Logo
image

আত্মনিৰ্ভৰ ভাৰত

ক’ভিড মহামাৰীয়ে ক্ষতিগ্ৰস্ত কৰা অৰ্থনীতিৰ ক্ষত মেৰামত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান জনাইছে৷ আত্মনিৰ্ভৰ ভাৰতৰ জৰিয়তে তেওঁ দেশবাসীক বিভিন্ন সামগ্ৰী নিজে উৎপাদন কৰাত জোৰ দিছে৷ এই ঘটনাৰ সৈতে অৱশ্যে চীনৰ ভাৰতৰ প্ৰতি আগ্ৰাসী মনোভাৱৰো সংযোগ আছে৷ পোনপটীয়াকৈ চীনৰ সামগ্ৰী বন্ধ কৰাটো সম্ভৱ নহয় বাবেই প্ৰধানমন্ত্ৰীয়ে দেশবাসীক স্বাৱলম্বী হৈ উঠিবলৈ আহ্বান জনাইছে৷ 

প্ৰধানমন্ত্ৰীৰ এনে আহ্বানসমূহৰ মাজত অৱশ্যে সময়ে সময়ে ৰাজনীতিও মিশ্ৰিত হৈ আছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক পুতলা বনাবলৈ জোৰ দিছে৷ ‘মন কী বাত’ত যিদিনা তেওঁ পুতলা বনোৱাৰ বাবে দেশবাসীক আহ্বান জনাইছিল, সেইদিনা তেওঁ বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘নুতন যুগেৰ ভোৰ কবিতা’ৰ পৰা  পুতলাৰ বিষয়ে কেইশাৰীমান থকা কবিতা আবৃত্তি কৰিছিল৷ প্ৰশ্ন হয়– এতিয়াৰ পৰা এশ বছৰ পূৰ্বে ৰবীন্দ্ৰ নাথ ঠাকুৰে লিখা সেই পুতলাৰ কবিতাৰ লগত এতিয়াৰ পুতলা উদ্যোগৰ সম্পৰ্ক কি? প্ৰধানমন্ত্ৰী মোদীৰ বিচক্ষণতা তাতেই৷ সেইখিনিতে তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ সৈতে যোগ কৰি দিলে ‘অলপ ৰাজনীতি’৷ লকডাউনৰ ছমাহত প্ৰধানমন্ত্ৰী মোদীয়ে অতি দীঘলকৈ দাঢ়ি ৰাখিছে৷ পশ্চিমবংগৰ সংবাদ মাধ্যমৰ দাবী– ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দাঢ়িৰ সৈতে মিল দেখুৱাই তেওঁ আগন্তুক নিৰ্বাচনত পশ্চিমবংগত  চমৎকাৰ প্ৰদৰ্শন কৰাৰ বাবেই দাঢ়ি দীঘল কৰিছে আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বচন আওৰাইছে৷ নিৰ্বাচনলৈ সাত মাহ আছে, এই সাত মাহত তেওঁৰ দাঢ়ি ৰবি ঠাকুৰৰ দৰে হ’বগৈ বুলি আশা কৰা হৈছে৷ সেয়া হ’ব ২০১৪১ নিৰ্বাচনৰ ‘চায়ৱালা’ আৰু ২০১৯১ নিৰ্বাচনৰ ‘চকীদাৰ’ৰ দৰে আন এক ৰূপ৷

২০ লাখ কোটিৰ কি হ’ল?

লকডাউনৰ ভৰপক৷ খানাপাৰাত এজনে আন এজনৰ সৈতে বাজী ধৰিলে৷ পল্টন বজাৰৰ এখন নিৰ্দিষ্ট ফাৰ্মাচীৰ পৰা ৰ ঘণ্টাৰ ভিতৰত এটা দৰব আনি দিব পাৰিলে তেওঁ ১০ হাজাৰ টকা দিব৷ দুয়োজনেই ‘আম জনতা’৷ অৰ্থাৎ বিশেষ কোনো ক্ষমতা নাই৷ গাড়ীা মটৰো নাই, প্ৰেছক্ৰিপছনো নাই৷ ওলালেই পুলিচৰ মাৰ৷ লুকাই-চুৰকৈ আহিলেও ৰ ঘণ্টাত খোজকাঢ়ি-দৌৰি খানাপাৰাৰ পৰা পল্টন বজাৰলৈ অহা যোৱা কৰা অসম্ভৱ৷ ১০ হাজাৰ টকাৰ আশাত ইজনে অলপ ভূমুকা-ভূমুকি কৰি শেষত চেষ্টা বাদ দিলে৷ আকালৰ দিনত ১০ হাজাৰ টকা হাতলৈ অহাৰ পথ এটা মুকলি হৈয়ো বন্ধ হৈ গ’ল৷ আচলতে বাজী মৰাজনৰ হাততো ১০ হাজাৰ টকা নাছিল৷ কাৰণ তেওঁ জানিছিল, সেই বাজীত তেঁৱেই জিকিব, টকা নিদিলেও হ’ব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড অতিমাৰীৰ কবলত পৰা দেশৰ অৰ্থনীতি উদ্ধাৰ কৰাৰ বাবে ঘোষণা কৰা ‘পেকেজ’টো বা ‘ফিটকেল ষ্টিমুলাছ’ কম বেছি পৰিমাণে ওপৰৰ ধাৰণাটোৰ সৈতে একে৷ কাৰণঃ


১] মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ মুঠেই ২ লাখ ৭০ হাজাৰ কোটি টকাহে চৰকাৰৰ কোষাগাৰৰ পৰা অহা নগদ ধন৷

২] বাকী সকলোখিনি ৰিজাৰ্ভ বেংকৰ জৰিয়তে দিবলগীয়া ঋণহে, চৰকাৰী ব্যয় নহয়৷

৩] বেংকৰ ঋণ সঠিক কাগজপাতি থকা, পূৰ্বৰ ঋণত ডিফল্টাৰ নোহোৱা অৰ্থাৎ আৰ্থিকভাৱে বিত্তশালীয়েহে পাব৷ 

৪] বাকী ঋণগ্ৰস্ত উদ্যোগী, ক্ষুদ্ৰ উদ্যোগী, সাধাৰণ ব্যৱসায়ী, পদপথৰ দোকানৰ বাবে এই ঋণ ওপৰৰ ধাৰণাটোৰ দৰে৷ কাৰোবাৰ কাগজ নাই, কোনোবা পূৰ্বতে ঋণগ্ৰস্ত, বেংকক ঋণ ঘূৰাই দিয়া নাই৷

৫] এয়া ২.৭ লাখ কোটি টকা দেশৰ ডিজিপিৰ  ১.১ শতাংশহে৷

৬] এয়া ‘ফিচকেল ষ্টিমুলাছো’ নহয়৷ ৰাজকোষৰ পৰা বাজেটৰ অতিৰিক্ত ব্যয়কহে ফিচকেল ষ্টিমুলাছ বুলি কোৱা হয়৷ 

৭] দেশৰ অৰ্থনীতি মোদীৰ ২০ লাখ কোটি টকাৰে কিমান উন্নতি হৈছে সেয়া এপ্ৰিল-জুনৰ চৰকাৰী পৰিসংখ্যাত দেশবাসীয়ে নিজ চকুৰে দেখিছে৷ ২০ লাখ কোটিৰ ৩ ভাগৰ এভাগো যদি দেশৰ বিপৰ্যস্ত জনতাৰ হাতলৈ নগদ ধনৰ ৰূপত আহিলহেঁতেন তেন্তে এতিয়াতকৈ সামান্য উন্নতি হ’লহেঁতেন৷ কিন্তু বিত্তমন্ত্ৰী সীতাৰমনে নগদ ধন দিয়াৰ ক্ষেত্ৰত ক’লে– ‘মই টকা নুৰুৱাও, আমি বহু চাপত আছো৷’