Logo
image

আমেৰিকাত ক্ৰিকেটে জনপ্ৰিয়তা লাভ কৰিবনে

ক্ৰিকেটক বিশ্বৰ অধিক দেশত জনপ্ৰিয় কৰি তোলাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ অন্যতম হৈছে আমেৰিকাত টুৱেণ্টী২০ বিশ্বকাপৰ খেল অনুষ্ঠিত কৰা৷ এই টুৰ্নামেণ্টখনতে আমেৰিকাই প্ৰাক্তন চেম্পিয়ন পাকিস্তানক পৰাস্ত কৰি এটা ডাঙৰ অঘটন ঘটাইছিল৷ খেলখনৰ এই ফলাফলে আমেৰিকাত যথেষ্ট চৰ্চা লাভ কৰিছে৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৱে  আমেৰিকাত বিশ্বকাপৰ খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে যদিও এইক্ষেত্ৰত এটা প্ৰশ্নৰ অৱকাশ থাকি যায়৷ সেয়া হৈছে আমেৰিকানসকলে ক্ৰিকেটক আদৰি ল’বনে? দেশখনৰ সবাতোকৈ জনপ্ৰিয় খেল হৈছে বেছবল৷ শেহতীয়াভাৱে আমেৰিকাত ক্ৰিকেটৰ চৰ্চা হ’বলৈ ধৰাত একাংশৰ এই খেলবিধৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱা দেখা গৈছে৷ কিন্তু অধিকাংশ আমেৰিকানৰ ধাৰণা যে ক্ৰিকেট হৈছে বেছবলৰ আধুনিক সংস্কৰণ৷ এটা কথা অনস্বীকাৰ্য যে আমেৰিকাত শেহতীয়াকৈ ক্ৰিকেটৰ জনপ্ৰিয়তা কিছু বৃদ্ধি পাইছে৷ কিন্তু দেশখনত যিসকল ক্ৰিকেটৰ সৈতে জড়িত হৈ আছে, তেওঁলোক কিন্তু দেশখনত বাস কৰা দক্ষিণ এছীয় মূলৰ লোকহে৷ আনকি আমেৰিকা ক্ৰিকেট ব’ৰ্ডৰ সচিবজনো হৈছে ভাৰতীয় মূলৰ৷  টুৱেণ্টী২০ বিশ্বকাপত ভাগ লোৱা আমেৰিকা দলটোলৈ লক্ষ্য কৰিলে দেখা যাব যে  এৰ’ন জোনছ আৰু ষ্টিফেন টেইলৰৰ বাহিৰে আনসকল হৈছে আন দেশৰ পৰা অহা৷ এয়া যে কেৱল আমেৰিকান দলটোৰ ক্ষেত্ৰতে দেখা যায়, তেনে নহয়৷ চুবুৰীয়া দেশ কানাডা ক্ৰিকেট দলটোৰো অধিকাংশ সদস্য হৈছে এছীয় মূলৰ৷

আমেৰিকাত থকা এছীয় মূলৰ লোকসকলে দেশখনত ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে দীৰ্ঘ সময়ৰ পৰা চেষ্টা চলাই আছে৷ ২০১৫ চনত দেশখনত আয়োজন কৰা হৈছিল ক্ৰিকেট ‘অলষ্টাৰ ছিৰিজ’, য’ত  প্ৰতিদ্বন্দ্বী দল দুটাৰ নেতৃত্বত আছিল শচীন তেণ্ডুলকাৰ আৰু শ্বেন ৱাৰ্ন৷ নিউয়ৰ্ক, হিউষ্টন আৰু লছ এঞ্জেলছ এই তিনিখন স্থানত খেলোৱা হৈছিল এই খেলবোৰ৷ গোটেই শৃংখলাটোত দেখা গৈছিল ক্ৰিকেট অনুৰাগীৰ .যথেষ্ট উৎসাহ-উদ্দীপনা৷ কিন্তু দেশখনত ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰধান সমস্যাটো হৈছে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱ৷ দেশখনত ক্ৰিকেটৰ বাবে নাই পযাৰ্প্ত ষ্টেডিয়াম৷ তথাপি অৱশ্যে আমেৰিকা ক্ৰিকেট ব’ৰ্ড যথেষ্ট আশাবাদী৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] যোৱা বছৰৰ পৰা আৰম্ভ কৰা মেজৰ লীগ ক্ৰিকেটৰ [এম এল চি] জনপ্ৰিয়তাই উৎসাহিত কৰিছে আমেৰিকা ক্ৰিকেট সন্থাক৷ মেজৰ লীগ ক্ৰিকেটত দেখা গৈছিল বিশ্বৰ কেইবাজনো আগশাৰীৰ ক্ৰিকেট তাৰকাক৷ লীগৰ প্ৰতি ক্ৰিকেটপ্ৰেমীৰ যি উৎসাহ দেখা গৈছিল তালৈ চাই আমেৰিকাৰ ক্ৰিকেটত ধন বিনিয়োগ কৰিবলৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ আগবাঢ়ি আহিব বুলি আশাবাদী দেশখনৰ ক্ৰিকেট ব’ৰ্ড৷ আমেৰিকাত ক্ৰিকেটৰ উত্তৰণৰ ক্ষেত্ৰত দেশখনৰ ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [বি চি চি আই] সহায় বিচাৰিছে৷ বি চি চি আই হৈছে বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী ক্ৰিকেট ব’ৰ্ড৷ ইতিমধ্যে কেইবাখনো দেশত ক্ৰিকেটৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে বি চি চি আয়ে৷ আমেৰিকা ক্ৰিকেট ব’ৰ্ডে বিচাৰে ভাৰতৰ ছিনিয়ৰ [পুৰুষ আৰু মহিলা] ক্ৰিকেট দলৰ লগতে জুনিয়ৰ দলৰ সৈতে আমেৰিকাত দ্বিপাক্ষিক শৃংখলা আয়োজন কৰা৷ যদি এয়া সম্ভৱ হয়, তেন্তে উক্ত শৃংখলাত দৰ্শকৰো সমাগম হ’ব৷ এনেদৰে যদি নিয়মিতভাৱে ক্ৰিকেট শৃংখলা আয়োজন কৰা হয়, তেন্তে দেশখনত ক্ৰিকেটৰ উন্নত আন্তঃগাঁথনিও নিৰ্মাণ হ’ব৷ উল্লেখ্য, লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া ২০২৮ চনৰ অলিম্পিকত মেডেল ইভেণ্ট  হিচাপে অন্তৰ্ভুক্ত হ’ব পাৰে ক্ৰিকেট৷ অলিম্পিকত যদি ক্ৰিকেটো অনুষ্ঠিত হয়, তেন্তে এই খেলবিধৰ প্ৰতি আমেৰিকানসকলৰ আগ্ৰহ বৃদ্ধি পাব বুলি বিশ্বাস দেশখনৰ ক্ৰিকেট ব’ৰ্ডৰ৷ কিন্তু আমেৰিকানসকলৰ ক্ৰিকেট মানে সময়ৰ অপচয় বুলি থকা ধাৰণা সলনি হ’বনে?