Logo
image

বিমানৰ ভিতৰতে কাপোৰ খুলিবলৈ চেষ্টা মহিলাৰ

আমাৰ অসম, ১২ মাৰ্চঃ ৰাছিয়াৰ এখন বিমানত এগৰাকী মহিলা যাত্ৰীয়ে সকলোকে আচৰিত কৰি বাৰে বাৰে কাপোৰ খুলিবলৈ চেষ্টা কৰাত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশেষত উপায়হীন হৈ বিমান কৰ্মীয়ে তেওঁৰ হাত ৰচীৰে বান্ধি থ’বলগীয়া হয়৷ ৩৯ বছৰীয়া এই মহিলাগৰাকীয়ে বিমানৰ ভিতৰতে অস্বাভাৱিক আচৰণ কৰি আহিছিল৷ বিমান কৰ্মীয়ে বাৰে বাৰে সকীয়াই দিয়াৰ পাছতো তেওঁ নিৰ্দেশনা মনা নাছিল৷ বিমান উৰাৰ পাছতে মহিলাগৰাকীয়ে আসনৰ পৰা উঠি ইফালে-সিফালে ঘূৰি ফুৰিবলৈ ধৰে৷ বিমানখন উৰণৰ পোন্ধৰ মিনিটৰ পাছতে মহিলাগৰাকীয়ে পিন্ধি থকা কাপোৰ খুলি দিবলৈ চেষ্টা চলায়৷ এই কাৰ্যত সকলো আচৰিত হয়৷ বাৰে বাৰে বিমান কৰ্মীয়ে তেনে নকৰিবলৈ সকীয়াই দিয়াৰ পাছতো মহিলাগৰাকীয়ে তেনে কৰাত এটা সময়ত ৰচীৰে হাত বান্ধি, মুখত টেপ লগাই আৰু ছীট বেল্ট বান্ধিহে ৰাখিবলগীয়া হয় মহিলাগৰাকীক৷ তেতিয়াহে মহিলাগৰাকী শান্ত হয়৷ সেইভাগেই তেওঁ বিমানযাত্ৰা সম্পূৰ্ণ কৰে৷