Logo
image

আনন্দৰ দুখ! ‘ডুপ্লিকেট’ প্ৰাৰ্থীৰে ভোটাৰক বিভ্ৰান্ত কৰিলে বিজেপিয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ জুনঃ শনিবাৰে অন্ত পৰিল লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট৷ অন্তম পৰ্যায়ৰ ভোটত অসমবাসীৰ এজন পৰিচিত ব্যক্তিয়ে বিহাৰৰ নিৰ্বাচনত শাসক দল বিজেপিৰ বিৰুদ্ধে প্ৰত্যাহ্বান হৈ থিয় দিয়া দেখা গ’ল৷ নিৰ্বাচনী প্ৰচাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টাৰ্গেট কৰি লোৱা এই প্ৰাৰ্থীজন হৈছে অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া তথা লখিমপুৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ৷ ৷ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰেই আৰক্ষীৰ চাকৰিৰ পৰা পদত্যাগ কৰিছিল আনন্দ মিশ্ৰই৷ অৱশ্যে বিজেপি টিকটত নিৰ্বাচন খেলাৰ সপোন দেখিছিল যদিও শেষ মুহূৰ্তত গেৰুৱা দলৰ পৰা টিকট লাভ নকৰাত বিহাৰৰ বাক্সাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিয়ে আনন্দ মিশ্ৰই৷ কিন্তু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলেও এইবাৰৰ নিৰ্বাচনত বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ পৰে আই পি এছ আনন্দ মিশ্ৰই৷ ফলত আনন্দ মিশ্ৰক পৰাস্ত কৰাৰ বাবে খোদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহাৰত গৈ আনন্দ মিশ্ৰৰ বিৰুদ্ধে প্ৰচাৰ চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷


যি বিজেপিয়ে টিকটৰ পৰা বঞ্চিত কৰিলে কাৰ্যতঃ সেই বিজেপিৰ বিৰুদ্ধে এইবাৰৰ নিৰ্বাচনত যেন ডিঙিৰ কাঁইট সদৃশ হৈ পৰিল আৰক্ষী বিষয়াজন৷ ভোটাৰৰ মাজত আনন্দ মিশ্ৰ ইমানেই জনপ্ৰিয় হৈ পৰিল যে বিজেপিয়ে মিশ্ৰক পৰাহত কৰাৰ বাবে কূট কৌশলত নামিবলৈকো কুণ্ঠাবোধ নকৰিলে৷ যাৰ অংশস্বৰূপে বিহাৰৰ বাক্সাৰ সমষ্টিৰ সাধাৰণ ভোটাৰক প্ৰলোভিত কৰাৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিনটোত আই পি এছ আনন্দ মিশ্ৰৰ বিপৰীতে থিয় কৰোৱালে আন এজন ‘বডী ডাবল’ আনন্দ মিশ্ৰ ৷ আই পি এছ আনন্দ মিশ্ৰৰ দৰেই দেখাই শুনাই, সাজ-পোছাক পৰিধান, চুলিৰ ষ্টাইল আৰু নামৰ সৈতে একেই ডুপ্লিকেট আন এজন আনন্দ মিশ্ৰক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বাক্সাৰ সমষ্টিৰ পৰা থিয় কৰোৱালে বিজেপিয়ে৷ বিহাৰৰ বাক্সাৰ সমষ্টিত পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ডুপ্লিকেটজনৰো নাম হৈছে আনন্দ মিশ্ৰ ৷ 

ডুপ্লিকেট প্ৰাৰ্থীজন দেখিবলৈকো সাইলাখ আইপিএছ আনন্দ মিশ্ৰ দৰে৷ কেৱল দেখাতে নহয়, আইপিএছ আনন্দ মিশ্ৰৰ হাঁহি হুবহু মিল আছে ডুপ্লিকেটৰ৷ আনকি আইপিএছ আনন্দ মিশ্ৰই ডিঙি হালধীয়া ৰঙৰ অংগবস্ত্ৰ লৈ থকাৰ দৰে এইজন ডুপ্লিকেট আনন্দ মিশ্ৰয়ো ডিঙিত গেৰুৱা ৰঙৰ অংগবস্ত্ৰ লৈ থকা দেখা যায়৷ ইমানেই নহয় ডুপ্লিকেট আনন্দ মিশ্ৰৰ চুলি কটাৰ ষ্টাইলো আই পি এছ আনন্দ মিশ্ৰৰ দৰে৷ ভোটাৰক বিভ্ৰান্ত কৰাৰ বাবেই সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰীয়ে ডুপ্লিকেট আনন্দ মিশ্ৰক প্ৰক্ষেপ কৰা বুলিও খোদ আই পি এছ মিশ্ৰই অভিযোগ কৰিছে৷ অনগ্ৰসৰ অঞ্চলৰ ভোটাৰে যাতে ইভিএম বুটাম টিপাৰ সময়ত বিভ্ৰান্ত হয়, তাৰো কূট কৌশল ৰচনা কৰা দেখা গ’ল বাক্সাৰ সমষ্টিৰ নিৰ্বাচনত৷ পূৰ্বেতে আই পি এছ আনন্দ মিশ্ৰৰ নাম আৰু চিহ্ন ইভিএম মেচিনৰ প্ৰথমত আছিল যদিও শেষ মুহূৰ্তত নিৰ্বাচন আয়োগে ডুপ্লিকেট আনন্দ মিশ্ৰৰ নাম আগলৈ আনি আইপিএছ আনন্দ মিশ্ৰৰ নাম পিছলৈ আনিছিল৷ খোদ আই পি এছ আনন্দ মিশ্ৰই এই বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ লগতে ডুপ্লিকেট আনন্দ মিশ্ৰই নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পূৰ্বে শপতনামা যোগে পূৰ্বৰ আনন্দ কুমাৰ মিশ্ৰৰ নাম আনন্দ মিশ্ৰলৈ পৰিৱৰ্তন কৰিছিল বুলিও অভিযোগ কৰিছে৷ কিন্তু বিজেপিৰ এই কৌশলপূৰ্ণ ৰাজনীতিৰ পাছতো শনিবাৰে ভোটগ্ৰহণ পৰ্ব অন্ত পৰাৰ পাছত বিজেপিয়ে ভোটাৰ বিভ্ৰান্ত কৰা ষড়যন্ত্ৰত দুখ প্ৰকাশ কৰি আই পি এছ আনন্দ মিশ্ৰই বাক্সাৰ সমষ্টিৰ পৰা বৃহৎ ভোটাৰ ব্যৱধানত জয়ী হ’ব বুলি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে৷ ডুপ্লিকেট আনন্দ মিশ্ৰই মুকলিকৈ বিজেপিক সমৰ্থন কৰা বুলি প্ৰচাৰ চলালেও বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰীৰ ষড়যন্ত্ৰ সফল নহ’ল বুলিও সংবাদ মাধ্যমক সদৰী কৰিছে আই পি এছ আনন্দ মিশ্ৰই৷