Logo
image

সোণোৱালৰ ভৱিষ্যদ্বাণীঃ কংগ্ৰেছে কৰা মহাপাপৰ বাবে এইবাৰ মাত্ৰ ২০ৰ পৰা ২৫খন আসনহে লাভ কৰিব

'আমাৰ অসম'ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ এপ্ৰিলঃ "স্বৰাজোত্তৰ কালত কংগ্ৰেছে ৫৪৫ খন আসনৰ ৪২০ খনো লাভ কৰিছিল ৷ কিন্তু যোৱাটো নিৰ্বাচনত সেই সংখ্যা হ্রাস পাই হ'লগৈ মাত্র ৪৮ খন৷ এইবাৰ তেওঁলোক মাত্র ২০ৰ পৰা ২৫ খন আসনতে সীমাবদ্ধ হৈ থাকি৷ পূৰ্বে কৰা মহাপাপৰ ফলতেই কংগ্রেছে এই শাস্তি লাভ কৰিব৷" এই ভৱিষ্যদ্বাণী ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ৷ 

দেওবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জন্মস্থান তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱত দিনটোৰ প্ৰথমখন প্ৰচাৰ সভাত ভাষণ দি সোণোৱালে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ উল্লেখ্য যে সৰ্বানন্দ সোণোৱালে আজি নিশালৈকে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইপুলি মৰাণকাৰী গাঁও, মহাকালী চাহ বাগিচা প্রাঙ্গণ, চানমাৰি নেপালী খেলপথাৰ, মানৱ কল্যাণ পূজা ভৱন, ১৫ নং ৱাৰ্ডৰ ডিএছ বিবাহ ভৱন আদি বিভিন্ন ঠাইত প্ৰচাৰ সভাত উপস্থিত থাকে৷ মৰাণকাৰী গাঁৱত প্ৰদান কৰা নির্বাচনী প্ৰচাৰৰ প্ৰথমটো ভাষণত বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ তেওঁ কয়, ’কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰজোঁটে যিমানেই চেষ্টা নকৰক কিয়, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ অকুণ্ঠ সমর্থনক ৰুধিব নোৱাৰে ৷ আজিৰ নৱপ্ৰজন্ম যথেষ্ট সজাগ আৰু সচেতন ৷ সমগ্ৰ বিশ্বৰ খবৰ আজি তেওঁলোকৰ হাতৰ মুঠিত৷ এনেকুৱা যুৱপ্ৰজন্মক যদি ভুল কথাৰে পৰিচালনা কৰিম বুলি ভাবিছে তেন্তে বিৰোধীয়ে মহাভুল কৰিছে৷ কংগ্ৰেছ শাসনাধীন সময়ছোৱাত কর্মবিমুখ যুৱক-যুৱতীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল৷ নিবনুৱা সমস্যাত আক্রান্ত আমাৰ যুৱচামে হতাশগ্ৰস্ততাৰ চিকাৰ হৈছিল৷ সেই ভয়াবহ দিন আমি দেখি আহিছোঁ। আজিৰ জনতাই সেই ক'লা দিনবোৰ ঘূৰি অহাটো কোনোপধ্যেই নিবিচাৰে৷'

ডিব্ৰুগড় সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত ন্যূনতম ৫ লাখ ভোটৰ ব্যৱধানত সর্বানন্দ সোণোৱাল জয়ী হ'ব বুলি কয় ৷ বিভিন্ন ভাষা-ভাষিক, জাতি-জনগোষ্ঠীৰ লোকৰ বাসভূমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক উদ্দেশ্যি সৰ্বানন্দ সোণোৱালে কয়, '"বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সৰ্বস্তৰৰ ৰাইজৰ মৰম-আশিস শিৰত লৈ আমি সমাজৰ শান্তি-সম্প্রীতি, প্রগতি, সমৃদ্ধিৰ বাবে সমর্পিতভাৱে কাম কৰি যাবলৈ বদ্ধপৰিকৰ৷ ডিব্ৰুগড় লোকসভা সমষ্টিক চাহ পর্যটন, চিকিৎসা পর্যটন আৰু নদী পর্যটন, ঔদ্যোগীকৰণ, কৃষিজাত সামগ্ৰীৰ মসৃণ ৰপ্তানি, জলপথৰ আন্তঃগাঁথনি, ক্রীড়া খণ্ড, দক্ষতা প্রশিক্ষণ আদি বিভিন্ন দিশত নতুন ৰূপত উজলাই তোলাৰ বাবে আমি নিৰলস প্ৰচেষ্টাৰে কাম কৰি যাম৷" সৰ্বানন্দ সোণোৱালৰ সৈতে নিৰ্বাচনী প্ৰচাৰত ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী ক্ৰমে বিমল বড়া আৰু সঞ্জয় কিষাণৰ উপৰি দলীয় নেতৃবৃন্দ উপস্থিত থাকে ৷