Logo
image

অবিশ্বাস্য হাৰত কমিছে সোণৰ দাম

আমাৰ অসম, ১৪ মাৰ্চঃ অস্বাভাৱিক হাৰত কমিছে সোণৰ দাম৷ যোৱা জানুৱাৰীত অভিলেখ সৃষ্টি কৰি দেশৰ বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছিল প্ৰতি ১০ গ্ৰামত ৫৬, ২০০ টকালৈ৷ তাৰ দুমাহৰ পাছত আজিৰ দিনটোত ভাৰতত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৪৪, ৬১০ টকালৈ হ্ৰাস পাইছে৷ অৰ্থাৎ প্ৰতি ১০ গ্ৰামত বিগত দুমাহত সোণৰ মূল্য প্ৰায় ১২,০০০ টকা হ্ৰাস পাইছে৷ বিয়াৰ বতৰত দেশৰ নাগৰিকৰ বাবে এয়া অতি সুখৰ খবৰ৷ হঠাতে এনেদৰে ভাৰতত হালধীয়া ধাতুবিধৰ মূল্য এনেদৰে কিয় হ্ৰাস পাইছে, সৰ্বসাধাৰণৰ মনত সেই প্ৰশ্ন উদয় হৈছে৷ ঘাইকৈ বিগত বাজেটত কেন্দ্ৰীয় চৰকাৰে সোণৰ ওপৰত থকা আবকাৰী শুল্ক হ্ৰাস কৰাৰ ফলতে দেশত সোণৰ মূল্য হ্ৰাস পাইছে৷ উল্লেখ্য, ২০২০ চনৰ প্ৰায় সমগ্ৰ বছৰটো ক’ভিড অতিমাৰীৰ বাবে বিশ্বৰ অধিকাংশ দেশত লকডাউন বলৱৎ কৰা হৈছিল৷ লকডাউনৰ সময়ছোৱাত আন সকলো ব্যৱসায়-বাণিজ্য ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সোণৰ বজাৰো ক্ষতিগ্ৰস্ত হৈছিল৷ সেই সময়ত বিশ্বজুৰি শ্বেয়াৰ বজাৰ সম্পূৰ্ণৰূপে দীঘলীয়াকৈ বন্ধ হৈ আছিল৷ ফলত শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীয়ে তেওঁলোকৰ ধন সোণত বিনিয়োগ কৰিছিল৷ সেয়ে সোণৰ চাহিদা অভাৱনীয় হাৰত বৃদ্ধি পাইছিল আৰু চাহিদাৰ তুলনাত যোগান কম হোৱাৰ বাবেই সোণৰ মূল্য অস্বাভাৱিকভাৱে বাঢ়িছিল৷ এতিয়া আন সকলো ব্যৱসায়-বাণিজ্য মুকলি হোৱাৰ দৰে সোণৰ বজাৰো মুকলি হৈছে৷ শ্বেয়াৰ মাৰ্কেটতো বিনিয়োগকাৰীয়ে পূৰ্ণহাৰত বিনিয়োগ কৰিছে৷ ফলত বিনিয়োগকাৰীৰ সোণৰ প্ৰতি আকৰ্ষণ কমিছে আৰু সেয়ে স্বাভাৱিকভাৱেই সোণৰ চাহিদা হ্ৰাস পাইছে আৰু লগে লগে তাৰ মূল্যও কমি আহিছে৷