Logo
image

বংগত চেলিব্ৰিটীৰ ৰাজনীতি!

...ক্ৰিকেট তাৰকা বা চলচ্ছিত্ৰ তাৰকাই ৰাজনীতিত প্ৰৱেশ কৰাটো

নতুন কথা নহয় যদিও চেলিব্ৰেটীসকলে ৰাজনীতিৰ পথাৰত কেনেদৰে চমক সৃষ্টি কৰে তাক লৈ জনসাধাৰণ সদায় উৎসুক৷ শেহতীয়াকৈ ক্ৰিকেট তাৰকা সৌৰভ গাংগুলী আৰু চলচ্ছিত্ৰ তাৰকা মিঠুন চক্ৰৱৰ্তী আৰু প্ৰসেনজিতৰ ৰাজনীতিত প্ৰৱেশক লৈ বংগৰ ৰাজনীতিত তোলপাৰ লাগিছে৷...

পশ্চিমবংগত নিৰ্বাচনক লৈ গেৰুৱা দলৰ ব্যাপক কুচকাৱাজ চলিছে৷ বিশেষকৈ তৃণমূলক ওফৰাই নিজেই গাদী দখলৰ বাবে উঠিপৰি লাগিছে গেৰুৱা দলটো৷ শুভ্ৰ দাড়িৰে বাঙালী সাজত স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে ‘বংগৰ আত্মা’ কবিগুৰু সজাই বাঙালীৰ মন জয় কৰিবলৈ চেষ্টা কৰা বুলিও চৰ্চিত হৈছে৷ আনকি ‘বেংগল টাইগাৰ’ খ্যাত প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীক বিজেপি ব্ৰিগেডত চামিল কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে৷ সৌৰভ গাংগুলীৰ লগতে একেদৰে বাঙালীৰ গৌৰৱ ছুপাৰষ্টাৰ মিঠুন চক্ৰৱৰ্তী আৰু প্ৰসেনজিতকো একেখন মঞ্চলৈ আনিব বিচাৰিছে গেৰুৱা দলে৷ মোদী ব্ৰিগেডৰ নতুন সমীকৰণ বংগৰ অতি জনপ্ৰিয় তিনি চেলিব্ৰিটীক কিদৰে গেৰুৱা সাঁজ পিন্ধাই একেখন মঞ্চত উঠাই তৃণমূলৰ বিৰুদ্ধে হুংকাৰ দিব পৰা যায়৷ ইতিমধ্যে প্ৰাক্তন ক্ৰিকেট তাৰকা সৌৰভক গেৰুৱা বসন পিন্ধাবলৈ উঠি পৰি লাগিছে বিজেপিৰ একাধিক প্ৰভাৱশালী নেতা৷ বংগ বিজেপিৰ মুখপাত্ৰ সমিক ভট্টাচাৰ্যই বিজেপিৰ মোদী ব্ৰিগেডত হাইপ্ৰফাইল তাৰকা সৌৰভ-মিঠুন-প্ৰসেনজিৎ চামিল হোৱাৰ ইংগিত দিছে৷ ইতিমধ্যে তিনিওৰে পৰা সেউজ সংকেত পোৱা বুলিও মুখপাত্ৰজনে সদৰি কৰিছে৷ যদিও ‘বংগৰ মহাৰাজ’ সৌৰভ গাংগুলীয়ে বিজেপি গমনৰ বিষয়টো অস্বীকাৰ কৰিছে৷ শাৰীৰিক অসুষ্ঠতাৰ বাবে সৌৰভ গাংগুলী জিৰণি অৱস্থাত আছে যদিও সৌৰভৰ বিজেপি গমনক লৈ মোদী ব্ৰিগেডৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰি থকা বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে মিঠুন চক্ৰৱৰ্তীৰ মুম্বাইৰ বঙলাত হাজিৰ হৈছিলগৈ আৰ এছ এছ প্ৰধান মোহন ভাগৱত৷ দুয়োৰে এই সাক্ষাৎ সম্পূৰ্ণ অৰাজনৈতিক, সৌহাদ্যপূৰ্ণ বুলি দলে দাবী কৰিলেও ইয়াৰ আঁৰত ৰাজনৈতিক অংক থকাৰ গোন্ধ পাইছে ৰাজনৈতিক বিজ্ঞ মহলে৷ সেইদৰে টলীউডৰ ‘মিষ্টাৰ ইণ্ডাষ্ট্ৰী’ খ্যাত জনপ্ৰিয় অভিনেতা প্ৰসেনজিতৰ কাষ চাপিছিল বিজেপি নেতা অনিৰ্বাণ গাংগুলী৷ এই সাক্ষাতকলৈও ব্যাপক চৰ্চিত হৈছিল বংগৰ সংবাদ মাধ্যমত৷ বিভিন্ন ক্ষেত্ৰৰ ৰথী-মহাৰথীক ৰাজনৈতিক মঞ্চলৈ অনাতো ডাঙৰ কথা বা নতুন কথা নহয় যদিও এই ৰাজনৈতিক অংকৰ পৰা বুজা যায় যে বংগৰ তিনি মহাশক্তি সৌৰভ-মিঠুন-প্ৰসেনজিতক সাত মাৰ্চত একেখন মঞ্চতে উঠাই বংগৰ বাঘিনী তৃণমূল নেত্ৰী মমতাৰ বিৰুদ্ধে ভালদৰে এঘড়ী যুঁজিব মোদী ব্ৰিগেডে৷ অৱশ্যে সৌৰভ গাংগুলীয়ে ৰাজনীতিত প্ৰৱেশৰ প্ৰসংগটো নাকচ কৰিছে৷ ইফালে, সৌৰভ গাংগুলী স্বাস্থ্যজনিত কাৰণত জিৰণি অৱস্থাত থকা প্ৰসংগটোক লৈ বংগৰ বিজেপিৰ মুখপাত্ৰজনৰ প্ৰচাৰ যে ৰাজনৈতিক অভিষেকৰ বাবে বংগৰ মহাৰাজ সাজু, তেওঁ বৰ্তমান নেট প্ৰেক্টিছত আছে৷

অৱশ্যে নিশাটোৰ ভিতৰত যদি কোনো নাটকীয় পৰিৱৰ্তন নহয় তেন্তে বেংগল টাইগাৰ ৰাজনীতিৰ মৈদানলৈ নহাটোৱে স্বাভাৱিক৷ বিশ্বস্ত খবৰ মতে মোদী ব্ৰিগেডে জল্পনা কল্পনা কৰিলেও দাদা ব্ৰিগেডৰ [সৌৰভ-মিঠুন-প্ৰসেনজিৎ] সৌৰভ গাংগুলী ৰাজনীতি মৈদানত বেট ধৰিবলৈ আগ্ৰহী নহয়৷ বংগ দখলৰ বাবে মোদী-অমিত শ্বাহে সঘনে বংগ চফৰ কৰি আছে৷ গেৰুৱা শিবিৰৰ চকু টালিগঞ্জৰ তৰুণ প্ৰজন্মৰ তাৰকাৰ ওপৰতো৷ ইতিমধ্যে বহু জল্পনা-কল্পনা শেষ কৰি টালিগঞ্জৰ সুদৰ্শন অভিনেতা যশ দাসগুপ্তই পদ্ম শিবিৰত যোগ দিছে৷ টালিগঞ্জত অভিনেত্ৰী তথা তৃণমূলৰ সাংসদ নুচৰৎ জাহান একালৰ প্ৰেমিক হিচাপে চৰ্চিত চৰ্চিত হৈ থকা যশে অৱশ্যে ৰাজনৈতিক মৈদানত প্ৰেমিকা নুচৰতৰ বিপক্ষ দলতে ঠিয় দিব৷ 

ইফালে, মোদী চৰকাৰৰ দিনত এল পি জি গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে মুৰ্চ্ছা যোৱাৰ উপক্ৰম হৈছিল অভিনেত্ৰী-সাংসদ মিমি চক্ৰৱৰ্তীৰ৷ ছ’চিয়েল মিডিয়াত নিজৰ টুইটাৰত ক্ষুব্ধ হৈ তৃণমূলৰ সাংসদ-অভিনেত্ৰী মিমিয়ে লিখিলে– ফেব্ৰুৱাৰী মাহতে ৰন্ধন গেছৰ দাম তিনিবাৰকৈ বাঢ়িছে৷ অভিনেত্ৰীগৰাকীয়ে মোদীক কটাক্ষ কৰি লিখিলে– ‘কিয়া হোৱা তেৰা যাদা? আত্মনিৰ্ভৰ ক্যায়েচা বানেগা ইণ্ডিয়া৷ খুন বেচকে আপনা৷’ মিমিৰ ভাষ্য মতে এইদৰেই যদি ভাৰতক আত্মনিৰ্ভৰ কৰা কথা ভাবে কেন্দ্ৰই তেতিয়াতো দেশবাসীৰ ওচৰত ৰক্ত বিক্ৰী কৰাৰ বাহিৰে কোনো উপায় নাথাকিব৷