Logo
image

মাস্ক নিপিন্ধিলে নমাই দিয়া হ’ব বিমানৰ পৰা

আমাৰ অসম, ১৪ মাৰ্চঃ দেশত ক’ভিডৰ সংক্ৰমণে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাত বিমান বন্দৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে৷ বিমান বন্দৰৰ লগতে বিমানতো যাত্ৰীৰ মাস্ক বাধ্যতামূলক কৰা হৈছে৷ কোনো যাত্ৰীয়ে নাকৰ তলতো যদি মাস্ক পৰিধান কৰে তেনেহ’লে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে অসামৰিক বিমান পৰিবহণৰ ডাইৰেক্টৰ জেনেৰেলে৷ লক্ষণীয়ভাৱে দেশত বিগত ২৪ ঘণ্টাত ২২,৮৮৪ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪০ জন ৰোগীৰ মৃত্যু হৈছে৷ চলিত বৰ্ষত শনিবাৰৰ দিনটোতে সৰ্বাধিক লোক ক’ভিডৰ চিকাৰ হৈছে৷ ইপিনে বিমানযাত্ৰীয়ে নতুন নতুন চহৰলৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি কৰাত উদ্বিগ্ন কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক৷ যাৰ বাবে অসামৰিক বিমান পৰিবহণ কতৃৰ্পক্ষই শনিবাৰে নতুন নিৰ্দেশনা জাৰি কৰি বিমান বন্দৰত যাত্ৰীয়ে সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰিছে৷ বিমান বন্দৰত যদিহে যাত্ৰীয়ে মাস্ক নাকৰ তলত পিন্ধে বা থুতৰিত পিন্ধে এই ক্ষেত্ৰত নিৰাপত্তাৰক্ষীয়ে তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰি দিছে৷ তদুপৰি বিমানত যাত্ৰাৰ সময়তো নাকৰ পৰা মাস্ক তললৈ নমালে এবাৰ সতৰ্ক কৰি দিয়াৰ পাছতো যদিহে নিৰ্দেশ পালন নকৰে, তেনে যাত্ৰীক বিমানৰ পৰা বাহিৰ কৰি দিয়া হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰিছে৷ ক’ভিড প্ৰট’কল উলংঘনকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ বিমান বন্দৰসমূহৰ সঞ্চালকক পূৰ্ণ কতৃৰ্ত্ব প্ৰদান কৰিছে৷ ইপিনে অসামৰিক বিমান পৰিবহণৰ ফালৰ পৰা যাত্ৰীৰ ক্ষেত্ৰত এই কঠোৰ নিৰ্দেশনা জাৰি কৰিলেও ছ’চিয়েল মিডিয়াত একাংশ যাত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে৷  যাত্ৰীসকলৰ অভিযোগ মতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ বিমান বন্দৰসমূহত পৰ্যাপ্ত ঠাইৰ অভাৱ৷ তদুপৰি বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীকে ধৰি আন আন কৰ্মচাৰীসকলে মাস্ক পৰিধান নকৰে বুলিও যাত্ৰীসকলে অভিযোগ কৰিছে৷