Logo
image

দক্ষিণ আফ্ৰিকালৈ কৰ’নাৰ নকল টিকা প্ৰেৰণ চীনৰ

আমাৰ অসম, ৬ মাৰ্চঃ চীনৰ পৰা সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটাৰ পাছত এইবাৰ দেশখনে কৰ’না ভাইৰাছৰ নকল টিকা সৰবৰাহ কৰা আৰম্ভ কৰিছে৷ এই ভয়ংকৰ ঘটনা ধৰা পৰিছে দক্ষিণ আফ্ৰিকাত৷ দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ জাৰমিষ্টিন নামৰ চহৰখনত কৰ’নাৰ কেইবা হাজাৰ নকল টিকা জব্দ হোৱাৰ লগতে স্থানীয় আৰক্ষীয়ে তিনিজন চীনা নাগৰিকক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ্য যে চীনৰ পৰা কৰ’নাৰ নকল ভেকচিন সৰবৰাহ হোৱাৰ আগতীয়া তথ্য লাভ কৰিছিল ইণ্টাৰপ’লে৷ উক্ত তথ্যৰ ভিত্তিতে অভিযান চলাওতে চাৰিশটা বাকচত চীনৰ পৰা প্ৰেৰণ কৰা কৰ’নাৰ নকল টিকাসমূহ উদ্ধাৰ হয়৷