Logo
image

আইনাৰ দৰে স্বচ্ছ নদীখন বৈ আছে আমাৰ কাষতে

আমাৰ অসম, ৬ মাৰ্চঃ এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখন আছে অসমৰ প্ৰতিৱেশী ৰাজ্য মেঘালয়ৰ  এটা সীমাত৷ মাওলিনং নামৰ এই এছিয়াৰ পৰিষ্কাৰ গাঁওখন চাবলৈ নিতৌ অলেখ পৰ্যটকৰ সমাগম ঘটে৷ এই গাঁওখনৰ কাষতে থকা এখন নদী হৈছে এছিয়াৰ আটাইতকৈ স্বচ্ছ পানীৰ নদী৷ সেই বিষয়ে অৱশ্যে বহুতেই নাজানে৷ আনকি মেঘালয়ৰ চুবুৰীয়া অসমৰ অনেক পৰ্যটকৰো এই নদীখনে এছিয়াৰ স্বচ্ছতম নদীৰ মৰ্যাদা দখল কৰি থকা সন্দৰ্ভত অজ্ঞাত৷ ঘাইকৈ সীমিত প্ৰচাৰৰ বাবে সেই বিষয়টো অনেকৰ অজ্ঞাতেই থাকি যায়৷ এছিয়াৰ এই স্বচ্ছতম নদীখন আছে মাওলিনং গাঁওখনৰ সমীপতে বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চল ডাউকিত৷ নদীখনৰ নামো হৈছে ডাউকি৷ স্থানীয় বাসিন্দাই এই নদীখনতউমনগোট নদী বুলিহে কয়৷ অতি আচৰিতভাৱে এই নদীখনৰ পানী ইমানেই স্বচ্ছ যে, নদীৰ উপৰি ভাগেদি চলি থকা নাও একোখনৰ প্ৰতিচ্ছবি নদীৰ তলিত প্ৰতিবিম্বৰ দৰে ধৰা পৰে৷ এনে লাগে যেন এখন পৰিষ্কাৰ আইনাৰ ওপৰেৰেহে নাওখনে গতি কৰিছে৷ বিশ্বৰ অন্যতম আশ্চৰ্য যেন হৈ পৰে ডাউকি নদীত বিচৰণ কৰা সৰু সৰু নাওসমূহৰ তেনে প্ৰতিবিম্ব ওলাই থকা ফটো৷ সকলো সময়তে এই ফটোসমূহপৰ্যৱেক্ষণ কৰাজনৰ দৃষ্টি বিভ্ৰমৰ দৰে অৱস্থা হয়৷ কিয়নো প্ৰথম অৱস্থাত ফটোখন দেখাৰ লগে লগে কোনেও সেয়া সঁচাকৈ কেমেৰাৰে তোলা ফটো বুলি বিশ্বাস নকৰে৷ প্ৰাথমিকভাৱে সকলোৱে সেয়া কোনো শিল্পীৰ তুলিকাৰ স্পৰ্শত প্ৰাণ পাই উঠা চিত্ৰ বা ছবি বুলিহে ধাৰণা কৰে৷ তেনে অসংখ্য ফটোৱে ইণ্টাৰনেটত বিচৰণ কৰি থাকিলেও এতিয়াও ডাউকিৰ সেই ৰূপে নেটৰ দুনিয়াত ধুমুহাৰ সৃষ্টি কৰিব পৰা নাই৷ কিন্তু কোনো প্ৰসিদ্ধ দেশৰ পৰিচিত অঞ্চলৰ হোৱা হ’লে ডাউকি নদীৰ সেই ৰূপে কেতিয়াবাই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিলেহেঁতেন৷ বতৰ পৰিষ্কাৰ হৈ থাকিলে সূৰ্যৰ পোহৰত সততে নদীখনৰ পানী ভাগেৰে আগবাঢ়ি যোৱা সৰু সৰু নাওৰ প্ৰতিবিম্বৰ দৃশ্য আক্ষৰিত অৰ্থতে অকল্পনীয়৷ এটা দিশে মেঘালয়ৰ পাহাৰ আৰু আনটো দিশে বাংলাদেশৰ ছিলেট জিলাৰ উপত্যকাভূমি৷ সৰু-ডাঙৰ শিলগুটিৰে পাৰ ভৰ্তি হৈ থকা সৰু নদী ডাউকিৰ চেহেৰা সঁচাকৈ বৰ্ণনাতীত৷ নদীখনৰ গভীৰতা তেনেই কম, মাত্ৰ ১৫ ফুট৷ এই নদীৰ ওপৰেৰে এখন ওলোমা দলঙো পাৰ হৈ গৈছে৷ বাংলাদেশলৈ যোৱাৰ বাবে থকা তামাবিলত যিখন ‘চেকগেট’ আছে তাৰ পথো এই দলঙৰ ওপৰেৰে গৈছে৷ স্থানীয় বাসিন্দাই এছিয়াৰ পৰিষ্কাৰ গাঁওখনৰ দৰেই এই নদীৰ পানী আৰু দুয়োপাৰ পৰিষ্কাৰ কৰি ৰাখে৷  প্ৰকৃতি আৰু মানৱৰ প্ৰচেষ্টাত এই ডাউকি নদী আজি এছিয়াৰ স্বচ্ছতম নদী৷ ভালদৰে প্ৰচাৰ লাভ কৰিলে ডাউকিৰ এই ৰূপে সমগ্ৰ বিশ্বত শিহৰণৰ সৃষ্টি কৰিব পাৰে৷