৰা এই আক্ৰমণ চলে ছিৰাম আৰু ভাৰত বায়’টেক্‌ৰ ওপৰত৷ এই ঔষধ প্ৰস্তুতকাৰী কোম্পানী দুটাৰ বহু গুৰুত্বপূৰ্ণ তথ্য, কৰ’নাৰ ভেক্‌চিন প্ৰস্তুতৰ আৰ্হি চুৰি কৰাৰ বাবে চীনা হেকাৰে এই আক্ৰমণ কৰিছিল৷