Logo
image

বহু ‘মিত্ৰ’ই অখিল জে’লত থকাটোৱেই বিচাৰে!

গীতাশ্ৰী তামুলীৰ বিস্ফোৰক পোষ্ট

আমাৰ অসম, ১১ মাৰ্চঃ অখিল গগৈৰ বাবে আইনী সাহায্য দিয়া বহু লোকে এতিয়া ধন ঘূৰাই বিচাৰিছে৷ আনকি অখিলৰ মিত্ৰ যেন লগা বহুতে অখিল গগৈ কাৰাগাৰত থকাটোৱেই বিচাৰিছে৷ –এই বিস্ফোৰক মন্তব্য কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ৷ ছ’চিয়েল মিডিয়াত আপলোড কৰা ‘মোৰেই কথা’ শীৰ্ষক এটা পোষ্টত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক গীতাশ্ৰী তামুলীয়ে এইদৰে উল্লেখ কৰে– ‘বোধহয় ২৭ তাৰিখ আছিল৷ অখিলৰ জামিন আবেদন উচ্ছ ন্যায়ালয়ে নাকচ কৰিছে৷ সেইদিনা জামিন আবেদনৰ শুনানি আছে বুলি জানোঁ৷ কলেজত ক্লাছ কৰি থকাৰ বাবে মই খবৰটো ল’ব পৰা নাছিলোঁ৷ ক্লাছলৈ মই ফোন নিনিওঁ৷ ১২মান বজাত শ্ৰেণীৰ পৰা ওলাই দেখিলোঁ অচিনাকি নম্বৰৰ পৰা কেইবাটাও ফোন৷ ফোন কৰাত ক’লে, অখিলৰ চিকিৎসক৷ খুব উদ্বিগ্নতাৰে আৰু সহৃদয়তাৰে কৈছিল, অখিলৰ ওচৰলৈ তেতিয়াই যাবলৈ৷ ‘আমি অলপ আগত চাই আহিলোঁ৷ তেওঁ অকলে আছে– কথাটো চিন্তনীয়৷’ তাৰ পাছতহে মই গম পালোঁ, জামিন নাকচ হোৱাৰ কথা৷ সেইদিনা চিকিৎসালয়লৈ গৈছিলোঁ৷ অখিলে একো মতা নাছিল, এটা কথাও কোৱা নাছিল৷ চিকিৎসকৰ কথামতে, নাৰ্ছসকলে সেইদিনাই তেওঁ খাই থকা দৰৱখিনি নিজৰ জিম্মালৈ লৈ গ’ল৷ সময়ত আহি খুৱাই যায়৷ সেইদিনা ৰাতি আইনী বিষয়টো আলোচনা কৰিবলৈ মই শেষবাৰৰ বাবে অধিবক্তাৰ ওচৰলৈ গ’লোঁ৷ তাৰ পাছত এই বিষয়ে কাৰো লগত একো কথা পতা নাই৷ উচ্ছতম ন্যায়ালয়ৰ আবেদনৰ কোনো খবৰে মই লোৱা নাই৷ কাৰণ মই বুজি উঠিলোঁ, দেখাত মিত্ৰ যেন লগা বহুপক্ষই অখিল জে’লত থকাটো বিচাৰে৷ তেওঁলোক নিজৰ চেষ্টাত সফল হ’ল৷ এতিয়া বহুতে মোক আইনী সাহায্যৰ বাবে দিয়া পইচা ঘূৰাই বিচাৰিব ধৰিছে৷ বহুলোকে, আনকি, যাক বন্ধু বুলি জানিছিলোঁ, সেইসকলেও ভাবে অখিল জে’লত থকা, বেমাৰ হোৱা সকলোবোৰেই অভিনয়৷ হেণ্ডকাফ লগোৱা, ক’ভিড পজিটিভ-নিগেটিভ লৈ হোৱা কাৰচাজি, ৰাতিয়ে দিল্লীলৈ লৈ যোৱা– সকলো এই অভিনয়ৰ অংশ৷ মানুহক আৱেগিক কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনা৷ মইহে বুজা নাই, ‘বি’ টীম হ’লে কি লাভ হ’ব? মূল দলত খেলাৰ যোগ্যতা তেওঁৰ নাই নেকি? কংগ্ৰেছত বা বিজেপিত? এটা সহজ বাটত গ’লে আমাৰ বাবেও কথাবোৰ সহজ হ’লহেঁতেন! বহু সহজ৷ ২০১৬ চনৰ পৰা পুৱা-গধূলি শুনি থকা চোৰৰ পুতেক, চোৰৰ ঘৈণীয়েক, মিঞাৰ এজেণ্ট আৰু বহু অশ্ৰাব্য গালি-অপমানৰ পৰা মুক্ত হ’লোহেঁতেন! অখিলৰ কি বেমাৰ হৈছে? ডাঙৰ প্ৰশ্ন! চিকিৎসালয়ত কি খাইছে, আৰু ডাঙৰ প্ৰশ্ন৷ এই পোন্ধৰ মাহ আমি কেনেকৈ জীয়াই আছোঁ, তাতকৈও ডাঙৰ প্ৰশ্ন৷ কিন্তু ইয়াৰ উত্তৰ মই দিব নোৱাৰোঁ৷ আপোনালোকে অখিলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গঠন কৰা মেডিকেল ব’ৰ্ডক সোধক, কি হৈছে? কিয় পুনৰ কাৰাগাৰলৈ যাবলৈ দিয়া নাই? স্বাস্থ্যমন্ত্ৰী মহোদয়ক সোধক৷ তেখেতে নিশ্চয় সুন্দৰকৈ ক’ব৷ যদি একো বেমাৰ হোৱা নাই, অখিল পুনৰ জে’ললৈ যাওক৷ ময়ো তাকেই বিচাৰিম৷ এতিয়াতো জে’লৰ পৰা ওলোৱাৰ সকলো বাট বন্ধ কৰা হৈ গ’ল! কাইলৈ কংগ্ৰেছ বা বিজেপিৰ চৰকাৰ হ’ব৷ তাৰ আগত চীজাৰৰ মৃতদেহৰ আগত এণ্টনিয়’ৰ বিখ্যাত ভাষণটো আকৌ দিয়া হ’ব! হয়তো বিধায়ক কিনা-বেচা হ’ব পাৰে৷ পক্ষ সলনা-সলনি হ’ব পাৰে৷ সেইবোৰ সকলো সাধাৰণ কথা৷ তেনেই তুচ্ছ কথা৷ গণতন্ত্ৰ বা হিন্দুৰাষ্ট্ৰ ৰক্ষাৰ বাবে! অখিল কেৱল জে’লত থাকক! আৰু, অখিলৰ পত্নী হোৱা সূত্ৰে পুৱা-গধূলি, এই কথাখিনি লিখি থকা মানুহজনীয়ে কেৱল শুনি থাকক দূৰৰ পৰা ভাহি অহা সেই সুমধুৰ সম্বোধন, ‘ঐ ..........’! [সকলোলৈ ক্ষমাপ্ৰাৰ্থনাৰে!]’