Logo
image

এপালি ঔষধৰ দাম ১৮কোটি টকা!

আমাৰ অসম, ১২ মাৰ্চঃ বিশ্বৰ সবাতোকৈ দামী ঔষধবিধৰ এপালিৰ দাম শুনিলে এয়া অবিশ্বাস্য যেন লাগিব৷ বিশ্বৰ এই দামী ঔষধবিধক ইতিমধ্যে ইংলেণ্ডৰ জাতীয় স্বাস্থ্য সেৱাই বিধিসন্মত অনুমোদন জনাইছে৷ স্পাইনেল মাস্কুলাৰ অট্ৰফি নামৰ  অসুখত ভুগিলে এই ঔষধ প্ৰয়োগ কৰা হয়৷ এই ৰোগ এক কোটি লোকৰ ভিতৰত কোনো এজনৰ দেহতহে দেখা দিব পাৰে৷ এই ৰোগত আক্ৰান্ত হ’লে এনে ব্যয়-বহুল চিকিৎসাৰ পৰা বঞ্চিত হৈ ৰোগীৰ লগতে পৰিয়ালো সৰ্বস্বান্ত হোৱাৰ সম্ভাৱনাই বেছি৷ আনহাতে এনেকুৱা ব্যক্তি আছে যি গোটেই জীৱন এই ৰোগত বিনা চিকিৎসাই থাকিব লগাত পৰে৷ বিৰলতম এই অসুখত ভুগিলে চিকিৎসাৰ বাবে এপালি ঔষধ সেৱন কৰিলেই ভৰিব লাগিব ১৮ কোটি টকা৷ ইতিমধ্যে ইংলেণ্ডৰ জাতীয় স্বাস্থ্য সেৱাই এই ঔষধবিধ বজাৰত বিক্ৰীৰ বাবে অনুমোদন জনাইছে৷