Logo
image

১৭৬ সমষ্টিত বাঢ়িল ভোট, কমিল ৩৬২টাত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ জুন : সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ভোটগণনাত ই ভি এমত ভোটৰ বিসংগতিয়ে এতিয়া সন্দেহৰ সৃষ্টি কৰিছে৷ নিৰ্বাচনত মুঠ ভোটদানৰ বিপৰীতে ইভিএমত ভোটৰ গণনাত সংখ্যাগত বৃহৎ পাৰ্থক্য পোহৰলৈ অহাত নিৰ্বাচন আয়োগৰ স্বচ্ছতাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ স্বাভাৱিকতেই ই ভি এমক লৈ ৰাইজৰ মনত থকা সন্দেহ দুগুণলৈ বৃদ্ধি পাইছে৷ শুনিলে আচৰিত যেন লাগিলেও অসমৰ ১৪ টা লোকসভা সমষ্টিতে ভোট গণনাত ই ভি এমত ভোটৰ সংখ্যাগত অমিল দেখা পোৱা হৈছে৷ বুধবাৰে ‘আমাৰ অসম’ কাকতত ৰাজ্যৰ ১৪ লোকসভা সমষ্টিত ই ভি এমত মুঠ ভোটদানৰ বিপৰীতে ভোটগণনাত ই ভি এমত ভোটৰ পাৰ্থক্যৰ সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছে৷ ‘আমাৰ অসম’ৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰা কৰিমগঞ্জ লোকসভা সমষ্টিত ই ভি এমত ৩,৮১১ টা ভোট বেছিকৈ ওলাইছে৷ একেদৰে নগাঁও সমষ্টিতো মুঠ ভোটদানতকৈ ই ভি এমত বেছিকৈ ওলাল ৪৫ টা ভোট৷ অৱশ্যে এই দুটা সমষ্টিৰ বিপৰীতে ৰাজ্যৰ বাকী ১২ টা সমষ্টিত ই ভি এমৰ পৰা অদৃশ্য হৈ পৰিল ভোট৷ অৰ্থাৎ সমষ্টিকেইটাত ই ভি এমত ভোট প্ৰদান কৰা সংখ্যাৰ বিপৰীতে ভোট গণনাত ই ভি এমত কমকৈহে ভোট ওলাল৷ সেই অনুসৰি কোকৰাঝাৰ সমষ্টিত হ্ৰাস পালে ১০,৭৬০ টা ভোট৷ আনহাতে, দৰং-ওদালগুৰি সমষ্টিত ৭,৫৭০ টা ভোট, গুৱাহাটী সমষ্টিত ১,৯৬৫ টা ভোট, কাজিৰঙা সমষ্টিত ৩,২৪১টা ভোট, শোণিতপুৰ সমষ্টিত ৮৮৫টা ভোট, লখিমপুৰ সমষ্টিত ১৭৬৯টা ভোট, ডিব্ৰুগড় সমষ্টিত ১৭টা ভোট, যোৰহাট সমষ্টিত ২৭৪৬টা ভোট, ডিফু সমষ্টিত ৪,১৫৩টা ভোট, শিলচৰ সমষ্টিত চাৰিটা ভোট, ধুবুৰী সমষ্টিত ৪,৩৫৮টা ভোট হ্ৰাস পালে৷ ‘আমাৰ অসম’ৰ এই বাতৰিৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেৱল অসমৰ ১৪টা লোকসভা সমষ্টিয়েই নহয়, দেশৰ মুঠ ৫৩৮টা সমষ্টিত ভোট গণনাত ই ভি এমৰ বিসংগতিৰ তথ্য পোহৰলৈ আহিছে৷ ৰাষ্ট্ৰীয় সংবাদ পত্ৰৰ বাতৰি অনুসৰি দেশৰ ১৭৬টা সমষ্টিত মুঠ ভোটদানতকৈ ভোট গণনাত ই ভি এমত অতিৰিক্ত ভোট লাভ কৰা হৈছে৷ ১৭৬টা লোকসভা সমষ্টিত ভোটদানতকৈ ই ভি এমত ৩৫,০৯৩টা ভোট বেছিকৈ ওলাইছে৷ বিপৰীতে দেশৰ ৩৬২টা লোকসভা সমষ্টিত মুঠ ভোটদানতকৈ ভোট গণনাত ই ভি এমত কমকৈহে ওলালে ভোট৷ এই ৩৬২টা সমষ্টিত নিৰ্বাচন আয়োগে যিমানসংখ্যক ভোটাৰে ই ভি এমত ভোট দান কৰা বুলি প্ৰকাশ কৰিছিল, তাৰ বিপৰীতে ভোট গণনাৰ দিনা ই ভি এমত ৫ লাখ ৫৪ হাজাৰ ৫৯৮ টা ভোট কমকৈ ওলাল৷ ই ভি এমত এই বৃহৎ সংখ্যক ভোট অদৃশ্য হৈ গ’ল নে, নে গণনা নোহোৱাকৈ বাদ পৰি ৰ’ল সেয়া এই মুহূৰ্তত ৰহস্য হৈ আছে৷ ই ভি এম বিসংগতিৰ এই ভয়ংকৰ তথ্য ৰাজহুৱা হোৱাৰ পাছতো বৰ্তমানলৈ নিৰ্বাচন আয়োগে মুখ নোখোলাক লৈ সন্দেহ দুগুণলৈ বৃদ্ধি পাইছে৷ তথ্য অনুসৰি তামিলনাডুৰ তিৰুভাল্লা সমষ্টিত ই ভি এমত ১৬,৭৯১ টা ভোট কমকৈ ওলাইছে৷ ওড়িশাৰ ধানকানাল সমষ্টিত ৯৪২৭ টা ভোট, কেৰালাৰ আলপ্পুজা সমষ্টিত ৭,৯২৮ টা ভোট আৰু অন্ধ্ৰপ্ৰদেশৰ গুনটাৰ সমষ্টিত ৭৯২৮ টা ভোট কমকৈ ওলালে৷ ইয়াৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশৰ অনগোলে সমষ্টিত ১,৪৬৭টা ওড়িশাৰ বালাশ্বৰ সমষ্টিত ১,১৭৩টা, মধ্য প্ৰদেশৰ মান্দালা সমষ্টিত ১০৮৯টা আৰু বিহাৰৰ বাক্সাৰ সমষ্টিত ১০১০টা ভোট ইভিএমত গণনাত বেছিকৈ ওলালে৷

কৰিমগঞ্জত পুনৰ ভোটগ্ৰহণ কৰক : ‘কা’বিৰোধী সমন্বয় সমিতি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : সদ্যসমাপ্ত দেশৰ ১৮সংখ্যক লোকসভাৰ নিৰ্বাচনত অসমৰ কৰিমগঞ্জ লোকসভা সমষ্টিত ভোট গণনাত বিৰাট খেলিমেলি হোৱাৰ খবৰ স্বাভাৱিকতে উদ্বেগজনক৷ কৰিমগঞ্জ লোকসভা সমষ্টিতো সংখ্যালঘু অধ্যুষিত আৰু সমষ্টিটোত কংগ্ৰেছৰ জয় অৱধাৰিত বুলি সকলোৱে একমুখে মানি লৈছিল৷ আনকি অসমৰ মুখ্যমন্ত্ৰীয়েও বিজেপি দলৰ সম্ভাৱ্য বিজয়ৰ তালিকাত থকা সমষ্টিবোৰৰ পৰা কৰিমগঞ্জ আঁতৰাই ৰাখিছিল৷ তেনেস্থলত সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে জয় লাভ কৰা ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে৷ এই অভিযোগ ‘কা’বিৰোধী সমন্বয় সমিতিৰ৷ এটা বিবৃতিত সমিতিৰ সভাপতি ড॰ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে কয়– সমষ্টিটোত ভোটগ্ৰহণ আৰু ভোটগণনাত থকা বিজুতিৰ কথা নিৰ্বাচন আয়োগৰ প্ৰকাশিত তথ্যতে ওলাই পৰিছে৷ ভোটগ্ৰহণ সমাপ্তিৰ পাছত সেইদিনা জিলা নিৰ্বাচনী বিষয়াই সমষ্টিটোত ১১ লাখ ৩৬ হাজাৰ ৫৩৮জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে বুলি নিজৰ ৱেবছাইটত প্ৰকাশ কৰে৷ কিন্তু, নিৰ্বাচন আয়োগে এই সংখ্যা ১১ লাখ ৪০ হেজাৰ ৩৪৯জন বুলি ৱেবছাইটত প্ৰকাশ কৰে৷ অৰ্থাৎ জিলা নিৰ্বাচনী বিষয়া আৰু আয়োগৰ ভোটদাতাৰ সংখ্যাৰ ব্যৱধান ৩ হেজাৰ ৮১১ জন৷ নিৰ্বাচন আয়োগৰ অধীনস্থ দুই কতৃৰ্পক্ষৰ মাজত এনেধৰণৰ ব্যৱধান থকাটো উদ্বেগজনক আৰু অন্যান্য সমষ্টিতো ভোটগ্ৰহণ আৰু ভোট গণনাত আঁসোৱাহ ঘটিছে বুলি আমাৰ সন্দেহ হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা উত্তৰপ্ৰদেশৰ বাৰানসী সমষ্টিত ভোটগণনাত আঁসোৱাহ হৈছে বুলি ইতিমধ্যে খবৰ ওলাইছে৷ তদুপৰি কৰিমগঞ্জ সমষ্টিৰ ভোটাৰ আপেক্ষিক ভাৱে কিছু অশিক্ষিত আৰু পাছপৰা, বিশেষকৈ ভিতৰুৱা গাওঁ সমূহৰ ভোটাৰ সকল৷ গতিকে আমি কৰিমগঞ্জ সমষ্টিত ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰৰ যোগে পুনৰ ভোট গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ৷ আশাকৰো নিৰ্বাচন আয়োগে নিজকে সন্দেহৰ আবৰ্তৰ পৰা তুলি ধৰিবলৈ এই সময়োচিত পদক্ষেপ গ্ৰহণ কৰিব৷