Logo
image

৬ লাখ ডলাৰৰ সোণ উৎকোচ লৈছিল ছু চ্যিয়ে

আং ছান ছু চ্যিৰ বিৰুদ্ধে সেনাৰ অভিযোগ

আমাৰ অসম, ১২ মাৰ্চঃ ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদ জোৰদাৰ গতিৰে অব্যাহত থকাৰ সময়তে সামৰিক শাসকে বন্দী নেত্ৰী আং ছান ছু চ্যিৰ বিৰুদ্ধে আনিছে এটা গুৰুতৰ অভিযোগ৷ আং ছান ছু চ্যিক মুকলি কৰি দিবলৈ ম্যানমাৰৰ জনতাই দাবী তুলি অহাৰ সময়তে ম্যানমাৰৰ জুণ্টাই অভিযোগ আনিছে যে চৰকাৰ চলোৱাৰ সময়ত ছু চ্যিয়ে ৬ লাখ ডলাৰৰো অধিক ধনৰ সোণ উৎকোচ হিচাপে লৈছিল৷ এই কেলেংকাৰী সঁচানে মিছা সেয়া পৰীক্ষা কৰা হৈছে আৰু এয়া সম্পূৰ্ণ সত্য বুলি সেনাৰ মুখপাত্ৰই দাবী কৰিছে৷ ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকা বহু লোকক সোধা-পোছা কৰা হৈছে৷ ব্ৰিগেডিয়াৰ জেনেৰেল জাউ মিন টুনে দাবী কৰে যে ৰাষ্ট্ৰপতি ৱিন ম্যিণ্ট আৰু আন আন মন্ত্ৰীও বিভিন্ন দুৰ্নীতিত জড়িত থকাৰ তথ্য তেওঁলোকে লাভ কৰিছে৷ এই আটাইবোৰৰে তদন্ত আৰম্ভ কৰা হৈছে৷ দেশৰ প্ৰতিবাদী জনতাক ক্ষান্ত কৰিবলৈকে সেনাই ছু চ্যি, ৰাষ্ট্ৰপতি আৰু আন মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ অনা বুলি প্ৰতিবাদকাৰী জনতাই অভিযোগ কৰিছে৷