Logo
image

৭ সপ্তাহত প্ৰথমবাৰলৈ পুনৰ বাঢ়িল কৰ’না

 স্বীকাৰ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

আমাৰ অসম, ৩ মাৰ্চঃ কৰ’না ভেক্‌চিনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ সময়তে পুনৰ বাঢ়িছে এই ভাইৰাছৰ ত্ৰাস৷ ভাৰতকে ধৰি আন আন দেশত পুনৰ এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিগত ৭ সপ্তাহত প্ৰথমবাৰলৈ বিশ্বত পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চলকপ্ৰধান টেড্ৰ’ছ আধানম ঘেব্ৰিয়েছাছে দেশসমূহক সাৱধান হ’বলৈ আহ্বান জনাইছে৷ সোমবাৰে ঘেব্ৰিয়েছাছে এই কথা ৰাজহুৱা কৰি বিশ্ববাসীক সচেতন হ’বলৈ আহ্বান জনায়৷ সাত সপ্তাহৰ পাছত যোৱা সপ্তাহৰ পৰা পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাত তেওঁ কিছু চিন্তিত হৈ পৰে৷ গতিকে দেশসমূহক আহ্বান জনাইছে কৰ’না সম্পৰ্কীয় বিধি-নিষেধ একেবাৰে ঢিলাই নিদিবলৈ৷ এই ভাইৰাছৰ দ্ৰুত সম্প্ৰসাৰণ ৰোধৰ বাবে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব-বিধি মানি চলা আৰু হাত-মুখ পৰিস্কাৰ কৰি ৰখা, গৰম পানী খোৱা আদিকে ধৰি সকলো নিয়ম বৰ্তাই ৰাখিবলৈ বিশ্ববাসীক আহ্বান জনায় বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধানে৷ এইবোৰ নামানিলে পুনৰ বিশ্বত কৰ’না মহামাৰীয়ে ভয়ংকৰ ৰূপ ল’ব পাৰে বুলি তেওঁ আশংকা কৰে৷ বিশ্বৰ বিভিন্ন দেশত কৰ’নাৰ ভেক্‌চিন প্ৰদানৰ কাম দ্ৰুতগতিত বৃদ্ধি পোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰে৷