Logo
image

আম্বানি, এলন মাস্কক চেৰাই গ’ল আদানিয়ে

আমাৰ অসম, ১৩ মাৰ্চঃ মুকেশ আম্বানি, জেফ বেজোছ আৰু এলন মাস্ক– সকলোকে চেৰাই গ’ল গৌতম আদানিয়ে৷ চলিত বছৰত সকলোতকৈ দ্ৰুতগতিত সম্পত্তি আয় কৰাৰ ক্ষেত্ৰত আদানি গোষ্ঠীৰ অধ্যক্ষ গৌতম আদানিয়ে বিশ্বৰ সকলো ধনকুবেৰক অতিক্ৰম কৰিছে৷ ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইনডেক্সৰ প্ৰকাশিত  প্ৰতিবেদন অনুসৰি ২০২১ চনত ১৬২০ কোটিৰ পৰা আদানিৰ সম্পত্তি বাঢ়ি হৈছেগৈ ৫০০০ কোটি টকা৷ চলিত বছৰত কেৱল এটা খণ্ড বাদ দি আদানি গোষ্ঠীৰ সকলো ব্যৱসায়ৰ শ্বেয়াৰৰ মূল্য ৫০ শতাংশ হাৰত বৃদ্ধি পাইছে৷ কোনো কোনো খণ্ডত লভ্যাংশৰ হাৰ ৯০ শতাশৰো অধিক হৈছে৷ এবছৰত আয় কৰা সম্পত্তিৰ ক্ষেত্ৰত আদানিয়ে অতিক্ৰম কৰিছে তেওঁৰ দেশৰ প্ৰতিদ্বন্দ্বী, এছিয়াৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানিক, যাৰ চলিত  বছৰত উপাৰ্জন ৮১০ কোটি টকা৷ ব্লুমবাৰ্গৰ মতে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি জেফ বেজোছকো এই দিশত অতিক্ৰম কৰিছে আদানিয়ে৷ ফৰাচী বহুজাতিক কোম্পানী টোটেল এছ এ, নিউয়ৰ্কৰ ৱাৰবাৰ্গ পিনকাছৰ দৰে দামী ইকুইটি কোম্পানীৰ পৰাও বিনিযোগ আনিছে আদানি গোষ্ঠীয়ে৷ ব্যৱসায়ৰ কঠিন ক্ষেত্ৰ হিচাপে পৰিচিত খণ্ডসমূহতো নিজৰ ব্যৱসায় প্ৰতিনিয়ত বিস্তাৰ কৰি গৈছে তেওঁ৷ বন্দৰ, বিমান বন্দৰ, গেছ, কয়লাখনি, কৃষিৰ পাছত তেওঁ ডাটা চেণ্টাৰৰ ব্যৱসায়তো ভৰি থৈছে৷ চলিত বছৰত আদানি গেছ লিমিটেডৰ শ্বেয়াৰ বাঢ়িছে ৯৬ শতাংশ, আদানি এণ্টাৰপ্ৰাইজৰ বাঢ়িছে ৯০ শতাংশ৷ শ্বেয়াৰ বজাৰৰ এই অস্বাভাৱিক বৃদ্ধিয়ে আদানিক বিশ্বৰ দ্ৰুত সম্পত্তি অৰ্জন কৰোতাত পৰিণত কৰিছে৷