Logo
image

সাংসদ সমীপেষু

নৱনিৰ্বাচিত সাংসদসকলে ভোটাৰক ধন্যবাদ জনাইছে৷ ৰাইজৰ মৰম-ভালপোৱা-আশীৰ্বাদ পাই তেওঁলোক হেনো অভিভূত হৈছে৷ কোনোৱে টিভি সাংবাদিকৰ কেমেৰাত চকু থৈ আৰু কোনোৱে বাতৰিকাকতত বিজ্ঞাপন দি ৰাইজক কৃতজ্ঞতা জনাইছে৷ পিছে, কেৱল ধন্যবাদ, কৃতজ্ঞতাই শেষ কথা হ’ব নালাগে৷ সাংসদসকলে নিজৰ নিজৰ সমষ্টিৰ উন্নয়নৰ বিস্তৃত পৰিকল্পনা-প্ৰকল্প প্ৰস্তুত কৰক আৰু পাঁচ বছৰীয়া কাৰ্যকালত অকণো সময় অপচয় নকৰি অন্ততঃ কেইটামান স্থায়ী কাম কৰি যাওক৷ সুদীৰ্ঘ সময় ৰাজনীতিত থকা নতুন সাংসদ ফণীভূষণ চৌধুৰী হেনো নিজৰ সমষ্টিৰ মানুহৰ মাজত বেছ প্ৰিয়, কাৰণ, তেওঁ হেনো সাধাৰণ মানুহৰ লগত ঘূৰি-ফুৰি থাকে, একেলগে বহি চাহ-ভাত খায়৷ কিন্তু, সেয়া যথেষ্ট নহয়৷ এতিয়া এই সাধাৰণ মানুহবোৰৰ বাবে তেওঁ কাম কৰি দেখুৱাওক৷ নিজৰ সমষ্টিৰ সৰু সৰু মানুহবোৰে পৰম্পৰাগত ঐতিহ্য বহন কৰি জীৱিকা নিৰ্বাহৰ বাবে চলাই থকা শিল্প-ব্যৱসায়সমূহক উজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰৰ ওচৰত প্ৰকল্প-প্ৰতিবেদন দাখিল কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক৷ কাঁহ-শিল্প, য’ত সমগ্ৰ সৰ্থেবাৰীৰ বিকাশৰ চাবি-কাঠী লুকাই আছে, তাৰ প্ৰতি আজিকোপতি কোনো চৰকাৰ, নেতাৰ সুদৃষ্টি নপৰিল৷ সমস্যাৰে জৰ্জৰিত হৈ কোনোমতে দিন পাৰ কৰা কঁহাৰসকলৰ বিকাশৰ বাবে কিবা এটা কৰক৷ সৰভোগ, আমৃখোৱা, বাঘমাৰা অঞ্চলৰ গাখীৰ, দৈ ব্যৱসায়ৰ সৈতে জড়িত মানুহখিনিক এখন ভাল বজাৰ দিয়াৰ ব্যৱস্থা কৰক৷ বানত জুৰুলা হোৱাৰ পাছতো সেই মানুহখিনিয়ে গৰু-ম’হ পুহিবলৈ এৰা নাই৷ ব্যৱসায় ভাল নহয় বাবেই নতুন প্ৰজন্মই সেইবোৰত হাত দিব নোখোজে৷ আজিলৈকে কোনো নেতা, কোনো ৰাজনৈতিক দল নোলাল যিয়ে অঞ্চলটোৰ বাবে এটা ডেইৰী উদ্যোগ পতাৰ প্ৰয়াস কৰি দেখুৱাব৷ অথচ, যিয়ে এবাৰ সৰভোগৰ দৈ-ক্ৰীম-মিঠাই অথবা বৰপেটাৰ ‘ছানা-খুৰ্‌মা’ মুখত দিছে, সি সহজতে তাক পাহৰি নাযায়৷ অন্য এখন ‘সীতাজখলা’, অন্য এক ‘পূৰৱী’ ডেইৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা তাতেই জহি-পমি গৈ আছে৷ সাধাৰণ মানুহৰ বন্ধু বুলি পৰিচিত নতুন সাংসদজনে সাধাৰণ মানুহবোৰৰ ভালৰ বাবে কিবা এটা কৰি ভোটাৰৰ মৰমৰ ঋণ পৰিশোধ কৰক৷ দুবাৰকৈ সাংসদ নিৰ্বাচিত হোৱা দিলীপ শইকীয়াই সমষ্টিটোৰ লগতে অসমৰ ৰাইজৰ কথাও গুৰুত্বসহকাৰে ভাবক৷ খাৰুপেটীয়াৰ পাচলিৰে অসমৰ বজাৰ ভৰি থাকে৷ মানুহে কয়– সেই অঞ্চলৰ পাচলি খেতিৰ ওচৰে-পাঁজৰেৰে গ’লেই ৰাসায়নিক সাৰৰ দুৰ্গন্ধই মানুহৰ পেট-মূৰ খামুচি ধৰে৷ সাংসদজনে এইটো এটা নৈতিক দায়িত্ব বুলি ধৰি লওক আৰু কিদৰে অত্যধিক সাৰযুক্ত পাচলিয়ে মানুহক ‘শ¡’ পয়জনিং’ কৰি ৰুগ্ন কৰি তুলিছে, তাকে খেতিয়কসকলক বুজাওক আৰু বিকল্পৰ সন্ধান উলিয়াই দিয়ক৷ সমষ্টিৰ বিধায়কসকলৰ পৰা খবৰ লওক৷ এসময়ৰ বাণিজ্য-ব্যৱসায়ৰ কেন্দ্ৰস্থল টংলা, কলাইগাঁও, খৈৰাবাৰী, ওদালগুৰিৰ পৰা কিমান ল’ৰা ছিকিউৰিটী গাৰ্ড, চকীদাৰৰ চাকৰিৰ বাব ঘৰ এৰি দাক্ষিণাত্যলৈ গৈছে কেইটামান টকাৰ বিনিময়ত৷ চৰকাৰৰ হিতাধিকাৰী হৈ ঘৰতে বহি-শুই নাখাই সেই ধনৰাশিৰে সৰু-সুৰা ব্যৱসায় কৰিবলৈ গাঁৱৰ মানুহক অনুপ্ৰাণিত কৰাৰ ব্যৱস্থা কৰক৷ পূৰ্বৰ সাংসদসকলৰ দৰে কেৱল নিজৰ ক্ষমতা আৰু প্ৰতিপত্তি বঢ়োৱাতেই মগ্ন নাথাকি বৰাক উপত্যকাটোৰ মানুহৰ জীৱনৰ মান উন্নত কৰাৰ বাবে পৰিকল্পনা কৰক মাল্লা, শুক্লবৈদ্য দুই সাংসদে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক জীৱন বৈচিত্ৰ্যময়৷ তেওঁৰ নিচিনা সাংসদ থাকোঁতে প্ৰধানতঃ ডিব্ৰুগড় চহৰ আৰু আশে-পাশে থকা ডুমডুমাকে আদি কৰি ঠাইবোৰৰ বাট-পথেই যদি উন্নত নহ’ল বা নহয়, তেন্তে কাৰ দিনত হ’বঞ্জ কাৰ দিনত আধুনিক পৰিকাঠামোৰে, আধুনিক সা-সৰঞ্জাম, উপযুক্ত মানৱ সম্পদেৰে পৰিপূৰ্ণ হ’ব ঐতিহ্যপূৰ্ণ অথচ ক্ষয়িষ্ণু অসম মেডিকেল কলেজ হাস্পতাল! ৰেকৰ্ড বহুতো হ’ল, আৰু নালাগে৷ ৰাজ্যখনৰ মানুহৰ মৌলিক সমস্যাবোৰ দূৰ কৰাত গুৰুত্ব দিয়ক৷ দলে টিকট দি সাংসদৰ মুকুট পিন্ধাৰ আপুৰুগীয়া সুযোগ দিছে বুলিয়েই অহোৰাত্ৰি দল আৰু দলপতিৰ গুণানুকীৰ্তনতেই শিৰনত কৰি নাৰাখে যেন৷ কাৰণ, নতশিৰে থাকিলে দুচকুৰে চৌপাশে আপোনালোকৰ মুখলৈ আশাৰে বাট চাই থকা মানুহবোৰৰ চকুৰ ভাষা আপোনালোকৰ দৃষ্টিগোচৰ নহ’ব, যাৰ ভোটে আপোনালোকৰ সোণসেৰীয়া যাত্ৰা সুগম কৰি তুলিলে৷ যাৰ যহত শাখা-সেন্দূৰ, তাকেই ভোকোহা এন্দুৰ বোলাত নেতাসকল অভ্যস্ত, সেই অভ্যাস যেন আপোনালোকৰ নহওক৷ ‘থিংক গ্ল’বেল, এক্ট লোকেল’ বুলি কথা এষাৰ আছেজ্ব আপোনালোকে এই কথাষাৰ হূদয়ংগম কৰক আৰু নিজৰ নিজৰ এলেকাত থকা সম্ভাৱনাবোৰ উলিয়াই আনক, কেন্দ্ৰৰ ওচৰত নিজৰ আৰ্জি দাখিল কৰক৷ প্ৰতিজন সাংসদে বিজয়ৰ পাছত যি দুয়ো হাত যোৰ কৰি ৰাইজলৈ সেৱাৰ ভংগী প্ৰদৰ্শন কৰিলে, সেই হাত এতিয়া চপাই লওক আৰু আপোনালোকৰ বিজয়ৰ আঁৰত থকা মানুহখিনিৰ কল্যাণৰ অৰ্থে সেই দুহাত অৰ্পণ কৰক৷