Logo
image

ৰাস্তা ভাল নোহোৱালৈকে বন্ধ ৰাখক ৰহাৰ টোলগেট

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ জুন : ‘৮পিএম’ নহয়, এইবাৰ ‘৪১ৰিএম’ত বিজেপি বিধায়ক মৃণাল শইকীয়াই আপলোড কৰিলে ব্যতিক্ৰমী টুইট৷ নিজ দলৰে চৰকাৰৰ কেতবোৰ কাম-কাজক লৈ প্ৰায়ে সৰৱ হৈ থকা বিধায়ক মৃণাল শইকীয়াই এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ ক্ষুব্ধ হৈ পৰিছে৷ খুমটাই সমষ্টিৰ শাসক দলৰ বিধায়কজনে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰ মন্ত্ৰী নীতিন গাডকাৰীলৈ টুইট কৰি ৰহা টোল গেট বন্ধ কৰি দিবলৈ আহ্বান জনাইছে৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ বাবে ৰহা টোল গেটখন ৰাস্তা ভাল নোহোৱা পৰ্যন্ত বন্ধ কৰি ৰাখিবলৈ কেন্দ্ৰীয় মন্ত্ৰীজনক আহ্বান জনাইছে বিধায়কজনে উজনি-নামনিৰ প্ৰসংগক লৈ শেহতীয়াকৈ বিতৰ্কৰ আৱতত সোমাই পৰিছে বিজেপি বিধায়ক মৃণাল শইকীয়াই বৃহস্পতিবাৰে বিয়লি ৪.৩৭ বজাত নিজৰ টুইটাৰ একাউণ্টত এটা ভিডিঅ’ আপলোড কৰে৷ ৩৬ ছেকেণ্ডৰ ভিডিঅ’ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ দৃশ্য দেখা গৈছে৷ খলা-বমা পথৰ মাজত গাঁত আৰু বোকা-পানীৰ অবৰ্ণনীয় ৰূপটো দাঙি ধৰি বিধায়কজনে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোল ৰোডৰ দৃশ্য বুলি উল্লেখ কৰি ঘাইপথটো টোল আদায়ৰ বাবে গ্ৰহণযোগ্য হৈ নুঠা পৰ্যন্ত ৰহা টোলগেট খন বন্ধ ৰাখিবলৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰ মন্ত্ৰী নীতিন গাড়কাৰীক টেগ কৰি আহ৩ান জনাইছে৷ স্বাভাৱিকতেই বিজেপি বিধায়কজনৰ এই স্পষ্ট স্থিতিৰ পাছত দলৰ ভিতৰচ’ৰাতো  ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে একাংশ ব্যক্তিয়ে বিজেপি বিধায়কজনৰ এই সাহসী সত্তাক সাধুবাদ দিয়াও দেখা গৈছে৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে কেৱল সৰ্ব সাধাৰণ ৰাইজেই যে দুৰ্ভোগ ভুগিছে তেনে নহয়, বিলাসী বাহনত অহা-যোৱা কৰা জনপ্ৰতিনিধিসকলেও জলা-কলা খাবলগীয়া হৈছে৷ শাসকীয় বিধায়কসকলে দুৰ্ভোগ ভুগিলে মনে মনে থাকে যদিও অৱশেষত যেন অতিষ্ঠ হৈ মুখ খুলিবলৈ  বাধ্য হ’ল বিজেপি বিধায়ক মৃণাল শইকীয়াই৷