Logo
image

২০২৪ৰ পঞ্চায়ত নিৰ্বাচন বিৰোধী ঐক্যমঞ্চই একেলগে খেলাৰ আহ্বান অখিল গগৈৰ

'আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১১ জুনঃ অসমত এতিয়া বিজেপিৰ বিৰুদ্ধে এটা বাতাবৰণৰ সৃষ্টি হৈছে৷ অসমত সাম্প্ৰদায়িক বিজেপি, স্বৈৰাতান্ত্ৰিক বিজেপি, গুণ্ডাগিৰি কৰা বিজেপি, অসমৰ মানুহৰ বাক স্বাধীনতা হৰণ কৰি পেলোৱা বিজেপি, সামগ্ৰীৰ মূল্যবৃদ্ধিৰে অসমৰ জনতাৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰা বিজেপি, সেই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ মানুহে এইবাৰ ঐক্যবদ্ধ হোৱাৰ লক্ষণ দেখা গৈছে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনটোত বিজেপি বিৰোধী ঢৌৰ সৃষ্টি হৈছে৷ যদিও আমাৰ বিৰোধী পক্ষৰ ৰাজনৈতিক দলবোৰৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া আছিল, তেওঁলোকে সাংগঠনিক দিশবোৰ ভাঙি পেলাবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰপিছতো আমি দেখা পালোঁ ২০২৪ৰ নিৰ্বাচনত অসমৰ খিলঞ্জীয়া মানুহে অসমৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে৷  

বিশেষকৈ শিক্ষিত ভোটাৰসকল, নতুন প্ৰজন্মৰ ভোটাৰসকল, খিলঞ্জীয়া ভোটাৰসকল, অসমৰ যুৱক-যুৱতীসকল এইবাৰ সকলোৱে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে৷ অসমৰ চাকৰি কৰা মানুহ, কাম কৰি খোৱা মানুহে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে৷ জনতা হিমন্ত বিশ্বৰ দাদাগিৰিত অসন্তুষ্ট, দাদা বিগ্ৰেডৰ দম্ভ আৰু অহংকৰাত সম্পূৰ্ণৰূপে ক্ষুণ্ণ হৈছে৷ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ভালকৈ উশাহ ল’ব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে৷ মানুহৰ বাক স্বাধীনতা নাইকিয়া হৈছে৷ এনেকুৱা পৰিস্থিতিত অসমৰ ৰাইজে ২০২৬ চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব চৰকাৰখনক পৰাজিত কৰিবৰ কাৰণে মৌন ভাৱে সংকল্প লোৱাৰ প্ৰতিচ্ছবি ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে৷ 


মানুহৰ মাজত এই পৰিস্থিতিৰ সৃষ্টি হৈছে তেতিয়া, যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে৷ এককভাৱে কোনো এটা বিৰোধীৰ প্ৰতি মানুহৰ আস্থা প্ৰকাশ হোৱা নাই৷ আস্থা প্ৰকাশ কৰিছে সমূহীয়াভাৱে৷ ঐক্যবদ্ধ হোৱাৰ বাবে আস্থা প্ৰকাশ পোৱা দেখা গৈছে৷ এই যে বিৰোধী পক্ষৰ প্ৰতি আস্থা ক্ৰমান্বয়ে অসমৰ ভোটাৰসকলে প্ৰদৰ্শন কৰিছে সেই আস্থাত যাতে কোনোধৰণৰ আঘাত নালাগে৷ তাৰ কাৰণে মই বিৰোধী ঐক্যমঞ্চৰ ১৬ টা ৰাজনৈতিক দলকে ২০২৪ চনৰ পঞ্চায়ত নিৰ্বাচনতো ঐক্যবদ্ধ হৈ একেলগে নিৰ্বাচন খেলিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছো৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ 

মঙলবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বিধায়কজনে এই মন্তব্য প্ৰকাশ কৰে৷ ৰাইজৰ দলৰ লখিমপুৰৰ ভাৰপ্ৰাপ্ত সভাপতি ছাজাদ হাজৰিকা, জাতীয় যুৱ বাহিনীৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিৰ্মল পায়েং, ৰাইজৰ দলৰ মুখপাত্ৰ হৰিকান্ত দাস আদি উপস্থিত থকা সংবাদমেলখনত এন এইচ পি চি সন্দৰ্ভত অখিল গগৈয়ে কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবেই সোৱণশিৰি নদীত থকা ১৫৬ বিধ থলুৱা প্ৰজাতিৰ মাছৰ বিলুপ্তি ঘটিবলৈ গৈ আছে৷ যাৰ বাবে এন এইচ পি চিয়ে এতিয়া নদীখনত ৬ হাজাৰকৈ বিদেশী মাছৰ পোনা এৰিবলৈ বাধ্য হৈছে৷ বান্ধ নিৰ্মাণৰ সময়ছোৱাৰ পৰা এইপৰ্যন্ত প্ৰকল্পটোত ১৫জনকৈ শ্ৰমিকে প্ৰাণ আহুতি দিলে যদিও তেওঁলোকৰ পৰিয়ালবৰ্গই এতিয়াও উপযুক্ত ক্ষতিপূৰণ লাভ নকৰিলে বুলি অখিল গগৈয়ে ক্ষোভ ব্যক্ত কৰে৷ তেওঁৰ স্পষ্ট মত, গেৰুকামুখৰ দৰে থুনুকা পাহাৰত কেতিয়াও বৃহৎ নদীবান্ধ সম্ভৱ নহয় আৰু এই কথা তেওঁলোকে প্ৰথমেৰে পৰা সজোৰে চিঞৰি আহিছে৷ এনে বৃহৎ নদীবন্ধ ভাঙি দিয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই বুলি অখিল গগৈয়ে সংবাদমেলত মন্তব্য কৰে৷