Logo
image

গাড়ীত ভৰাব লাগিব ইথানল পে’ট্ৰল

আমাৰ অসম, ১১ মাৰ্চঃ পে’ট্ৰলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিকল্প সন্ধান আৰম্ভ কৰিছে৷ পে’ট্ৰলৰ সৈতে ইথানল মিশ্ৰিত কৰি সামগ্ৰিকভাৱে ইন্ধনৰ মূল্য হ্ৰাস কৰা হ’ব যাতে জনসাধাৰণে কিঞ্চিত সকাহ লাভ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ পক্ষৰ পৰা এই সন্দৰ্ভত অনুমতি প্ৰদানৰ জাননী জাৰি কৰা হৈছে৷ ইথানল বা ই২০ মিশ্ৰিত পে’ট্ৰলৰ দাম সচৰাচৰ ব্যৱহাৰ কৰা পে’ট্ৰলৰ তুলনাত যথেষ্ট কম হ’ব৷ ২০২৫ৰ ভিতৰত দেশত ২০ শতাংশ ইথানল মিশ্ৰিত পে’ট্ৰলৰ ব্যৱহাৰৰ লক্ষ্য লোৱা হৈছে৷ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ২০৩০ চনৰ ভিতৰত ২০ শতাংশ ইথানল মিশ্ৰিত পে’ট্ৰলৰ ব্যৱহাৰৰ লক্ষ্য লৈছিল৷ এতিয়া পে’ট্ৰলৰ অস্বাভাৱিক মুল্যবৃদ্ধিৰ বাবে সেই লক্ষ্য আগুৱাই অনা হৈছে বুলি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে৷ এতিয়া এবছৰৰ ভিতৰত ৮.৫ শতাংশ ইথানল ব্যৱহাৰ সম্ভৱ হ’ব আৰু ২০২২ চনৰ ভিতৰত ১০ শতাংশলৈ বৃদ্ধি কৰা হ’ব৷   অবশ্যে ইথানল মিশ্ৰিত পে’ট্ৰলৰ মূল্য কিমান হ’ব সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই৷ ইথানল কুঁহিয়াৰ, গোমধানৰ পৰা তৈয়াৰ কৰা এবিধ জুলীয়া দ্ৰব্য৷ ইয়াক এক নিৰ্দিষ্ট পৰিমাণত পে’ট্ৰলৰ সৈতে ব্যৱহাৰ কৰিব পাৰি৷ ইথানল মিশ্ৰিত পে’ট্ৰলৰ পৰা প্ৰদূষণ কম হয়৷ ই কাৰ্বন মনঅক্সাইড আৰু হাইড্ৰ’কাৰ্বন কম মাত্ৰাত নিৰ্গত কৰে৷ সেই দিশৰপৰা ইথানল মিশ্ৰিত পে’ট্ৰলৰ ব্যৱহাৰ পৰিৱেশ অনুকূল হ’ব৷ তদুপৰি দেশৰ কৃষকসকলো লাভবান হ’ব৷ উল্লেখ্য, এই ইন্ধন ব্যৱহাৰ কৰা যান-বাহনৰ প্ৰস্তুতকাৰী কোম্পানীসমূহে এবিধ পৃথক ষ্টিকাৰ লগাব লাগিব৷