Logo
image

চৰকাৰৰ সমালোচক অভিনেত্ৰী-প্ৰযোজকৰ বিৰুদ্ধে নামিল আয়কৰ

আমাৰ অসম, ৪ মাৰ্চঃ নৰেন্দ্ৰ মোদী চৰকাৰৰ কঠোৰ সমালোচক বলীউডৰ পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপসী পান্নুৰ বাসভৱন আৰু কাৰ্যালয়ত বুধবাৰে কেন্দ্ৰীয় আয়কৰ বিভাগে তালাচী চলাইছে৷ কৰ ফাঁকি দিয়াৰ অভিযোগত মুম্বাই আৰু পুনেৰ ৩০টা স্থানত আয়কৰ বিভাগে ব্যাপক তালাচী চলাই আছে৷ পৰিচালক অনুৰাগ কাশ্যপ আৰু প্ৰযোজক বিকাশ বেহেল তথা মধু মাণ্টেনাৰ মালিকানাধীন ফেণ্টম ফিল্মছ তথা এটা টেলেণ্ট এজেন্সিৰ কাৰ্যালয়তো আয়কৰ বিভাগে তালাচী চলায়৷ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰছাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে আয়কৰ বিভাগে কৰ ফাঁকিৰ নিৰ্দিষ্ট অভিযোগ সন্দৰ্ভত কিছু সংখ্যক স্থানত তালাচী চলাইছে, এয়া যথাসময়ত আদালতলৈ যাব৷ উল্লেখ্য, বিগত কেইবাবছৰ ধৰি ছঈফ আলী খানে পৰিচালনা কৰি থকা এক্সিড ফিল্মছৰ কাৰ্যালয়তো আয়কৰ বিভাগে তালাচী চলায়৷

ইপিনে তালাচী সম্পূৰ্ণ নৌহওঁতেই আয়কৰ বিভাগৰ বিষয়াই অনুৰাগ কাশ্যপ আৰু তাপসী পান্নুক জেৰা আৰম্ভ কৰিছে৷ দুয়োকে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে৷ উল্লেখ্য, তাপসী পান্নু আৰু অনুৰাগ কাশ্যপে মোদী চৰকাৰৰ বহু বিতৰ্কিত পদক্ষেপৰ সমালোচনা কৰিবলৈ পিছহোহকা নাছিল৷ বলীউডৰ এচাম শিল্পী চৰকাৰৰ শৰণাপন্ন হোৱাৰ সময়ত সোঁতৰ বিপৰীতে গৈ নিজৰ মত দুয়ো স্পষ্টভাৱে প্ৰকাশ কৰিছিল৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে আৰু পপ গায়িকা বিহানাৰ কৃষক আন্দোলনকাৰীলৈ সমৰ্থন জনোৱা টুইটৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ উঠিপৰি লগা ঘটনাতো সমালোচনাত মুখৰ হৈছিল তাপসী পান্নু৷ উল্লেখ্য, ৰিহানাৰ টুইটৰ বিৰুদ্ধে কাৰোবাৰ অঘোষিত নিৰ্দেশত লতা মংগেশকাৰ, শচীন তেণ্ডুলকাৰ, বলীউডৰ অভিনেতা অক্ষয় কুমাৰ, অজয় দেৱগন আদিয়ে টুইট কৰি দেশৰ ঐক্য আৰু সাৰ্বভৌমত্বৰ পক্ষে মন্তব্য কৰিছিল৷ ইয়াৰে অধিকাংশৰ টুইটৰ ভাষা একে হোৱাৰ বাবে ৰিহানাৰ বিৰুদ্ধে কৰা মন্তব্য কোনো এটা স্থানৰ পৰা অহা শ্ৰুতলিপি বুলিও চৰ্চা হৈছিল৷ কৃষকৰ আন্দোলনে দুমাহ অতিক্ৰম কৰাৰ সময়লৈ কৃষকৰ সমৰ্থন বা বিৰোধিতাত এটাও মন্তব্য নকৰা বলীউডৰ অভিনেতা-গায়িকাই ৰিহানাৰ টুইটৰ পাছতে বিষয়টোক লৈ তৎপৰ হৈ পৰাও লক্ষণীয় হৈছিল৷ তেতিয়াই এটা টুইটত তাপসী পান্নুৱে লিখিছিল–‘যদিহে এটা টুইটে তোমালোকৰ সংহতিৰ ভেটি জোকাৰি পেলাব পাৰে, এটা কৌতুকে বিশ্বাস আৰু ধৰ্মবিশ্বাসত জোকাৰণি তুলিৰ পাৰে, তেন্তে তোমালোকৰ মূল্যবোধৰ গুৰিটো শক্তিশালী কৰা তোমালোকৰ কাম, আনৰ উৰা বাতৰিৰ শিক্ষক হৈ লাভ নাই৷’ মোদী চৰকাৰক সমালোচনা কৰাৰ এমাহৰ ভিতৰতে তাপসী পান্নুৰ ঘৰত আয়কৰ বিভাগৰ তালাচীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে এয়া চৰকাৰৰ সমালোচকৰ বিৰুদ্ধে সম্পূৰ্ণ মুকলিভাৱে চৰকাৰী ‘এজেন্সি’ ব্যৱহাৰ কৰা বুলি মন্তব্য কৰিছে৷ আৰ জে ডিৰ তেজস্বী যাদৱে এই কাৰ্যক নাৎসি চৰকাৰৰ শিল্পী, সাংবাদিক, সমাজকৰ্মীৰ ওপৰত জপিয়াই পৰাৰ পদক্ষেপ বুলি মন্তব্য কৰিছে৷