Logo
image

ইলেক্ট্ৰিক বাইকৰ জনপ্ৰিয়তা বাঢ়িছে

আমাৰ অসম, ৭ মাৰ্চঃ পে’ট্ৰলৰ মূল্যই চেঞ্চুৰি কৰাৰ পাছত এতিয়া দেশৰ জনতাই দুচকীয়া বাহন হিচাপে লাহে লাহে ইলেক্ট্ৰনিক বাইক বা ই-বাইকৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰিছে৷ দেশৰ ই-বাইক নিৰ্মাতা একাধিক কোম্পানীৰ শীৰ্ষ বিষয়াই এই কথা প্ৰকাশ কৰিছে৷ আৰম্ভণিতে দেশত ই-বাইক বা ই-স্কুটীৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ তেনেই কম আছিল৷ কিন্তু বিগত দুমাহমানৰ পৰা হঠাতে দেশৰ জনতাই ই-স্কুটীৰ প্ৰতি অধিক আগ্ৰহ প্ৰকাশ কৰা বুলি কেইবাজনো বিক্ৰেতাই প্ৰকাশ কৰিছে৷ মহাৰাষ্ট্ৰ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান ইত্যাদি ৰাজ্যত বিগত দুমাহমানত হোৰাহোৰে বিক্ৰী হৈছে দুচকীয়া ই-স্কুটী৷  দেশত সম্প্ৰতি বাজাজ, হিৰো, আথাৰ, টিভিএছে ইলেক্ট্ৰিক স্কুটী বা বাইক নিৰ্মাণ কৰি বজাৰত মুকলি কৰি দিছে৷ ইয়াৰে কেইখনমানৰ সৰ্বাধিক গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰহে হোৱাৰ বাবে চালকক অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহয় আৰু তেনে বাহনৰ পঞ্জীয়নৰো প্ৰয়োজন নাই৷ এই বাহন ১৮ বছৰৰ অনুধবৰ্য়ো চলাব পাৰে৷ বাজাজে যিখন ই-স্কুটী বজাৰলৈ উলিয়াই দিছে তাৰ নাম চেটক আৰু তাৰ মূল্য ১ লাখ টকাৰ পৰা ১.৫ লাখ টকাৰ ভিতৰত৷ হিৰোৰ মডেলৰ নাম ইলেক্ট্ৰিক অপ্টিমা এল এ, মূল্য ৪৪,৯৯০ টকা৷ ইয়াৰ বাবে চালকৰ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই৷ আথাৰৰ মডেলৰ নাম ৪৫০এক্স, মূল্য ১.২৭-১.৪৬ লাখ টকা৷ টি ভি এছৰ ইলেক্ট্ৰনিক বাইকৰ মডেলৰ নাম আইকিউব ইলেক্ট্ৰিক, যাৰ মূল্য ১.০৮ লাখ টকা৷