Logo
image

শিৱসেনাৰ পৰা আহিছে ভাবুকি, ছুপ্ৰিম ক’ৰ্টলৈ কংগনা

চলি থকা গোচৰ ছিমলালৈ স্থানান্তৰৰ অনুৰোধ

আমাৰ অসম, ৩ মাৰ্চঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট আৰু ভগ্নী ৰংগোলীৰ বিৰুদ্ধে মুম্বাইত চলি আছে চাৰিটা অপৰাধৰ গোচৰ৷ কিন্তু এই গোচৰকেইটা ছিমলালৈ স্থানান্তৰ কৰাৰ অনুৰোধ মঙলবাৰে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়লৈ যায় কংগনা আৰু ৰংগোলী৷ মুম্বাইত যি চাৰিটা গোচৰ চলি আছে, তাৰ ভিতৰত জাভেদ আখতাৰে তৰা মানহানিৰ গোচৰটোও অন্যতম৷ এই গোচৰত সোমবাৰে কংগনাৰ বিৰুদ্ধে জামিনযুক্ত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল৷ গোচৰ কেইটাৰ বিচাৰ প্ৰক্ৰিয়া ছিমলালৈ স্থানান্তৰ কৰাৰ অনুৰোধ জনাই কৰা আৱেদনত কংগনাই ছুপ্ৰিম ক’ৰ্টক জনায় যে মুম্বাইত শিৱসেনাৰ নেতাৰ দ্বাৰা তেওঁৰ জীৱনলৈ ভাবুকি আহিছে৷ তেওঁ আৰু অভিযোগ কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে জানি-বুজি তেওঁলোকৰ ওপৰত শোষণ আৰম্ভ কৰিছে৷ তেওঁলোক দুয়োৰে ভাৱমূৰ্তি ম্লান কৰিবৰ বাবেই এই গোচৰকেইটা চলাই থকা হৈছে বুলিও আৱেদনত কোৱা হৈছে৷ উল্লেখ্য, ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্নধৰণৰ আপত্তিজনক মন্তব্য কৰিয়েই কংগনা আৰু ৰংগোলী এই গোচৰৰ সন্মুখীন হৈছিল৷