Logo
image

ধৰা নপৰিবলৈ পি পি কিট পিন্ধি আহিছিল চালকে

আম্বানিৰ ঘৰৰ সন্মুখত বিস্ফোৰকভৰ্তি গাড়ী প্ৰসংগ

আমাৰ অসম, ১০ মাৰ্চঃ বিশ্বৰ অষ্টম ধনী ব্যক্তি মুকেশ আম্বানিৰ মুম্বাইস্থিত ঘৰ ‘এণ্টিলিয়া’ৰ সন্মুখত মাজনিশা বিস্ফোৰকভৰ্তি গাড়ী ৰাখি থৈ যোৱা লোকজনৰ ছবি পোহৰলৈ আহিছে৷ এই ঘটনাৰ তদন্ত এতিয়া ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী এজেন্সী চমুকৈ ‘নিয়া’ই গ্ৰহণ কৰাৰ পাছতে এই ছবি পোহৰলৈ আহিছে৷ যিজন লোকে জিলেটিনভৰ্তি গাড়ীখন আম্বানিৰ ঘৰৰ সন্মুখত ৰাখিছিল, তেওঁ নিজৰ পৰিচয় লুকুৱাবলৈ পি পি ই কিট পৰিধান কৰি আহিছিল৷ কিন্তু গাড়ীৰ পৰা নমাৰ সময়ত ওচৰতে থকা চিচি টিভি কেমেৰাত তেওঁ বন্দী হয়৷ কিন্তু পি পি ই কিট পিন্ধি অহা বাবে তেওঁৰ পৰিচয় জানিব পৰা নাই তদন্তকাৰী  আৰক্ষী আৰু ‘নিয়া’ৰ বিষয়াই৷ মুম্বাই আৰক্ষীৰ এ টি এছ বিভাগে প্ৰকাশ কৰা অনুসৰি ২৫ ফেব্ৰুৱাৰীত এণ্টিলিয়াৰ পৰা মাত্ৰ অলপ দূৰতে জিলেটিনভৰ্তি গাড়ীখন ৰখাই আঁতৰি যোৱা লোকজনে পাছত পুনৰ এখন ইন’ভা গাড়ীৰে সেই স্থানলৈ আহিছিল৷ দুয়োবাৰেই তেওঁ পি পি ই কিট পৰিধান কৰি আহিছিল৷ আনহাতে, জিলেটিনভৰ্তি গাড়ীখন আছিল চুৰি গাড়ী আৰু অলপতে গাড়ীখনৰ মালিকৰো ৰহস্যজনকভাৱে মৃত্যু হয়৷