Logo
image

সোণৰ পাহাৰ! জব্দ কৰিলে চৰকাৰে

আমাৰ অসম, ১০ মাৰ্চঃ কংগোত এটা সোণৰ পাহাৰ আৱিষ্কাৰ হোৱাৰ খবৰে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দেশখনৰ দক্ষিণ প্ৰান্তত অৱস্থিত কিভু প্ৰদেশত থকা এটা পাহাৰত সোণ ওলোৱা বুলি খবৰ প্ৰকাশ পোৱাৰ লগে লগে স্থানীয় আৰু দূৰ-দূৰণিৰ অসংখ্য লোকে পাহাৰটো দখল কৰি লৈ সোণ খান্দিবলৈ আৰম্ভ কৰে৷ অবশ্যে পোনপটীয়াকৈ পাহাৰটোত সোণৰ টুকুৰা পোৱা নাই কোনো লোকে৷ পাহাৰটোৰ মাটিত আছে সোণৰ আকৰ৷ পাহাৰটোত উঠি অগণন লোকে সোণমিশ্ৰিত মাটি খান্দি সেই মাটি ধুই তাৰ পৰা সোণ উলিয়াই লৈছে৷ প্ৰকৃততে আহমদ আলগ’বাৰী নামৰ এজন য়েমেনী ফ্ৰীলেন্স সাংবাদিকে পাহাৰটোত সোণ খান্দি থকাৰ এটা ভিডিঅ’ টুইটাৰত আপলোড কৰাৰ পাছতে এই খবৰটো বিশ্বজুৰি প্ৰচাৰ হয়৷ ভিডিঅ’টোত এদল লোকে উল্লসিত হৈ পাহাৰ খান্দি বিশাল এটা গাঁতৰ সৃষ্টি কৰা দেখা গৈছে, য’ত বোকাৰ মাজত লুতুৰি-পুতুৰি হৈ সকলোৱে হাতে হাতে তুলি লৈছে সোণালী ৰঙৰ বোকা৷ সেই বোকাৰ মাজত মিহলি হৈ আছে সোণৰ আকৰ৷ সকলোৱে হয় তাতে পানীত বোকা ধুই তাৰ পৰা সোণ উলিয়াই লৈছে, নহয় বোকাবোৰ টোপোলা বান্ধি ঘৰলৈ লৈ গৈছে৷ আফ্ৰিকাৰ যিকোনো দেশত এনেদৰে সোণৰ আকৰৰ সন্ধান লাভ কৰাটো আচৰিত ঘটনা নহয়৷ সময়ে সময়ে যিকোনো দেশত এনেদৰে সোণৰ আকৰৰ সন্ধান লাভ কৰাৰ লগে লগে স্থানীয় লোক সোণ সংগ্ৰহ অভিযানত জঁপিয়াই পৰে৷ শেহতীয়াকৈ কংগোৰ এই ঘটনাই সম্পূৰ্ণ অৰাজকতাৰ সৃষ্টি কৰাত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সাধাৰণ লোকৰ সোণ খন্দা অভিযান নিষিদ্ধ কৰি দি সম্পূৰ্ণ পাহাৰটো অধিগ্ৰহণ কৰি লৈছে৷ এতিয়াৰ পৰা এই সোণ বা সোণৰ আকৰৰ সম্পূৰ্ণ স্বত্ব কংগোৰ চৰকাৰৰ৷