Logo
image

মঙল গ্ৰহৰ বুকুত পাৰ্চিভাৰেঞ্চৰ সফল চলাচল

৩৩ মিনিট সময় ৰঙা গ্ৰহত ঘূৰি ফুৰিলে নাছাৰ ৰবট যানে

আমাৰ অসম, ৭ মাৰ্চঃ মঙল গ্ৰহত প্ৰথম টেষ্টড্ৰাইভত  সফলতা লাভ কৰিলে নাছাৰ ৰ’ভাৰ ‘পাৰ্চিভাৰেঞ্চে’৷ ৰঙা গ্ৰহটো মাটিত বৃহস্পতিবাৰে প্ৰায় ৩৩ মিনিট সময় সফলতাৰে চলাচল কৰিবলৈ সক্ষম হয় নাছাৰ ৰবট যানখনে৷ শুকুৰবাৰে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই কথা প্ৰকাশ কৰে৷ উল্লেখ্য যে পাৰ্চিভাৰেঞ্চৰ সফল চলাচলৰ ঘটনা মঙলগ্ৰহ অভিযানত এক অনন্য মাত্ৰাৰূপে বিবেচিত হৈছে৷ ইপিনে পাৰ্চিভাৰেঞ্চৰ সফলতাক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে নাছাৰ ম’বিলিটি টেষ্ট বেড ইঞ্জিনীয়াৰ এনেইছ জাৰিফিয়ান৷  নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে ৬টা চকাযুক্ত ৰবট যানখনে মঙলগ্ৰহত ২১.৩ ফুট অঞ্চলজুৰি চলাচল কৰে৷ প্ৰথমে ১৩.১২ ফুট আগবাঢ়ি গৈ যানখনে ১৫০ ডিগ্ৰী বাওঁহাতে মুখ ঘূৰায়৷ ইয়াৰ পাছত যানখনে ৮.২ ফুট পিছুৱাই আহে৷ সকলো ঠিকে-ঠাকে থাকিলে পাৰ্চিভাৰেঞ্চে অনাগত দিনসমূহত মঙলগ্ৰহৰ বিষয়ে বহু ঐতিহাসিক তথ্য প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে মঙলৰ বুকুত প্ৰাণীৰ অস্তিত্বৰ সন্ধানত যোৱা বছৰৰ ৩০ জুলাইত নাছাৰ ৰবট যানখনে ৰঙা গ্ৰহটো অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল৷ যোৱা ১৮ ফেব্ৰুৱাৰীত মঙলৰ বুকুত সফলভাৱে অৱতৰণ কৰে পাৰ্চিভাৰেঞ্চে৷ আপাততঃ অহা দুবছৰৰো অধিক কাল মঙল গ্ৰহই পাৰ্চিভাৰেঞ্চৰ ঠিকনা হৈ থাকিব বুলি নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে৷