Logo
image

নাকৰ ভিতৰত স্পে কৰা হ’ব ক’ভিড টিকা

পৰীক্ষামূলক প্ৰয়োগ ভাৰত বায়’টেকৰ

আমাৰ অসম, ১১ মাৰ্চঃ এতিয়াৰ পৰা নাকতেই ল’ব পাৰিব ক’ভিডৰ ভেক্‌চিন৷ বুধবাৰে দিল্লীত ভাৰত বায়’টেকে নাকৰ ভিতৰত ক’ভিডৰ ভেক্‌চিন স্পে কৰাৰ পৰীক্ষা আৰম্ভ কৰে৷ প্ৰথমদিনাই দহজন স্বেচ্ছাসেৱকে এই পৰীক্ষাত ভাগ লয়৷ এই সম্পৰীক্ষা শীঘ্ৰে পাটনা, চেন্নাই আৰু নাগপুৰতো আৰম্ভ কৰা হ’ব৷ দেশজুৰি ১৭৫জন স্বেচ্ছাসেৱকক পৰীক্ষামূলকভাৱে এনেদৰে টিকা দিয়া হ’ব৷ এই টিকাৰ বাবে কোনো ছিৰিঞ্জৰ প্ৰয়োজন নাই৷ নাকৰ ভিতৰত স্পে কৰিয়েই ক’ভিডৰ এই ভেক্‌চিন দিয়া হ’ব৷ ‘ইণ্ট্ৰানেজাল’ নামৰ এই টিকাৰ বিষয়ে প্ৰথমে চিন্তা কৰে ভাৰত বায়’টেকৰ মুৰব্বী কৃষ্ণ এল্লাই৷ গৱেষণাত প্ৰাপ্ত তথ্য মতে, নাকত স্পে কৰি টিকা দিয়াটো সবাতোকৈ উত্তম পদ্ধতি৷ কাৰণ নাকৰ মাজেদিয়েই আটাইতকৈ বেছি সংক্ৰমণ ঘটে কৰ’নাৰ৷