Logo
image

‘কল্কি ২৮৯৮ এডি’ত ১৫ মিনিট অভিনয় কৰিয়েই ২০ কোটি টকা!

'কল্কি ২৮৯৮ এডি’ ছাবিত মাত্ৰ ১৫ মিনিট অভিনয় কৰি ২০ কোটি টকা পাৰিশ্ৰমিক ল’বলৈ সক্ষম হৈছে এজন দক্ষিণৰ ছুপাৰষ্টাৰে৷ ছবিখনত কেইমিনিটমান সময় অভিনয় কৰি ছবিৰ মুখ্য চৰিত্ৰতকৈও অধিক ধন লাভ কৰিছে দক্ষিণৰ প্ৰভাৱশালী অভিনেতাজনে৷ আগন্তুক জুন মাহত মুক্তি পাব কল্কি ২৮৯৮ এডি’ শীৰ্ষক বিগক বাজেটৰ ছবিখন৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ‘বাহুবলী’খ্যাত অভিনেতা প্ৰভাসে৷ প্ৰভাসৰ লগতে আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্ছন, দীপিকা পাডুকনৰ দৰে বলীউডৰ শক্তিশালী তাৰকাই৷ বলীউডৰ সূত্ৰ মতে কল্কি ২৮৯৮ এডি’ত মুখ্য চৰিত্ৰতকৈ অধিক পাৰিশ্ৰমিক লাভ কৰিছে এজন দক্ষিণৰ শক্তিশালী তাৰকাই৷ কি{¨ ২৮৯৮ এডি’ ছবিখনত কালীৰ চৰিত্ৰটোত অভিনয় কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানে৷ নাগ অশ্চিনে পৰিচালনা কৰা ছবিখনত কমল হাচানে ১৫ মিনিটমান অভিনয় কৰিয়ে ২০ কোটি টকা খৰচ কৰিছে৷